Back to journal
Mridu

এটি ক্ষণৰ অন্তত

এটি ক্ষণৰ অন্তত

বতাহ জাকৰ উচুপনিত
মন সঞ্চাৰিত হৈ জিকাৰ
খাই উঠিছে
ভয়ত বিতত মোৰ
আত্মাৰূপী শৰীৰ
উদীপ্ত সূৰ্য্যটোৱেও যেন আজি
ডাৱৰৰ আঁৰত মূখ ঢাকিছে
সূৰ্য্যদয়ৰ সেই হেঙুলী কিৰণ
লজ্জাত আজি ধূসৰিত ।

বিশ্ৱব্ৰহ্মান্ডৰ সৌন্দৰ্য্যৰে শুভাসিত বাবেই চাগৈ
সেই নৰপিশাচৰ অতহাস্যৰ কিৰিলিত
লঠঙা হ’ ল সেই নিস্পাপ প্ৰাণটি
কেচাঁ শোনিতেৰে
ৰাঙলি কৰা
নৰপিশাচৰ দাৱানল নিঃশেষ কৰাৰ সময় এটিয়া
সকলো সাজোঁ হৈ উত্তাল তৰংগৰ সৃষ্টি কৰি
কামুকতাৰ পৰা ৰক্ষা কৰা
মাতৃ – ভগ্নী – পত্নীক
তোমালোকৰ বহ্নিশিখাত জাঁহ যাব
কামুক মানৱৰ হিংস্ৰতা ।

তাইৰ ঘৰত এইবাৰ বসন্ত নাহে
আহিব দুচকুত বৰষুণৰ উতপ্ত টুপাল
চৰাই কাকলিয়ে ডোলা দি অন্তৰত
বিগত বহাগৰ চিত্ৰ আঁকিব
দুখৰ মেটমৰা বোজা সিঁচি
মাকৰ বুকুয়েদি বৈ যাব
হেচাঁ মাৰি ধৰা অাবেগ ।
স্মৃতিৰ প্ৰত্যয়ত দেখা পাব
বৈ যোৱা শোণিতৰ ধাৰা
আবেগ বিহ্বল হৃদয়ে
অনুভৱ কৰিব
গভীৰ যন্ত্রনাৰ সেই
অস্পষ্ট ভাষা
ক্ষোভ দুখৰ হুমুনিয়াহবোৰত
উচুপি উচুপি চিঞৰি ক’ব
‘ আইজনী ‘ মোৰ আকৌ
উভতি আহছোন বুকুৰ মাজলৈ
কছোন এবাৰ
”মা মোক এৰি ক’তো নাযাবি বুলি”॥


Priti Rekha Bora

pritibora.sharma@gmail.com

17-Mar-2018

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.