বিহুৰ উৎপত্তিৰ বিষয়ে এটি লোক বিশ্বাস আছে। বৰদৈচিলা ভূমি দেৱতাৰ জীয়ৰী আছিল আৰু ভূমি দেবতাই জীয়েকক দূৰ দেশলৈ বিয়া দিছিল। প্ৰত্যেক বছৰৰ বসন্ত ঋতুত অৰ্থাৎ চ’ত মাহৰ শেষত বৰদৈচিলা মাকৰ ঘৰলৈ আহে। আৰু তাৰ লগে লগে বিহুৰ আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। এই বৰদৈচিলা এজাক ধুমুহা। সেইদৰে বৰদৈচিলা ঘূৰি যোৱাৰ লগে লগেই বিহুৰ সামৰণি পৰে। এই “বৰদৈচিলা“ শব্দটি প্ৰকৃততে বড়ো ভাষা “বৰদৈচিখলা”ৰ পৰা এই আহিছে ।বৰ মানে বায়ু , দৈ মানে পানী বা বৰষুন আৰু চিখলা মানে গোঁসানী বা ছোৱালী । গতিকে বৰদৈচিলা মানে ধুমুহা বৰষুনৰ ছোৱালী ।এই বৰদৈচিলাই বিহুক আদৰণি জনাই ।বিহু এক কৃষি ভিত্তিক উৎসৱ। বিহু উৎসৱ জাতি, বৰ্ণ ,ধৰ্ম নিৰ্বিশেষে সকলো লোকে উদযাপিত কৰে । খেতি কৰা আৰম্ভণিত ,খেতিৰ বাঢ়নী সময়ত ,আৰু খেতি চপোৱাৰ শেষত এই বিহু উৎসৱ পালন কৰা হয় ।বিহুৰ লগত বিহুৱান গামোচাখন ওতঃপুতঃভাৱে জড়িত ।গামোচাৰ উৎপত্তি ক’ত কেতিয়া কেনেকৈ হৈছিল তাক সঠিককৈ কোৱা টান ।ড০ লীলা গগৈৰ মতে আহোম ৰজাৰ ৰাজত্বৰ দিনৰে পৰাই গামোচাৰ ব্যৱহাৰ আছিল। গা ধুই গামচিবলৈ ব্যৱহাৰ কৰা বা মূখ মচিবলৈ ব্যৱহাৰ কৰা ব্স্ত্ৰবিধকেই ‘গামোচা’ বোলে।
আহোম ৰজাৰ ৰাজত্ব কালৰ পৰা মুৰত বা কান্ধত বা ককালত বন্ধা হিচাপে যি কাপোৰ ব্যৱহাৰ কৰা হৈছিল (পাখৰৌ, ফচৌ আদি মূৰত মৰা কাপোৰ)। সেই কাপোৰখনিয়ে আজিও স্বকীয় বৈশিষ্টৰে নিজকে উদ্ভাসিত কৰি অসমীয়া জাতিৰ সংস্কৃতিক বিশ্ব দৰবাৰত “গামোচা”ৰূপে প্ৰতিনিধিত্ব কৰি আছে।বৰঘৰীয়া বৰমূৰীয়া সকলক বন্ধুত্বৰ চিন স্বৰূপে উপহাৰ দিবলৈ আহোমৰ যুগতে এই অংগবস্ত্ৰ ব্যৱহাৰ কৰিছিল। পুৱাৰ পৰা নিশালৈকে গামোচাৰ ব্যৱহাৰৰ অবিহনে অসমীয়াৰ জন জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰো। বিহু সমন্বয়ৰ প্ৰতীক। বিহুৰ লগত যিদৰে “বিহুগীত”, “বিহু হুচৰি ” জড়িত থিক সেইদৰে অসমীয়া লোক-সংস্কৃতিত “বিহুৱান” আৰু “জাপি” অমূল্য সম্পদ।
আমাৰ সমাজত প্ৰচলিত বিভিন্ন গামোচাসমূহ —
