অতীতৰ ৰোমন্থনত
😍
“বিশ্বকৰ্মা পূজা” বুলি ক’লেই দেউতাৰ অফিছবোৰলৈ মনত পৰে । দেউতাই বিভিন্ন সময়ত বিভিন্ন অফিচত চাকৰি কৰিছিল । প্ৰতি তিনি চাৰি বছৰৰ মূৰে মূৰে দেউতাৰ Transfer হৈছিল । সৰু থাকোঁতে দেউতাৰ অফিছত ইমান যে ডাঙৰকৈ পূজা পাতে দিনটো আমি তাতেই থাকোঁ আৰু গান চান গাইছিলোঁ । কোৱাৰ্টাৰটোৰ সন্মূখতেই ডাঙৰকৈ পেন্দল দি বিশ্বকৰ্মা পূজাৰ অনুষ্ঠান পাতিছিল বাবে আমাৰ খুৱ ফুৰ্তি লাগে । তেতিয়া এতিয়াৰ দৰে “স্পেচিয়েল ফুৰ্তিবোৰ ” নাছিল । কোনোবাই সেই ফুৰ্তি কৰিছিল যদিও সেইবোৰ জনসমাজৰপৰা বহু দুৰৈত কৰিছিল । গতিকে আজিৰ দৰে ভয় লগা পৰিবেশে আমাক কেতিয়াও ঘৰত আবদ্ধ কৰি ৰাখা নাছিল । মা দেউতাৰো চিন্তা নাছিল গতিকে দেউতাৰ অফিচৰ পূজা মানে যেন ঘৰৰ পূজা তেনেকুৱা অনুভৱ হৈছিল আমাৰ । পেন্দলৰ খুঁটাবোৰ পুতিবলৈ অহাৰ দিনটোৰ পৰাই আমাৰ “খুঁটা চোৱা চুই ” খেল আৰম্ভ হৈছিল । ক’ৰ পৰা যে গোটেই ক’লনিটোৰ ল’ৰা ছোৱালীবোৰ গোট খাইছিল সবেই এটা এটা খুঁটা লৈ সাৱতি ধৰিছিল । আৰু নোপোৱাকিতাৰ শেনচকুৰ পৰা বাকীবোৰৰ অবস্হা নোহোৱা হৈছিল ।খুটা নোপোৱা কিতাৰ বাবে আমাৰ বিৰাত ফুৰ্তি লাগিছিল । বিশ্বকৰ্মা পূজাত দেউতাৰ অফিচত নাটক , সাংস্কৃতিক সন্ধিয়া আদি পাতিছিল । নাটকৰ ভাৱৰীয়া সকলে আমাৰ ঘৰতে মেক- আপ কৰিছিল । সেই মেকআপৰ গোন্ধ আছিল অলপ বেলেগ ধৰনৰ । ভাওনাতো তেনেধৰনৰ মেক-আপ কৰা দেখিছিলো । সৰুতেই পোৱা সেই গোন্ধই মোৰ নাকত যেন আজিও পাহৰিব নোৱাৰা সোগন্ধী দি গ’ল । এবাৰ দেউতাও নাটকত ভাও লৈছিল । দেউতা ধোবা হৈছিল ।ষ্টেজত দেউতাক ধুবীৰ ৰূপত দেখি মই সহ্য কৰিব নোৱাৰি চিঞৰি চিঞৰি কান্দিব ধৰিলোঁ । অৱশেষত যেনিবা মায়ে ঘৰলৈ আনি শুৱাই থলেহি । ৰাতিপুৱা উঠিয়েই দেউতাক ‘দেউতা ৰূপত’ দেখিহে ভাল লাগিছিল । পিচফালে মেক – আপ কৰা প্লেটখন দেখি মইও অলপ মেক-আপ কৰি ওঁঠত মাৰ সেন্দুৰ লগাই ধুনীয়াকৈ গামোচাখনৰে মূৰত পকাই পকাই একোঁচা দীঘল চুলি বনাই নিজৰ পৃথিবী এখনত খেলি আছিলোঁ ।
😊
😊
আমাৰ ঘৰৰ আশে-পাশে হিন্দী ভাষী লোক বহুত আছে । মই তেতিয়া ইমান ভালকৈ হিন্দী ক’ব নোৱাৰিছিলোঁ আৰু ইমান বুজি পাবলৈ চেষ্টাও কৰা নাছিলোঁ । বিশ্বকৰ্মা বিসৰ্জন দিয়া দেখি মইও মোৰ এটা ফৌজ লৈ চিঞৰি চিঞৰি গাইছিলো ..বিশ্বকৰ্মাইকী জয় ।
😜
