সময় পালে পঢ়িবছোন ..
জুয়ে পুৰা অসমৰ কিছু স্মৃতি …..
কোনে কয় নতুন প্ৰজন্মই একো কৰিব নোৱাৰে বুলি?কোনে ক’ব সিহঁতৰ আবেগ কম বুলি? কোনে ক’ব সিহঁতে কেৱল মবাইল ইনটাৰনেটৰ পৃথিৱীখন হে ভাল পাই বুলি ?????
আজি তেওঁলোকৰ আবেগত অভিভূত মই।
মোৰ অনুজসকল তোমালোকলৈ সহস্ৰ প্ৰনাম 🙏🙏🙏🙏
“অগ্নি যুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম”
৮৩ আন্দোলন ওচৰৰ পৰা দেখিছিলোঁ । যদিও বহু সৰু আছিলোঁ তথাপিতো সেই আন্দোলনৰ বহু কথাই মনৰ কোণত থাকি গ’ল ।
নগাওঁৰ PWD কল’নিৰ সেই আমাৰ কোৱাৰ্টাৰটো দেখিলেই মনত পৰে সেই দিনবোৰৰ কথা ।তেতিয়া মই প্ৰি প্ৰাইমেৰি স্কুলত গৈছিলোহে চাগৈ । আমাৰ ঘৰখন আন্দোলন কৰিবলৈ অহা আন্দোলনকাৰীসকলৰ ভাত ঘৰ আছিল ।দেউতাক ( শ্ৰী যুত টক্ষেশ্বৰ বৰা) সেই সৰু কালৰ পৰাই দেখিছিলোঁ মনে প্ৰাণে তেওঁলোকক সহায় কৰি অহা।। সৰুৰেপৰাই দেউতাই মোক মেল মিটিংবোৰলৈ লৈ গৈছিল ।সন্ধিয়া দেউতাই বুত আনি তিনি চাৰিটা টৌত তিয়াই থৈছিল আৰু দোকমোকালিতে উঠি মা দেউতাই সেইবোৰ সিজাই আন্দোলনকাৰীসকলে খাবৰ বাবে তৈয়াৰ কৰিছিল আৰু সময়ত দেউতাহঁতে টৌকিতা ধৰি ধৰি মানুহক বিলাই দিছিল আৰু তেওঁ লোকেও বৰ তৃপ্তি ৰে খোৱা দেখিছিলো । হয়তো বহুতৰে ঘৰত এনে হৈছিল । মা পাকঘৰত সোমাই বহুতকে ভাত বনাই খোৱাইছিল।দালি ভাজি শেষ হৈ গ’লেও খালি ভাতত পানী ঢালি নিমখ তেল দিও খোৱা দেখিছিলোঁ । মই তেওঁলোকক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ । কোনো দিন মায়ে খং কৰা দেখা নাছিলোঁ । হয়তো সেই সময়ত বহুতৰে ঘৰত তেনেকুৱা হৈছিল । কিন্তু কৰ্টৰ কাষতে আমাৰ কোৱাৰ্টাৰ হোৱাৰ বাবে আমাৰ ঘৰখনত এনেকুৱা পৰিবেশ সদায় দেখা পাইছিলো ।
“তেজ দিম তেল নিদিওঁ ” … সেই শ্ল’গানে মোৰ শিশু আত্মাত কপাই তুলিছিল । পি ডব্লিওৰ সন্মখতে কৰ্টতো আছে বাবে সন্মূখত বহু ঘটনাই ঘটি থকা দেখিবলৈ পাইছিলোঁ ।’আহ ঐ আহ ওলাই আহ’ বুলি মতাৰ লগে লগেই ভাত খাবলৈ লোৱা মানুহ বোৰে সেইয়া আহিলেই বুলি কৈ খোৱা ভাত তাতে থৈ দৌৰ মাৰিছিল। দুজনমানে দুগঢ়ামান দৌৰি থাকোঁতেই খোৱাই দিছিল। এতিয়াও মনত আছে সেই সৰু কলিজা কপোঁৱা ভয়াবহ দিনবোৰ। মোৰ দেউতাও আছিল আন্দোলনকাৰীসকলৰ মাজত এদিন।বহু দেৰিলৈকে দেউতাক নেদেখিলে কিবা অজান ভয়ত বুকু খন ধপধপাই উঠিছিল …. মাৰ মুখখনলৈ বাৰে বাৰে চাই কিবা এটা বুজিবলৈ যত্ন কৰিছিলোঁ ।ৰাতি নৌপুৱাতেই ক’ৰ ক’ৰ পৰা জানো চাইকেলেৰে মানুহবোৰ আহি আমাৰ ঘৰত গোট খাইছিল ।
