Back to journal
Mridu

অনুভৱ

অনুভৱ

বৰ মনত পৰিছে
ব্যস্ত নেকি?
তোলৈ ফোন কৰিম বুলিও
ৰৈ গৈছিলো
জানোচা তই দেখিও
ফোনটো নুঠাৱ
জাননে
পুৰণা কথাবোৰ
বৰ মনত পৰিছে৷
এলবামটো খুলি চাইছিলোঁ
ধৰিব পৰা নাই
ফটোবোৰ বেয়া হৈছে
নে চকুযোৰ
চিঠিবোৰৰ চিঞাহীৰ ৰঙটোতসেই নীলা নাই
কিন্তু স্মৃতিবোৰ একেই
ৰঙীন হৈয়ে আছে
শুনচোন
জীৱনত ইমান ব্যস্ত নহবি
যে নিজৰ বাবেও সময় নাই৷
কেতিয়াবা ভাবো !
হঠাতে যদি তোৰ
মোলৈ মনত পৰি ফোনটোত
মোৰ নামটো বিচাৰ
মই বা ফোনটো ৰিছিভ কৰিবলৈ থাকো নে নাই৷

ড° প্ৰীতি ৰেখা বৰা

৫/৫/২৪

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.