Back to journal
Mridu

চাকৰিৰ পৰীক্ষা

মোৰ অভিজ্ঞতাৰপৰা একাষাৰ 🙂

PNRD ৰ পৰীক্ষাৰ কাৰবাৰবোৰ দেখি আচৰিত লাগিলেও আচলতে বহু পৰীক্ষাৰ ক্ষেত্ৰতে বহু খামখেয়ালী হোৱা দেখা যায়। এনে বহু অভিজ্ঞতা আমাৰো নোহোৱা নহয় । দুবাৰকৈ ACS clear কৰিও কেনে অভিজ্ঞতা হৈছিল সেইবোৰ এতিয়া নকওঁ ।

বিষয় শিক্ষকৰ মৌখিক পৰীক্ষা দিবলৈ গৈ interview হৈ থকা ৰূমত সোমাই যাওঁতে Sir জনে শুধিছিল গুৱাহাটী কেনেকৈ আহিলো 😊। তেওঁ কৈছিল , কিহত আহিলা ? মই ক’লো ট্ৰেইনত। আনজনে ক’লে এতিয়া নগাওঁৰ মানুহবোৰৰ বৰ সুবিধা হৈছে ৰাতিপুৱা আহি গধুলি ঘূৰি যাব পাৰে হয়নে নহয় ? সেপ ধুকি কোনো মতে ক’লো — হয় । যিহে ভয় খাই আছিলো তেনেকৈ কথাবোৰ আৰম্ভ কৰাত অলপ ভালো লাগিল ।মনতে ভাবিলো “কলংপাৰ এক্সপ্ৰেছ জিন্দাবাদ “। তাৰ পিচত দেখোন একো নোসোধে আৰু মোক যাব দিলে । মই আকৌ ভয় খাই সুধিলো মোৰ interview ? হৈ গ’ল দেখো । মইও এমেনা সেমেনকৈ ওলাই আহিলো । কিমান যে Current affairs , নিজৰ বিষয়বস্তু পঢ়িছিলো একোৱেই নুসুধিলে সববোৰ মিলি কিযে পাকঘূৰণিখাই আছিল ভগৱানকে খাতি আছিলো যাতে প্ৰশ্ন শুধোঁতে এনেকৈ পাকঘূৰণি নাখায়। কিন্ত্ত ৰূমৰ পৰা ওলাই আহোঁতে Current affairs বোৰ একদম discipline হৈ মোক যেন হাঁহিব 😂ধৰিলে তেনেকুৱা লাগিছিল ।তাৰ পিছত বাকিবোৰ ওলাই আহি যেতিয়া ভূৰভুৰাইছিল তেতিয়াহে গম পালো APSCৰ ভেকোভাওঁনা 😎

আকৌ এবাৰ Industry ৰ ইন্টাৰভিও দিবলৈ APSC অফিচত যাওঁতে এগৰাকী মহিলা ব্যৱসায়ীৰ নাম শুধি আচাৰ বনাব জানানে বুলি কৈ তেওঁলোকৰ মাজতেই competition চলিল ।

Written Test বোৰত ৰাখিব নোৱাৰে বহুজনক । ৰাখে আল্টো ফাল্টো প্ৰশ্ন শুধি Vivaত । লাহে লাহে এনেধৰনৰ পৰীক্ষাবোৰৰ প্ৰতি মন নাইকিয়া হ’ল যিহেতু বহু পৰিমানৰ ধনো নাই ক্ৰয় কৰিবলৈ ।আচলতে এইবোৰ আগতেই তয় হৈ থাকে যেন ভাৱ হ’ল এতিয়া ।

অৱশ্যে TET ভাল লাগিল । যিয়েই নহওক বহু meritorious ছাত্ৰ ছাত্ৰীয়ে চাকৰী পালে ।

বহু Open Universityৰ পৰীক্ষা , বহু পৰীক্ষা কেন্দ্ৰত PNRD ৰ পৰীক্ষাৰ দৰেই হয় । এইবোৰ বিশ্ব বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিও মনে মনে থাকে নেকি , কাৰন প্ৰতিটো semester ত collect কৰে প্ৰতিখন কলেজৰ পৰীক্ষাৰ্থীৰ পৰা huge huge amount ; গতিকে পৰীক্ষাৰ মানদন্ড যেনেকুৱাই নহওক তাৰ বাবে ভাবিবলৈ কাৰো সময় নাই ।

প্ৰকৃততে দায়ী কোন ??

এই বিষয়ে চাবলৈ গ’লে প্ৰথমতে পৰীক্ষা অনুস্থিত হোৱা কেন্দ্ৰসমূহত চোকা নজৰ ৰাখিব লাগে। যিসকলৰ ওপৰত এই গুৰুদায়িত্ব দিয়া হয় তেওঁলোকেও সম্পূৰ্ণ সহযোগিতাৰে নিকাকৈ পৰীক্ষা চলাব লাগে আৰু তীক্ষ্ণধাৰে নিৰীক্ষকসমূহৰ (Invigilators) ওপৰতো চোকা নজৰ ৰাখিব লাগে। যদি কেন্দ্ৰসমূহে অনুশাসনমূলক কাৰ্যপন্থাৰে পৰীক্ষাসমূহ চলাই তেনেহ’লে পৰীক্ষাৰ্থীসকলে Mobile Phone লৈ যাবলৈ কেনেকৈ সুবিধা পাব ??

লগতে নিৰীক্ষকসকলকো পৰীক্ষাহলত phone লোৱাৰ পৰা Strictly banned কৰিব লাগে। প্ৰশ্নকাকতসমূহৰ পেকেটসমূহ CCTV ৰ সনমুখত খুলি আকৌ ৰূমবোৰলৈ নিবলৈ বেলেগকৈ packing কৰোঁতে CCTV ৰ সন্মুখতে কৰিব লাগে। পৰীক্ষা চলোৱা প্ৰশাসনিক বিষয়াকো মোবাইল ফ’ন ব্যবহাৰ কৰাৰ পৰা আঁতৰি থাকিব দিব লাগে। এইবোৰ নোহোৱাকৈও পৰীক্ষা হৈছিল আগতে। অাজিকালি প্ৰায় সকলো স্কুল কলেজত CCTV আছে। এনে ধৰনৰ পৰীক্ষা এই CCTV ৰ নিৰীক্ষণত হ’ব দিলে বহু পৰিমানে এনে পৰীক্ষাসমূহে সুস্থ পৰিবেশ পাব বুলি আশা কৰিব পৰা যায়। অাগতে পানীৰ বটলো বাহিৰত থৈ যাব লাগিছিল। এই ক্ষেত্ৰত প্ৰশাসন কঠিন হ’ব লাগিব। মুঠতে মেধাবী ছাত্ৰ ছাত্ৰীয়ে যাতে এই চাকৰিবোৰৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি সকলোয়েই সজাগ হোৱা উচিত ।

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.