আমাৰ কোৱাৰ্টাৰতেই নগাওঁৰ গণসংগ্ৰাম পৰিষদৰ সৃষ্টি হৈছিল আৰু প্ৰথমখন মিটিং হৈছিল ।সেইসময়তেই কৰ্টত নমিনেচন দিবলৈ অহা মানুহক নিৰ্বাচন বয়কট কৰিবলৈ দিবলৈ পি ডব্লুউ অফিচৰ সন্মূখত থকা ৰাস্তাটোত মানুহবোৰ শুই পৰা এতিয়াও মনত আছে ।পুলিচৰ লাঠী চাৰ্জত মানুহবোৰ ইফালে সিফালে দৌৰা দৌৰি কৰি কৰবাত লোকাই পৰিছিল।সান্ধ্য আইন দিওঁতে মানুহবোৰে মনে মনে মিটিং কৰিছিল । এইবোৰ চকুৰ আগতে হৈছিল আৰু সৰু কলিজাটোৰ ধপ ধপনি নিজেই শুনা পাই কিবা এটা অনাকাংক্ষিত ভয়ত কঁপি উঠিছিলো । ক’লা বেজ পৰিধান কৰি দেউতাহঁতক অফিচলৈ যোৱা দেখিছিলোঁ।বহু বছৰ ধৰি আন্দোলন চলিছিল ।এনেকৈয়ে স্কুল কলেজবোৰ চলি আছিল । আন্দোলন চলি থকা কোনোবা এটা বছৰতেই দেউতাৰ ট্ৰেন্সফাৰ অৰ্দাৰ আহিছিল কলিয়াবৰলৈ ।আমি সেই পি ডব্লিউ ক’লনিৰ সেই কোৱাৰ্টাৰ এৰি কলিয়াবৰ গুচি আহিছিলোঁ।
জখলাবন্ধালৈ বদলি হৈ যোৱাৰ পিছত আন্দোলনে এটা বেলেগ ৰূপ লৈছিল । দেউতা তেতিয়া কলিয়াবৰ কৰ্মচাৰী পৰিষদৰ Asst.secretary আছিল লগতে গন সংগ্ৰাম পৰিষদৰো কিবা আছিল ।তেতিয়াও দেউতাৰ লগত ঘূৰিছিলো। দেউতা এইবোৰত বিশেষভাৱে জড়িত আছিল ।সেই সময়ত কেইটামান নামে মোৰ শিশু অন্তৰত বিশেষ ঠাই অধিকাৰ কৰিছিল । যেনে গণ সংগ্ৰাম পৰিষদৰ কৰ্মীবৃন্দৰ নাম, সদৌ অসম ছাত্ৰসন্হাৰ বিভিন্ন নামি কমৰ্মীবৃন্দৰ নাম । লগতে মিটিং সমূহত ব্যৱহাৰ হোৱা অসমৰ মেপখনত লিখা ‘ জয় আই অসম’ কথাষাৰে মোৰ শিশু হৃদয় চুই গৈছিল । দেউতা যে কিমান দিন ঘৰত নুশুইছিল আৰু দেউতাক এবাৰ চাবলৈ আমি বোৰ হাহাকাৰ কৰি উঠিছিলো ।
এবাৰ বৰদোৱাত ছাত্ৰ সন্হাৰ মিটিং আছিল । মোৰ জেঠাইৰ ঘৰ । মই তেতিয়া গান গাও । সেই মিটিং লৈ ছাত্ৰ সন্হাৰ বিভিন্ন নেতাসকলো আহিছিল । তেওঁলোকৰ প্ৰতিটো ভাষণত ৰাইজ উগ্ৰ হৈ পৰিছিল । তাত মই গাইছিলো … “আই মাতৃ বুকুৰ সন্তান কোনে কাঢ়ি নিব ,দেশত দ্ৰোহী বদনহতঁক ইতিহাসে সোৱঁৰিব”নাজানো গানতো কাৰ আছিল সৰু আছিলোঁ বাবে চাগৈ ৰাইজৰ অনুৰোধত এবাৰ নহয় দুবাৰ নহয় একেলগে চাৰি বাৰমান গীতটি গাইছিলো কাৰণ মানুহবোৰ তেতিয়া ইমানেই উত্তেজিত হৈ আছিল যে মোক কৈছিল আকৌ গোৱা আকৌ গোৱা।মোক মতিউৰ ৰহমান দেৱে দৌৰি আহি কোলাত তুলি লৈছিল( তেখেতে হাত এখন বন্দুকৰ গুলীত হেৰুৱাইছিল) ।আৰু সকলোৰে মাজত মোক বহুৱাই থৈছিল ।****
