মাননীয় মূখ্যমন্ত্ৰী মহোদয়লৈ এখনি মুকলি চিঠি
১২/০৬/২০১৮
মহোদয় নমস্কাৰ গ্ৰহন কৰিব। অসমত হৈ থকা ঘটনাৰাজিয়ে নিশ্চয় আপোনাকো ৰাতি শান্তিৰে শুৱ দিয়া নাই ।মনলৈ অহা কিছুমান কথাই যেতিয়া উত্তৰ বিচাৰি নাপাই তেতিয়া আপোনাক অবগত কৰোৱাটোৱেই উচিত বুলি ভাবি লিখিলো।
১/অসমৰ খাটি অসমীয়া নিলোৎপল আৰু অভিজিতৰ সেই আৰ্তনাদত যিদৰে আমাৰ হৃদয়ে হাঁহাকাৰ কৰিছে ঠিক সেইদৰে আপোনাৰ হৃদয়ো কঁপি উঠিছে কাৰণ আপুনিও অসমবাসীক সঁচা অন্তৰেৰে ভাল পায় । পাৰ্থক্য মাথো ইমান আমি প্ৰকাশ কৰোঁ আৰু আপুনি যিহেতু এখন বিশেষ আসনত আছে গতিকে আপুনি সেই আসনখনৰ পৰা আমাৰ দৰে ক্ষোভবোৰ প্ৰকাশ কৰিব নোৱাৰে ;কিন্ত্ত
আপুনিও সঁচা অন্তৰেৰে অসমীয়া । নিলোৎপল আৰু অভিজিতৰ দুয়োটা পৰিয়ালে যাতে উচিত ন্যায় পায় আৰু দোষীয়ে যাতে কঠোৰতম শাস্তি পায় আপোনাৰ পৰা তাৰ কামনা কৰিলোঁ । এই অপৰাধীসকলে যাতে কোনো কাৰনতেই জেলৰপৰা ওলাই মুক্ত বিছৰণ কৰি আকৌ আন কোনোবা মানুহৰ জীৱন শেষ কৰিব নোৱাৰে ; লগতে এইটোয়েই যাতে কাৰ্বিআংলঙত শেষজন অসমীয়াৰ মৃত্যু হয় ,আৰু যাতে কোনেও কেতিয়াও অসমীয়াৰ এইদৰে প্ৰাণ ল’ৱ নোৱাৰে তাৰ বাবে সিহঁতবোৰৰ শাস্তি হওক কঠোৰতকৈও কঠোৰ ।
২/ ঝংকাৰ শইকীয়াক সকলোয়ে পাহৰিছিলেই । নিলোৎপল -অভিজিতৰ মৃত্যুয়ে হঠাতে সকলোকে আকৌ ঝংকাৰক মনত পেলাই দিলে । কাৰণ আমি সকলোয়েই সময়ৰ লগত আবেগত উটি-বুৰি এটা সময়ৰ পিছত পাহৰি যাঁও । সেই বিষময় জীৱন ভোগ কৰে ঘৰখনে । পিতৃ – মাতৃ জীয়াই থাকোঁতে এটাও কষ্ট নোপোৱাকৈ ডাঙৰ দীঘল কৰা সেই পুত্ৰক এইদৰে হানি খূচি মাৰি হত্যাকৰাৰ পিছত সেই পিতৃ মাতৃৰ জীৱন মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ ।ডিফুত ২০১৩ চনত হত্যা কৰা ঝংকাৰ শইকীয়াৰ পৰিয়ালকো ন্যায় প্ৰদান কৰক । মাত্ৰ ১০ টকাৰ বাবে দেউতাকৰ সন্মূখতে ইমান সৰু ল’ৰাজনক গুৰিয়াই – লঠীয়াই হত্যা কৰা দেখি বুকু কঁপি উঠিছে । অহা ২৫ জুনত পাঁচ বছৰ অতিক্ৰম কৰিব ধৰা ঝংকাৰ শইকীয়াৰ গোচৰতো এতিয়াও ডিফুৰ আদালতত কিয় পৰি আছে তাৰ ছিবিআই তদন্ত হৈছেনে আৰু