গোঁসাই গামোচা
এই গামোচাখন গোঁসাই ঘৰৰ থাপনাত, আসন ধৰ্মীয় গ্ৰন্থ, মণিকূট আদিত ব্যৱহাৰ কৰা দেখা যায় বাবে এই গামোচাখনক গোঁসাই গামোচা বুলে। ৰঙা সসেউজীয়া সূতাৰে ধৰ্মীয় নানা চিহ্ন চানেকীৰে যেনে শৰাই, বৰতাল, আদি আপুৰুগীয়া বস্ত্তৰ ফুল বছা হয় গামোচাখনৰ গোটেই গাত কৃষ্ণ কৃষ্ণ, ৰাম ৰাম নাইবা কীৰ্তন, নামঘোষাৰ সুন্দৰ ঘোষা- পদ লিখি অসমীয়া শিপিনীয়ে ভগৱন্তৰ লগত একাত্ম হোৱাৰ সপোন দেখে। বহু নিয়ম নীতিত থাকি এই গোঁসাই গামোচা বোৱা হয়।
বিহুৱান গামোচা
অসমীয়া জন জীৱনত বিহু আৰু বিহুৱান হ’ল সবাতোকৈ আদৰনীয় আৰু সম্ভাষণ সূচক। ‘চেনেহৰ দীঘেৰে মৰমৰ বাণিৰে হেপাহৰ আঁচুৰে বোৱা’ এই বিহুৱান খন বিহুৰ দিনা আপোন আৰু জ্যেষ্ঠ জনক উপহাৰ দিয়ে। চ’তৰ আগমনৰ লগে লগে গাওঁৰ জীয়াৰী বোৱাৰীৰ ব্যস্ততাৰ সীমা নোহোৱা হৈ পৰে। কাৰণ অসমীয়া সমাজৰ নিয়ম অনুসৰি গামোচা বিহুচেৰা কৰিব নেপায়। সেয়েহে শিপিনীসকলে চ’ত শেষ নৌহঁওতেই তাঁতশালৰ গামোচা বৈ কাটি উলিয়ায়। শ্ৰদ্ধা , মৰম অৰু গভীৰ আন্তৰিকতাৰে বোৱা এই গামোচা খনত অসমীয়া শিপিনীৰ নিপুন হাতৰ পৰশে প্ৰাণ পাই উঠে ।বিহুৱান আমাৰ সকলোৰে আদৰৰ অতি অমূল্য সম্পদ। অপোনজনে বিহুত এই উপহাৰ পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰয় আৰু বহু দিনৰ আগৰ পৰাই শিপিনীয়ে তেওঁলোকৰ সপোনৰ নক্সাবোৰত হাতৰ পৰশ দি প্ৰিয়জনলৈ বুলি বোৱাৰ প্ৰস্তুতি চলায়। বিহুত সৰুৱে ডাঙৰক সেৱা কৰি লগতে ডাঙৰে সৰুক তথা আশীৰ্বাদ আৰু চেনেহ যাঁচি এই বিহুৱান আগবঢ়ায়। অসমীয়া সংস্কৃতিৰ চানেকীৰ ফুলেৰে , বুতা বাচি , দুইফালে ৰঙাসূতাৰে ফুল বাচি বা কেতিয়াবা গোটেই গামোচাতে ৰঙা ফুলৰে অসমীয়া সংস্কৃতিক জাগৃত কৰি অসমীয়া নাৰীৰ সুন্দৰ শিল্পী মনৰ পৰিচয় ডাঙি ধৰে। এই বিহুৱান অসমীয়া সংস্কৃতিৰ হৃদস্পন্দন স্বৰুপ সম্পদ।
উঁকা গামোচা
