জীৱনৰ উদ্দেশ্য কেৱল বস্তুবাদী মনেৰে সুখী হোৱা নহয়, বৰঞ্চ আমাৰ ওচৰে পাজৰে থকা সকলোৰে বাবে সন্মানসহকাৰে আপোন হোৱা আৰু দয়ালু হোৱা লগতে পৃথিৱীখনক আপুনি পোৱাতকৈ আৰু বেছি ভালকৈ দি যোৱা। জীৱনত নিজক ভালকৈ বুজি পোৱা, তাৰ পিছতহে নিজৰ ভাললগাখিনি পাবলৈ চেষ্টা কৰাৰ লগতে ক্ষমা ,সততা ,প্ৰেম আৰু দয়াৰে কৰ্ম কৰা ৷সেই উদ্দেশ্যৰ মাজত নিজক যদি হেৰুৱাই তেতিয়াহে জীৱনৰ অৰ্থ বিচাৰি পায়।জীৱনৰ অৰ্থ তেতিয়াই উন্মোচিত হয় যেতিয়া আপুনি নিজতকৈও ডাঙৰ কিবা এটাৰ বাবে জীয়াই থাকে।জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দটো আমি আমাৰ আশে পাশে গঢ়ি তোলা সংযোগবোৰ ৷ বয়সৰ লগে লগে সেইবোৰ স্মৃতি হৈ পৰে ৷আমাৰ মনৰ মাজত আমি সাৱতি ধৰি লোৱা স্মৃতিবোৰ পুৰণি হৈ যিায় তাতে কি হ’ল সেইবোৰৰ ৰোমন্থন কৰোঁতে আমাৰ মূখবোৰ কিমান উজ্জ্বল হৈ উঠে সেয়াও এক প্ৰকাৰ স্মৃতিৰ পৰা মচি দিব নোৱাৰা সুখবোৰ ৷
সংগ্ৰাম জীৱনৰ এক স্বাভাৱিক অংশ আৰু ইয়াৰ লগে লগে যেতিয়া জীৱন সংগ্ৰামত বিফল হোৱা যায় তেতিয়া জীৱনলৈ হতাশ আহে ৷এই হতাশাক বৃদ্ধি হ’ব দিয়াতকৈ নিজৰ দৃষ্টিভংগী সলনি কৰাটো বাঞ্ছনীয়৷হতাশাক প্ৰশ্ৰয় দিয়াতকৈ আপোনাক অনুপ্ৰাণিত আৰু সমৰ্থন কৰা আৰু ভাল পোৱা মানুহবোৰৰ সৈতে নিজকে আবদ্ধ কৰি ৰাখবলৈ চেষ্টা কৰিব লাগে৷ জীৱনত বিফলতা নাহিলে সফলতা কেনেকৈ আহিবনো ?সফলতাৰ বাবে অধ্যৱসায়ৰ প্ৰয়োজন।
কেতিয়াবা সৰু সৰু প্ৰচেষ্টাইও সময়ৰ লগে লগে মানুহক সফল কৰি তুলে৷সফলতাৰ সংজ্ঞা আপোনাৰ বাবে কি সেইটো চিনাক্ত কৰিবলৈ সময় উলিয়াওক ৷ সেয়া আৰ্থিক স্থিতিশীলতা হওক, আৱেগিক সুস্থতা হওক, অৰ্থপূৰ্ণ সম্পৰ্ক হওক বা পেছাদাৰী কৃতিত্ব হওক৷ বহু মানুহৰ বাবে আজিৰ বস্তুবাদী পৃথিৱীত আৰ্থিক সংগ্ৰামেই প্ৰত্যাহ্বান ৷জীৱনটো অভাৱনীয়। সময়ে আপোনাক আপোনাৰ পৰিকল্পনাসমূহ বিকাশ কৰিবলৈ অনুমতি দিয়ে যদিও কেতিয়াবা কামবোৰ আমি আশা কৰা ধৰণে নহয়। মনত ৰাখিব সংগ্ৰাম আৰু বিফলতা সাময়িক। এই পৃথিৱীত একো চিৰস্থায়ী নহয় ৷ নিজৰ দৃষ্টিভংগীৰ ওপৰত মনোনিৱেশ কৰি থাকক আৰু তাৰ দিশত কাম কৰি যাওক। ধৈৰ্য্য আৰু অধ্যৱসায়ৰ ফলত সকলোৱে সফলতা লাভ কৰে।
জীৱনত সৰু সৰু আনন্দবোৰ উদযাপন কৰিবলৈ শিকিব লাগে তেতিয়া প্ৰতিজন মানুহেই মনত সাময়িকভাবে শান্তি পায়৷ জীৱনৰ বাবে বছৰবোৰ নহয়, বছৰবোৰৰ বাবে জীৱনটোৱেই আছলতে গুৰুত্বপূৰ্ণ। জীৱনৰ সাৰমৰ্ম কেৱল ব্যক্তিগত আনন্দ বা সুখৰ ওপৰত কেন্দ্ৰিত নহয়। বৰঞ্চ সততা আৰু দায়িত্ববোধেৰে জীয়াই থাকি আনৰ জীৱনত ভাল কামেৰে অৰিহণা যোগোৱা, লগতে নিজৰ মূল্যবোধ আৰু নীতিৰ সৈতে মিলি জীয়াই থকা ৷ বহুত সময়ত সেইয়া কঠিন হ’লেও আমি পোৱাতকৈ কিঞ্চিত হ’লেও এৰি যোৱাটোত জীৱনৰ সফলতা সেইয়া আনক সহায় কৰাই হওক, পৰিৱেশ সংৰক্ষণৰ জৰিয়তে হওক বা অৰ্থপূৰ্ণ কিবা এটা সৃষ্টিৰ জৰিয়তে হওক ৷ আপোনাৰ কাহিনীৰে যদি আপুনি মানুহক অনুপ্ৰাণিত কৰিব পাৰিছে তেনেহ’লে সেইয়াই হ’ল আপোনাৰ জীৱন সাৰ্থকতা ৷
ড° প্ৰীতি ৰেখা বৰা
2/ 1/24
Responses
Leave a Reflection
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Just quiet reflections.