Back to journal
Mridu

নিলোৎপল আৰু অভিজিতক ঘূৰাই দিয়া আমাক

পাৰিবনে আমাৰ ল’ৰাকিটাক ঘূৰাই দিব?পাৰিবনে মাকৰ উদং বুকুখনক পূৰাব ? পাৰিবনে অভিজিৎ আৰু নিলোৎপলক সিহঁত ঘূৰি অহালৈ অপেক্ষা কৰি থকা বন্ধু কিজনৰ ওচৰলৈ লৈ যাবলৈ ? ধিক তই অসমীয়া ….. কিয় আমি নিজকে অসমীয়া বুলি চিনাকি দিব লাগে নিজৰ মানুহৰ ওচৰত ? কিয় নিজৰ অসমৰ সৌন্দৰ্য উপভোগৰ বাবে আমি সুধী যাব লাগে ? উত্তৰ আছেনে ? এই পৰিস্থিতিৰ বাবে দায়ী কোন?

গা শিয়ঁৰি উঠা এক দৃশ্য ম’বাইলত ৰেকৰ্ডিং কৰি ইউটিউবত আপল’ড কৰিব জনা সেই পিশাচকিটা সকলোতকৈ বৰ্বৰ হয়।এনৰয়ড স্মাৰ্ট ফোন ব্যবহাৰ কৰিব জনা নৰখাদককিটাই নিজৰ মগজু নামৰ স্মাৰ্ট পাৰ্টছটোক কিয় ব্যৱহাৰ কৰিব নাজানে ভাবিলে আচৰিত লাগে ।সেই পাৰ্টছটোক ব্যৱহাৰ কৰা হ’লে নিজৰ ককাই ভাইক এনেকৈ মৰিব নিদিলে হেতেন । লগতে নিজকে জংঘলী বুলি সমগ্ৰ বিশ্বত পৰিচয় নিদিলেহেতেন ।
সিহঁতৰ কেইটামানক বুলে ধৰিলে । ধৰিলে হ’ব কি ? আকৌ ঘৰলৈ ওভতি যাব সেই একেই বৰ্বৰ মানসিকতা লৈ । কিবা সলনি হ’ব জানো ? তহঁতৰ মাজত মানবীয়তা থকা এজনো নোলালনে ?

কাংথিলাংচু গৈ আহিছিলো … সঁচাই সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে মনোমোহা এটা জলপ্ৰপাত, যিকোনো প্ৰকৃতি প্ৰেমিকক এই ঠায়ে হাতবাউল দি মাতিব পাৰে ….. আমি বনভোজ নাখাওঁতেই মন কৰিছিলো দুখন উন্মুক্ত মিনি ট্ৰাকত অদ্ভুত অট্টাহাস্য কৰি প্ৰায় পঞ্চাছ জন মান লৰাই প্ৰায় দশমিনিত মান হুলস্থুলৰ সৃস্টি কৰিছিল , নিজৰ মাজতে । তাত যিমান বনভোজৰ পাৰ্টি আছিল সকলোয়েই বহুত ভয় খাইছিল আৰু ভালকৈয়ে মনত আছে সিহঁতৰ মাজতো নতুন অসহনীয় হেয়াৰ স্টাইল , ( মোৰ ভাষাত আলেক্সজেন্ডাৰৰ আক্ৰমনৰ সময়ত তেওঁৰ বিশাল সেনাক যাতে দুৰৈৰ পৰাই প্ৰত্যক্ষ কৰিব পাৰে ,তাৰ বাবে সেনাক যিটো হেয়াৰ কাট দিছিল .. গোটেই মূৰত চুলি নাথাকে কেৱল মাজৰখিনি পৰ্বতৰ আকাৰ ), চুলি বান্ধি থোৱাও দেখিবলৈ পাইছিলো , তেনেহ’লে কি অকল নিলোৎপলেহে চুলি ৰাখোঁতে সোপাধৰা হ’ল হা? কেনেকৈ মাৰিলে অ ‘ আমাৰ ল’ৰা দুটাক …সিহঁতৰ সেই অট্টাহাস্য আজিও মনত আছে …. অনুভৱ কৰিব পাৰিছো আমাৰ ল’ৰাকিজনক মাৰি কিমান তৃপ্তি লাভ কৰিছে সিহঁতে …. ।

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.