সাধাৰণভাবে বোৱা আৰু দৈনন্দিন কাৰ্য্যত উপযোগী,গা ধোৱাৰ পিছত গা-মচিবৰ বাবে বা মূখ মচিবৰ বাবে ব্যৱহাৰ হোৱা গামোচাখনেই হ’ল ওঁকা গামোচা। এই গামোচাখনত দুয়োটা পাৰি ৰঙা সেউজীয়া কেঁচা সূতাৰে বোৱা হয়। ফুল নথকা গামোচাখনক কোনো কোনো জেগাত পানী গামোচা বুলি কোৱা হয়।
আনাকাটা গামোচা
এই গামোচাখন চাৰিহাত মান দীঘল আৰু আঢ়ৈ হাতমান বহল,এই আনাকাটা গামোচাখন এক বিশেষ পদ্ধতিত বোৱা হয়। একে ৰাতিৰ ভিতৰত বৈ শালৰপৰা উলিয়াবলৈ , কোনো ব্লেড বা কটাৰী ব্যৱহাৰ নকৰে। দুখন গামোচা পৃথক কৰিবলৈ শিপিনীয়ে হাতেৰে নিজেই চিঙি চিঙি পৃথক কৰে ।সেইবাবেই এই গামোচাখনৰ নাম আনকটা গামোচা। এই গামোচাখন কপাহী ,মাছৰাইজ বা পাট সূতাৰেও বোৱা হয়। এই গামোচাখন বিয়া আদি মাংগলিক কামত দৰাক পিন্ধোৱা হয়। এক লোক বিশ্বাস যে এই গামোচাখন দৰাক পিন্ধালে অপাই অমংগল নহয়। বা আন আন ধৰ্মীয় কামতো নামনি অসমত বহুলভাবে ব্যৱহাৰ কৰা হয়।
হাঁচতি
ধৰ্মীয় কাম কাজ কৰিবলৈ কপাহী সুতাৰে বোৱা এই গামোচাখন বিভিন্ন সেৱা – সকাম, পূজা-পাৰ্বন আদিত পুৰুষ মহিলা উভয়ে কান্ধত বা ডিঙিত ওলমাই লয়। সেইবাবেই এই গামোচাখনক হাঁচতি বোলে। প্ৰায়েই এফালে ৰঙা পাৰিৰ ফুল আৰু আনফালে আঁচু দি বোৱা হয়।
তিয়নী গামোচা
এই গামোচা মুটা মজলীয়া কেঁচা সূতাৰ প্ৰয়োগ কৰি বোৱা হয়। মুটা কেঁচা সূতা এই বাবেই ব্যৱহাৰ হয় কাৰন এই গামোচাখন মানুহে পিন্ধিবলৈ ব্যৱহাৰ কৰে আৰু সকলো সময়তে ব্যৱহাৰ কৰিব পৰাকৈ বোৱা হয়। আঠুৰ ওপৰত পৰা এই গামোচাখন মতা মানুহে ঘৰত বা কাম কৰাৰ সময়ত আৰু গা ধোবলৈ ব্যৱহাৰ কৰে। সাধাৰণতে অসমত বহুল ভাৱে প্ৰচলিত। গা ধোৱলৈ পৰিধান কৰে বাবে এই গামোচাখনক তিয়নি গামোচা বোলে।
তামোল গামোচা
ৰঙা সূতাৰে সৰু সৰু ফুল দি ,কপাহী সূতাৰে বোৱা বা সৰু সৰু বুতা দি বোৱা গামোচাখনক তামোল গামোচা বোলা হয়। বিভিন্ন দৈনন্দিন কামৰ উপৰিও সেৱা সকামতো এই গামোচা ব্যৱহাৰ কৰা হয়।
ফুলাম গামোচা
