Back to journal
Mridu

নিসংগতা

কেতিয়াবা, মানুহে নিজৰ বাবে অকলে থাকিব বিচাৰে— হয়তো কিছু মানসিক শান্তি বিচাৰি ,বা নিজকে অলপ শান্তি দিবলৈ,বা নিজকে ভালকৈ বুজিবলৈ ৷কেতিয়াবা অকলশৰীয়াকৈ থাকিব বিচাৰে  মানসিক চাপৰ পৰা অলপ দুৰৈত থাকিবলৈ ৷ নিজৰ মনৰ ভিতৰত দোদুল্যমান অবস্থাত থকা  দুখবোৰক সংগ দিবলৈও কেতিয়াবা মানুহৰ নিসংগতা ভাল লাগে ৷ অবাস্তৱ আশাবোৰ সপোনৰ ৰূপত বাস্তৱ হোৱাৰ পৰিকল্পনা কৰিবলৈ ইচ্ছা কৰা মনটোৰ বাবেও কেতিয়াবা অকলশৰীয়াকৈ থাকিব মন যায়৷

কোনে কয় নিসংগতাত একো কথা নাথাকে –

নিসংগতাতো বহুত কথা থাকে অৱশ্যে সেইয়া বেলেগৰ লগত নহয় সেইয়া কেৱল নিজৰ লগত, নিজৰ বিবেকৰ লগত ৷

বিশৃংখলতাৰ মাজত নিস্তব্ধতা বাছি লৈ অলপ সময় 

অকলে থাকিব বিচৰাটো এক গভীৰ ব্যক্তিগত অনুভৱ যিটো বহু আৱেগ আৰু বিভিন্ন অভিজ্ঞতাৰ পৰা আহিব পাৰে। অকলে যেতিয়া মানুহে আনৰ প্ৰভাৱ নোহোৱাকৈ থাকিব বিচাৰে তেতিয়াহে নিজৰ প্ৰকৃত আগ্ৰহ, চিন্তা আৰু ইচ্ছাৰ সন্ধান কৰিব পাৰে সেয়ে কেতিয়াবা নিসংগতা আত্ম আবিষ্কাৰো হ’ব পাৰে৷

অহৰহ দায়িত্ব, ব্যক্তিগত সংগ্ৰাম, বিষাক্ত সম্পৰ্ক, জীৱনত হৃদয়বিদাৰক কোনো ঘটনাৰ সন্মূখীন হোৱা , প্ৰতাৰণা, সদায় নিজৰ মানুহৰপৰা অভব্য আচৰণে মানুহক  নিসংগতা ভাল পাবলৈ শিকায়৷ নিসংগতাই আৱেগক সংযম কৰায় আৰু লাহে লাহে  নিজৰ চৰ্তত জীৱন যাপন কৰিবৰ বাবে সুযোগ প্ৰদান কৰে৷

নিসংগতাই কেতিয়াবা স্বাধীনভাৱে জীয়াই থাকিবলৈ, স্থিতিস্থাপকতা, আৰু আত্মনিৰ্ভৰশীল হ’বলৈ শিকায়৷

নিসংগতা কেতিয়াবা সৃষ্টিশীল আৰু আধ্যাত্মিক অন্বেষণো হয় যাৰ যোগেদি  বহু চিন্তাবিদে নিজৰ কাম, ধ্যানধাৰণা বা আধ্যাত্মিক যাত্ৰাত মনোনিৱেশ কৰিবলৈ  বিচাৰে।

ড° প্ৰীতি ৰেখা বৰা

২৮/৩/২৫

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.