Back to journal
Mridu

জীৱনৰ ৰংবোৰ হেৰাব নিদিব

জীৱনৰ ৰংবোৰ হেৰাব নিদিব

জীৱনটো স্ফুৰ্তি ,আনন্দ, দুখ,সংগ্ৰাম, প্ৰত্যাহ্বানৰ মুহূৰ্তৰে ভৰা এক অবিশ্বাস্য যাত্ৰা। জীৱন যেন এটা কেনভাছ🏖️ য’ত আমি আমাৰ সপোনবোৰ সদায় আঁকো🖌️,সচাকৈয়ে এখন কিতাপ 🏖️
য’ত প্ৰতিদিনে 📖পৃষ্ঠা লুটিয়ালে এটি নতুন অধ্যায়✒️ দেখা যায়৷

আবেলিৰ বেলিটোৰ🌝 হেঙুলীয়াখিনিৰ পিছৰ আন্ধাৰতে⚫ প্ৰতিটো নিৰাশা যেন শেষ হয় প্ৰতিটো পুৱাৰ সূৰ্য্য উদয়ে 🌞🌻জীৱনলৈ আশাৰ এক নতুন আৰম্ভণি আনে যি নিৰাশাৰ পিছতো জীৱনটোক আকৌ আকোৱালি ল’বলৈ সাহস দিয়ে৷

জীৱনৰ গতিশীলতাত জীৱন হ’ল— ছাঁ আৰু পোহৰ,🌓আনন্দ আৰু বিষাদ, সফলতা আৰু বিফলতাৰ এক মিশ্ৰণ যাত্ৰা।

জীৱনটো সঁচাকৈয়ে আচৰিত এটা মুহূৰ্তই সকলো সলনি কৰি দিব পাৰে ৷খেদি ফুৰা সপোনবোৰে , আমাক সোঁৱৰাই দিয়ে যে প্ৰতিটো চেকেণ্ডেই গুৰুত্বপূৰ্ণ। যিকোনো এটা চেকেণ্ডে মূহুৰ্ততে কাঢ়ি ল’ৱ পাৰে অহংকাৰেৰে ভৰা আমাৰ উশাহ-নিশাহ ৷

আমি লগ পোৱা মানুহখিনিৰ মৰম ভালপোৱাবোৰে 🥰
আমাক সজীৱ কৰি ৰাখে ৷সৰু সৰু কথাবোৰত তেওঁলোকৰ সান্নিধ্যৰ এটা মিঠা হাঁহিয়েও বিষাদৰ মূহূৰ্তবোৰত যাদুৰ ফুলজাৰিৰ দৰে কাম কৰে৷

জীৱনটোত সকলো বুজি পোৱাটো সম্ভৱ নহয় ৷সুযোগ পালে সাহসেৰে কিছুমান অসম্ভৱক আকোৱালি লোৱাৰ কথা ভাবিব লাগে ৷জীৱন যেনেকৈয়ে হওক উপভোগ কৰিব লাগে নিজৰ ভাল লগা মানুহবোৰক লৈ ৷ ভাল লগা সময়বোৰে আমাক দীৰ্ঘায়ু কৰি ৰাখে ৷সময়বোৰ ঘূৰাই আনিব নোৱাৰি ঠিকেই কিন্তু অতীতৰ মধুৰ স্মৃতিৰ ৰোমন্থনে মনবোৰ পুলকিত কৰি তোলে ৷অতীতবোৰ অতীতেই ,ভবিষ্যতটো অন্ধকাৰ থাকিল মাত্ৰ বৰ্তমান সেইটোৱেই আচল ৷সেই সময়কনতে আমি নিজৰ বাবে অলপ সময় উলিয়াই উপভোগ কৰিব লাগে ৷নিজৰ যত্ন,নিজকে নিজে ভালপাবলৈ শিকিব লাগে৷💃🏿
নিজকে যিদৰে আছে তেনেদৰেই গ্ৰহণ কৰক। এই সময়খিনিত আপোনাৰ শান্তি বিঘ্নিত কৰা সকলোবোৰ বাদ দিয়ক।যিয়েই আপোনাৰ মনটোক আনন্দ দিয়ে সেয়াই কৰক মুঠতে সেই অকনমান সময় আপোনাৰ সুখক অগ্ৰাধিকাৰ দিয়ক দেখিব মনটো শান্তি আৰু প্ৰশস্তিৰে পৰিপূৰ্ণ হৈ পৰিছে৷
ড° প্ৰীতি ৰেখা বৰা
২২/৩/২৫

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.