ৰঙা আঁচুৰ ফুলাম গামোচাখন হৈছে অসমীয়া জাতিৰ প্ৰতীক স্বৰূপ। উন্নত মানৰ কপাহী, পাট (আজিকালি মূগা সূতাৰেও বয়) সূতাৰে এই গামোচা বোৱা হয়। ৰঙাসুতাৰ প্ৰয়োভৰেৰে গামোচাৰ দু্যোফালে সুন্দৰ ভমকাফুলীয়া ফুল আৰু অসমীয়া সংস্কৃতিৰ সম্পদ সমূহৰ নক্সাৰে, ধুনীয়া চানেকিৰে বোৱা এইবিধ গামোচা দেখিবলৈ অতি সুন্দৰ। ফুলাম গামোচাই অসমীয়া জাতিয় সংস্কৃতিক ৰক্ষা কৰি অসমৰ মান বিশ্বদৰবাৰত জিলিকাই ৰাখিছে। ভমকা ফুলিয়া ফুলাম গামোচাখন সভা-সমিতিত ডিঙিত মেৰাই লোৱাৰ উপৰিও সন্মানীয় আৰু বিশিষ্ট ব্যক্তিসকলক সন্মানৰ স্বৰূপে এই গামোচা আগবঢ়োৱা হয়।এই ফুলাম গামোচাখন অসমীয়াৰ সন্মানীয় আৰু অতি আদৰৰ।
দৰা বৰণ গামোচা
অসমীয়া বিবাহ পদ্ধতিৰ অন্য এক আকৰ্ষনীয় বস্ত্ৰ হ’ল ‘দৰা বৰণৰ গামোচা’ অসমীয়া জীয়ৰী বোৱাৰীয়ে সুন্দৰ চানেকিৰে কপাহী,পাট, লুধিয়ানা, মূগা সূতাৰে দুইমূৰে ফুল তুলাৰ উপৰিও গোটেই গামোচাখনতেই ফুল বা আঁচু দি বৈ উলিওৱা দৰা বৰণৰ গামোচাখন পৰম্পৰাগত ভাৱে অসমীয়া বিবাহৰ দিনা দৰাই ব্যৱহাৰ হয়। এই গামোচা কপাহী সূতাৰে বোৱা হয় আৰু ইয়াৰ দুয়োফালে সাধাৰণতে ৰঙা পাৰি দি বোৱা হয়।
টঙালি
ৰঙা পাট বা কপাহী সূতাৰে বোৱা টঙালিখনো একপ্ৰকাৰ গামোচাই। কিন্ত্ত এইখন অসমীয়া ডেকাই কঁকালত বান্ধে। দুইমূৰে সুন্দৰকৈ বুতা বাচি বা সৰু সৰু ফুল তুলি বোৱা এই টঙালিখন দেখিবলৈ বৰ ধুনীয়া। অসমীয়া সমাজৰ সাঁজপাৰৰ অন্যতম বস্ত্ৰ এই টঙালিখন অসমীয়া ডেকাই নৃত্য কৰোঁতে বা হুচৰি গাওঁতে কঁকালত বান্ধি লোৱাতো বাঞ্চনীয়।
জাতি জনগোষ্ঠীৰ সমন্বয়তেই বৃহত্বৰ অসমীয়া জাতি। সামাজিক অনুষ্ঠানত গামোচাক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়৷ অসমৰ সকলো শ্ৰেণীৰ জাতি জনগোষ্ঠীৰ বাবে এই গামোচাখন সন্মানৰ প্ৰতীক; আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ সন্মানীয় গামোচাখনক বিভিন্ন নামত নামাকৰন কৰে। তাৰে কেইটামান জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা গামোচাৰ বিষয়ে বৰ্ননা কৰা হ’ল।
আৰনাই