এদিন ৰাতি দেউতাই হঠাতে আমাক উঠাই ড্ৰয়িং ৰূমত বিছনা থিক কৰিবলৈ ধৰিলে । আৰু আমি জানিছিলো আহিব লগা অতিথি সকলৰ বিষয়ে । ৰাতি প্ৰায় এঘাৰমান বজাত কেইবাখনো চাইকেল আহি আমাৰ ভাড়াঘৰৰ গেটত মৃদু শব্দ কৰিবলৈ ধৰিলে । লগে লগে মা দেউতা উঠি আহিল আমিও উঠিছিলো । দেখিছিলো মোৰ খূড়া দিগেন বৰাৰ লগতে মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত ,ভৰত নৰহ,ভৃগু ফুকন, ললিত ৰাজখোৱা , দিগন্ত দত্ত আৰু দুজন মান। সেইদিনা আমাৰ ঘৰত তেওঁলোকক দেখি বৰ ভাল লাগিছিল ।দেউতাই আমাক কৈছিল মনে মনে থাকিবা তেওঁলোকে ভালকৈ শুৱ লাগিব । মিটিং আছে কাইলৈ । এটা শব্দও নকৰাকৈ আমি শুই পৰিছিলোঁ । ৰাতি নৌপোৱাওঁতেই মা কামত লাগি গৈছিল তেওঁলোকক ভালকৈ এসাঁজ খোৱাবলৈ। পিছদিনা চাইকেলত উঠি মিটিংলৈ গৈছিলো । যাওঁতে দেউতাই কৈ গৈছিল ।মিটিংত কোনে কি কয় শুনিবি ভালকৈ মই ঘৰত আহি শুধিম । মিটিংৰ মাজতে হঠাতে মোক গান এটা গাবলৈ কলে ।মইও ভয় নকৰি গাই দিছিলোঁ ।***
মিটিংৰ শেষত তাত থকা মানুহবোৰে ষ্টেজত ‘অ মোৰ আপোনাৰ দেশ ‘গোৱাৰ লগে লগে মইও দৌৰি গৈছিলোঁ জাতীয় সংগীত গাবলৈ । দেখিছিলোঁ মহিলা পুৰুষসকলোৰে দুচকুৰে চকুলো বৈ আহিছিল ।
সেইসময়ত স্কুল কলেজৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষকসকল, সকলো উলাই আহিছিল আন্দোলন কৰিবলৈ ।আমাকো লৈ গৈছিল ।সেই সৰু থাকোঁতেই হাতত ছাৰসকলে বনোৱা প্লে কাৰ্ড তুলি লৈছিলোঁ ‘তেজ দিম তেল নিদিও’।চাৰিওফালে জুই জলিছিল।
এদিন স্কুলত থাকোতেই মাক স্কুল লৈ অহা দেখি অজান আশংকাত মনটো কিবা লাগি গল। মাক দেখি হেড ছাৰ আগবাঢ়ি গ’ল। মাৰ চকুত পানী দেখি বুজি পাইছিলো কি হৈছে সেই দিনা দেউতাকে ধৰি কেইবাজনো গন্যমান্য ব্যক্তি কেশৱ মহন্ত ,গুনীন হাজৰিকা আদিক পুলিচে ধৰি নগাওঁ লৈ আনিছিল । মই স্কুলতে কান্দি উঠিছিলো । সন্ধিয়া প্ৰাৰ্থনা কৰোঁতে আমাৰ সুৰবোৰ কপি উঠিছিল ৰাতি আমি শুৱা নাছিলোঁ পিছদিনা খবৰ পাইছিলো দেউতাহতঁকবোলে লৈ যাওঁতে বহুত মানুহে পুলিচথানা ঘেৰাও কৰিছিল আৰু তেওঁলোকক এৰি দিছিল। সেই দিন ধৰি দেউতাহঁত প্ৰায় ৰাতি ঘৰত থকা নাছিল। মোৰ বৃত্তি পৰীক্ষা আছিল । দেউতাই এদিন মোক দুটকা এটা দি কৈছিল মই নাথাকিম কেইদিনমান মান, ভালকৈ পৰীক্ষা দিবি বৃত্তি পাব লাগিব। জ্যামিতি বক্সত টকা টো থৈ সদায় চুমা খাই খাই বৃত্তি পৰীক্ষা দিবলৈ গৈ দেখিছিলো মোৰ পৰীক্ষাৰ খবৰ লবলৈ বহুত মানুহ আছিল। পৰীক্ষা দিবলৈ কলিয়াবৰ আহিব লগা হৈছিল। সকলোৰে কোনোবা এজন আছিল আৰু মোৰ লগত কোনো নাছিল,কিন্তু মানুহৰ অভাৱ নাছিল। গাড়ীত উঠাই দিয়াৰ পৰা ঘৰত থোৱালৈকে মানুহ আছিল। আছলতে দেউতাক তেওঁলোকে বৰ ভাল পাইছিল। বহুত দিনৰ পিছত এদিন দেউতাক দেখি গোটেই কিজনীয়ে সাবটি ধৰিছিলোঁ।