😜 আচলতে ভাবি লৈছিলো দূৰ্গা মাইকী জয় ; লক্ষ্মী মাইকী জয় ;কালী মাইকী জয় আৰু বিশ্বকৰ্মাইকী জয়। পিচত এদিন ভূলটো ভাগিছিল পেহা এজনে কৈছিল ধেই পাগলী বিশ্বকৰ্মা male হয় । বাকী সকলো female দেৱী ।আচলতে বিসৰ্জন দিবলৈ যাওঁতে কি কৈছিল ইমান ধ্যান দিয়া নাছিলো যদিও শুনিছিলোঁ “বিশ্বকৰ্মা কি জয় “। কিন্ত্ত ইমান স্পীডত কয় যে শুনিবলৈ এনেকুৱা লাগিছিল বিশ্বকৰ্মাইকী জয় ।
🤔
🤔
তেতিয়াহে বুজি পাইছিলো বিশ্বকৰ্মা কোন হয় ।
তাৰ পিচত মনলৈ এনে ভাৱ আহিল যে লোহাৰৰ বস্ত্তবোৰ তেওঁৰেই সৃষ্টি । যিয়েই নহওক তেওঁক লৈ মোৰ এতিয়াও বহুত Confusion মানে পৃথিৱীৰ কি কি বস্ত্ত তেওঁ সৃষ্টি কৰিলে ….. যদি সকলোবোৰৰ ভগৱানৰেই সৃষ্টি …. এহ বাদ দিয়ক । মাথাটোত বিভিন্ন কথাই পকায়েই থাকে ।
মোৰ আকৌ তেতিয়া বিশ্বকৰ্মা পূজা কেৱল অফিচবোৰতহে পাতে বুলি এটা ভূল ধাৰনা আছিল ।দেউতাৰ অফিচতে ইমান ডাঙৰকৈ পাতিছিল যে বেলেগলৈ যোৱাৰ প্ৰশ্নই নাছিল । গতিকে আৰু কৰবাত যে বিশ্বকৰ্মাৰ পূজা হয় নাজানিছিলোয়েই । সকলোৱে যে কিমান
আনন্দ কৰিছিল ! তেতিয়া অফিচৰ মানুহবোৰৰ মাজত বহুত মৰম চেনেহ আছিল । দেউতাহঁত ৰিটায়াৰ্ড হোৱা বহু বছৰ হ’ল যদিও এতিয়াও সেই মৰম চেনেহ দেখিবলৈ পোৱা যায় ।
কিন্ত্ত আজিকালি কিছুমান অফিচত সেই ফুৰ্তিবোৰ বেলেগ ফুৰ্তিলৈ পৰিনত হ’ল । ৰাস্তাত উৎকট উদ্ভন্ডালিয়ে মানুহক এনে ধৰনৰ উৎসৱ বোৰৰ আনন্দ ফুৰ্তিবোৰৰ পৰা আঁতৰাই আনিলে । ভয় আৰু ত্রাসে মানুহৰ সেই ভাল লগা দিনবোৰক যেন আৰু কেতিয়াও ঘূৰাই নানে তেনেকুৱা লগা হ’ল । পূজা মানেই যেন ‘সেই বজৰুৱা ফুৰ্তিহে ‘ তেনে এটা মন এচামে উদ্ভাবন কৰিলে আৰু সেইটোৱেই চলি গৈ আছে কিন্ত্ত এই উৎসৱবোৰ পালন কৰাৰ অৰ্থ হ’ল নিজৰ সংস্কৃতি আৰু পৰম্পৰা মানি চলা লগতে মানুহে যাতে আনন্দৰে সকলোৰে লগত মনৰ আদান প্ৰদান কৰিব পাৰে তাৰ এক সংযোগ স্থল । মুক্ত মনে যেতিয়া সকলোৱে যিকোনো উৎসৱৰ আনন্দ লাভ কৰিব পাৰে তেতিয়া তাৰ অনুভূতিবোৰ হৈ পৰে অতি
আনন্দদায়ক । কিন্ত্ত আজিৰ সময়ত এনেকৈ ওলাই যাবলৈয়ে দেখোন কিবা লাগে । মনলৈ সংকোচ আহে ।কিছুমানৰ বজৰুৱা প্ৰকাশ ভংগী , মাত কথাই অসহ্যৰ কৰি তুলে । ল’ৰা ছোৱালীক এই উৎসৱবোৰৰ পৰা আঁতৰাই ৰাখি ভালেই কৰিছো যেন ভাৱ হ’লেও মনতোও উৰা মাৰে যেন সিহঁতক লৈ আমি উপভোগ কৰা সেই দিনবোৰ এবাৰ দেখুৱাই দিওঁ ।
–প্ৰীতি ৰেখা বৰা
Responses
Leave a Reflection
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Just quiet reflections.