খেৰাই ,বাগৰুম্বা আদি উৎসৱত বড়োসকলে ডিঙিত পৰিধান কৰা গামোচাখনক ‘ আৰনাই ‘ বুলি কয়। বিভিন্ন ৰঙৰ আঁচুৰে বোৱা আৰনাইখনে বড়ো শিপিনী সকলৰ তাঁতশিল্পৰ সুন্দৰ আৰু অসাধাৰণ কাৰিকৰৰ নিদৰ্শন। বড়ো সকল বস্ত্ৰ শিল্পত বহুগুণে আগবঢ়া। সেউজীয়া, বেঙুনীয়া, ৰঙা, নীলা, হালধিয়া, কমলা, বগা আদি সাতোৰঙীন সূতাৰ অপূৰ্ব সৃষ্টি এই গামোচা(আৰনাই)খন বড়োসকলৰ সন্মানৰ প্ৰতীক। ধৰ্মীয় অনুষ্ঠান, সভা-সমিতিত তেওঁলোকে অতি আদৰৰ, এই আৰনাইখন ডিঙিত লয়। যি বড়ো জাতিক এটা স্বকীয় সত্বা প্ৰদান কৰি উজলাই তুলিবলৈ সক্ষম হৈছে।
আওচাই
হালধীয়া আঁচুৰে বোৱা আৰু দুয়োকাষে হালধীয়া সূতাৰে পাৰি দি বোৱা কোচ-ৰাজবংশীসকলৰ গামোচাখনক ‘আওচাই ‘বুলি কোৱা। আওচাইখনৰ দুয়োটা মূৰত সেউজীয়া আঁচু সূতাৰে ফুলৰ বিভিন্ন চানেকি তুলি প্ৰায় ডেৰ ফুটমান বহল চাৰি ফুটমান দীঘলককৈ বোৱা হয়। কোচ ৰাজবংশীসকলৰ বয়নশিল্পকো শলাগ নলৈ নোৱাৰি। তেওঁলোকেও অসমীয়া সংস্কৃতিৰ ভঁড়াল সমৃদ্ধ কৰিছে। ৰাজবংশীসকলৰ হস্ত তাঁত শিল্পই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
পহ
কাৰ্বিসকলৰ বয়ন শিল্পকো শলাগ ল’ব লাগিব। তেওঁলোকৰ হঁস্ত তাঁতশিল্প জন জীৱনৰ এক অবিচ্ছেদ্য অংগ। জাকত জিলিকা কান্ধত লোৱা ৰঙীন গামোচা খনৰ নাম পহ’। ক’লা ,হালধিয়া নীলা বগা সেউজীয়া আদিৰে সুন্দৰকৈ সৰু বা ডাঙৰকৈ ফুল বাচে। পহ’ তেওঁলোকে মূৰতো পাগুৰি হিচাপে বা বান্ধি লয়। বগা দীঘল পহ’খন তেওঁলোকৰ সন্মানীয় ব্যক্তি প্ৰধানে লয়। পহ’ কে-য়েৰ, পহ’কেলক আদি বেলেগ বেলেগ নামত বেলেগ বেলেগ পহ’পোৱা যায়। এই পহ’ কাৰ্বি সমাজৰ অতি সন্মানীয় বস্ত্ৰ।
মুকচা
প্ৰকৃতিৰ সেউজীয়া লগত হাৰে হিমজুৰে জড়িত শৰণীয়া কছাৰী সকলৰ সেউজীয়া ৰঙটো বৰ প্ৰিয়। তেওঁলোকৰ সেউজীয়া গামোচাক মুকচা বুলি কয়। শৰনীয়া কছাৰীসকলৰ এই মুকচাখন প্ৰায় সেউজীয়াৰঙৰ অাৰু দুয়ো ফালে বগা মাছৰাইজ সূতাৰে বৈ , সুন্দৰ বুটা বাচি ফুল তুলি বৰ ধুনীয়াকৈ বৈ লয়। এই গামোচাখনে তেওঁলোকে ডিঙিত সন্মানসূচক হিচাপে লোৱাৰ উপৰিও সাংস্কৃতিক ঐতিহ্যৰ পৰম্পৰা ৰক্ষা কৰে পৰম্পৰাগত ভাবে জাতিৰ বৈশিষ্ট্য বজাই ৰাখি ডেকা সকলে এইখন পিন্ধেও। শৰনীয়াসকলৰ বয়নশিল্পৰ অপূৰ্ব চানেকি সমূহ তেওঁলোকৰ সাঁজপাৰত দেখিবলৈ পোৱা যায় ।
পাজাৰ আৰু পাজল
বেঙুণীয়া, হালধীয়া, ৰঙা, ক’লা ,বগা বিভিন্ন আচুৰে বোৱা ৰাভাসকলৰ কান্ধত লোৱা গামোচাখনক ‘পাজাৰ ‘ বুলি কোৱা হয়।এই গামোচাখন প্ৰায় এক ফুটমান বহল আৰু তিনি-চাৰি ফুটমান দীঘলকৈ বৈ দুয়োটা মূৰে সুন্দৰকৈ দহি বতি লোৱা এই পাজাৰখন বোৱা হয় ।আকৌ তেওঁলোকে কঁকালত পিন্ধা বস্ত্ৰখনক পাজাল বোলে। আঠুলৈকে পিন্ধা এই গামোচা খনো বিভিন্ন ৰঙেৰে কপাহী সূতাৰদ্বাৰা বোৱা হয়। তেওঁলোকৰ সন্মানীয় এই গামোচা পাজৰখন পুৰুষ মহিলা উভয়ে ধৰ্মীয় সভা সমিতিৰ বাহিৰেও নৃত্য কৰোঁতেও সন্মানসহকাৰে ব্যৱহাৰ কৰে আৰু গণ্য মান্য ব্যক্তিক পিন্ধাই সম্বৰ্ধনা জনায়। বয়ন শিল্পত পাকৈত ৰাভা সম্প্ৰদায়ৰ শিপিনীসকলৰ পাৰদৰ্শীতা তেওঁলোকৰ পৰম্পৰাগত সুন্দৰ সুনিপুণতা সাজপাৰত দেখিব পোৱা যায়।
ৰিচা
ডিমাচা জনগোষ্ঠীৰ কান্ধত লোৱা গামোচাখনক ৰিচা বুলি কয়। বিভিন্ন ৰঙৰে ডিমাচাসকলে এই ৰিচা-ৰমাইখন বয় । অতি সুন্দৰ হালধিয়া ,ৰঙা ,কমলা ‘সেউজিয়া আদি ৰঙত উপলব্ধ। বিয়া বা যিকোনো ধৰ্মীয় অনুষ্ঠান ,বুচু বা বিহুত অতি সন্মানসূচকভাবে এই ৰিচাখন পৰিধান কৰে। প্ৰায় দুটা ৰঙেৰ আঁচুৰে সুন্দৰকৈ সৰু সৰু ফুল বা বুতা দি এই ৰিচাখন বয়। ডিমাচাসকলৰ সাজপাৰত ৰঙৰ প্ৰাচুৰ্য্যতা দেখা যায় । তেওঁলোকৰ হস্তশিল্পৰ নিপুণতাই সুন্দৰ নিদৰ্শন ডাঙি ধৰিছে।
দুমৌৰ
মিচিং সমাজৰ ধুনীয়া গামোচাখন হ’ল দুমৌৰ। তেওঁলোকে বগাত ৰঙা আঁচুৰ পাৰি দি এটা মূৰে বেলেগ বেলেগ চানেকিৰ নক্সা দি ফুল বাচে। এই দুমৌৰখন বহলে মাত্ৰ এবেগতমান আৰু দীঘলে প্ৰায় চাৰি ফুটমান। কিন্ত্ত বিয়াসভাহত লোৱা দুমৌৰখন বহলে প্ৰায় ১ফুটমান। আকৌ তেওঁলোকে সদায় লবলৈ নানাৰঙী সূতাৰে বোৱা গৌগৃং দুমৌৰ ব্যৱহাৰ কৰে। মৌৰপুং দুমৌৰ মূৰত আৰু টঙালি দুমৌৰ কঁকালত বন্ধা গামোচা। তাৰোপৰি ‘গাপা’ হ’ল তেওঁলোকৰ সন্মাসূচক গামোচা। বগা ,হালধিয়া ,ক’লা ৰঙৰ আদি নানা ৰঙেৰে বোৱা এই সুন্দৰ গামোচাই মিচিং বয়ন শিল্পৰ দক্ষতা শৈলীৰ কথা প্ৰকাশ কৰে ।মিচিং শিপিনীসকলৰ সুনিপুণ হাতৰ সুন্দৰ প্ৰকাশ তেওঁলোকৰ পৰম্পৰাগত শিল্পত দেখা যায় ।পৰম্পৰাগত চানেকিবোৰত নতুন শৈলিৰ ফুল তুলা কৌশল সঁচাকৈয়ে শলাগিবলগীয়া।
ফালি
ইয়ালিং উৎসৱ বা ধৰ্মীয় অনুষ্ঠান, সভাসমিতিত তিৱাসকলে ব্যৱহাৰ কৰা গামোচাখনক ‘ফালি’ বুলি কোৱা হয়। দীঘ বাণিত হালধিয়া,ৰঙা ,সেউজীয়া সূতাৰ ব্যৱহাৰ কৰি বোৱা এই ফালিখন তিৱাসকলৰ সন্মানীয় প্ৰতীক। তেওঁলোকে নৃত্য পূজা অৰ্চনাত মূৰত বাৰ হাতমান দীঘলকৈ বোৱা সুন্দৰ ফাগুৰি ( পাগুৰি) আৰু ফালি ব্যৱহাৰ কৰে। তিৱাসকলৰ বয়ন শিল্পও শলাগ ল’ৱ লগীয়া ।
আলন
কছাৰী জনগোষ্ঠীৰ মহিলা শিপিনী সকলে দুয়োতা মূৰ হালধীয়া সূতাৰে আঁচুৰ দি ফুল তুলি ৰঙা ৰংৰ আঁচুৰে ‘আলন’ বয় । যিকোনো ধৰ্মীয় অনুষ্ঠান ,বিয়া , উৎসৱত আৰু নৃত্য কৰোঁতে দুয়ো কাষ হালধীয়া পাৰি দি বোৱা ‘আলন’ মহিলা অৰু পুৰুষে ডিঙিত লয়। এই আলনো কছাৰী জনগোষ্ঠীৰ গামোচা ।
প- কং-খ
টাই ফাকে জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ,ডিঙিত মেৰাই লোৱা গামোচাখনক ‘প-কং-খ ‘বোলা হয়। বেঙুনীয়া, ক’লা ,হালধিয়া ,নীলা গুলপীয়া ,সেউজীয়া আদি সূতাৰে গাৰি দি , সৰু সৰু বুতা দিয়া প-কং-খ খন অতি সুন্দৰ। প-কং-খ, ফাহু(পাগুৰি) আৰু খুং (ৰঙীন কান্ধত লোৱা কপাহী কাপোৰৰ মোনা) তেওঁলোকৰ সন্মানীয় প্ৰতীক ।
ফা- কং-খ
টাই খাময়াংসকল তাঁত শিল্পত বহু চহকী। তেওঁলোকে ডিঙিত লোৱা বিভিন্ন উজ্জ্বল ৰঙৰ সমাহাৰৰ সুন্দৰ আঁচুৰে বোৱা গামোচাখনক ‘ফা – কং-খ ‘ বোলে। তেওঁলোকে তাঁতশালখন কঁকালতে বান্ধি কাপোৰ বয়। প্ৰকৃতিক ভাল পোৱা টাই খাময়াংসকলে বিভিন্ন গছ , চৰাই , জীৱ জন্ত্তৰ চানেকিৰে নক্সা তৈয়াৰ কৰি তেওঁলোকৰ বয়ন শিল্পত প্ৰকৃতি প্ৰেমৰ নিদৰ্শন ডাঙি ধৰে। ফা- কং- খ, খুং, ফা – হ’ (পাগুৰি ) খাময়াংসকলৰ সন্মানসূচক সম্পদ ।
ধন্যবাদেৰে
প্ৰীতি ৰেখা বৰা
সহকাৰী অধ্যাপিকা
Priti Rekha Bora