গোচৰতোৰ বৰ্তমান স্থিতি কি খবৰ লওক । এই হত্যাৰ মূল অভিযুক্তসকল কিয় মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰি আছে তাক জানিব চেষ্টা কৰক । সিহঁতে পুলিচকেইজনৰ ওচৰৰপৰা ঝংকাৰক টানি আনি ভৰিৰে গুৰিয়াই গুৰিয়াই মাৰিবলৈ ক’ত সাহ পাইছিল ? তেতিয়া পুলিচৰ ভূমিকা ইমান নিৰ্লিপ্ত কিয় আছিল ? ঝংকাৰ হত্যাৰ প্ৰমান স্পষ্ট ৰূপত ভিডিঅ’ ফুতেজত দেখিবলৈ পোৱা যায় । সিদিনা গুৱাহাটীত যিদৰে লাঠীচাৰ্জ হৈছিল সৰু কথাত তেনেকুৱাকৈ লাঠিচাৰ্জ কিয় কৰিব নোৱাৰিলে ঝংকাৰক হত্যা কৰা দিনা ।মাৰি মাৰি আধা মৰা কৰা ল’ৰাজনক কিয় খোজ কঢ়াই লৈ আনিছিল ? পুলিচৰ গাড়ীত
Security দি কিয় অনা নাছিল ? সেই বিশাল জনতাৰ লগত তেওঁক কিয় এনেকৈ উন্মুক্তভাবে লৈ আনিছিল ? এই সকলোবোৰ জানিব চেষ্টা কৰক ।
৩/ তিনিলাখ টকাৰে মাক দেউতাকৰ বুকুৰ বেদনাক কোনেও ঘূৰাই দিব নোৱাৰে । কিন্ত্ত ঝংকাৰৰ শৈশবটো ঘূৰাই দিয়ক । ঝংকাৰে মাক দেউতাকৰ লগত পাৰ কৰা এটি এটি মিঠা মূহুৰ্তৰ তেওঁলোকৰ ডিফুৰ ঘৰখন তেওঁলোকক ঘূৰাই দিয়ক ।ঝংকাৰৰ মিঠা পৰশবোৰে জীপাল কৰি ৰাখা তেওঁৰ মৰমৰ ঘৰখন ঘূৰাই দি মাক দেউতাকক জীয়াই থাকিব দিয়ক । ডিফু আইন মহাবিদ্যালয়েও সেই ঘৰখন অধিগ্ৰহন কৰাৰ পৰা বিৰত থাকি তেওঁলোকক ঘূৰাই দিয়ক ।ভাৰতীয় সংবিধানত
স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ , বাক স্বাধীনতাৰ অধিকাৰ আদি আমাৰ মৌলিক অধিকাৰ । এই অধিকাৰ যাতে আমাৰ কোনেও খৰ্ব কৰিব নোৱাৰে তাৰ প্ৰতি সকলোকে সচেতন কৰাওক ।
৪/ সকলো ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিব আৰু যাব পাৰে । যদি অসমৰ কোনো ঠাইত যোৱা মানা আছে বা কিবা নিৰ্দিষ্ট সময়সূচী আছে ( প্ৰকৃততে
তেনেকুৱা হ’ব নালাগে )তেনেহ’লে জেগাই জেগাই কিছুমান সূচনা জাৰি কৰি মানুহক সজাগ কৰি তুলিবলৈ নিৰ্দেশ দিয়ক।
৫/নাৰী ধৰ্ষণ আৰু নিৰ্যাতনৰ বাবে এনে এক আইন প্ৰনয়ন কৰক য’ত ধৰ্ষনকাৰীক ফাঁচী দিয়া হওক । ঠিক সেইদৰে পুৰুস সকলক নিৰ্যাতন কৰা নাৰীসকলেও শাস্তি পাওক । মুঠতে সকলোৰে বাবে আইনৰ দৃষ্টি একে হওক ।
জাতি জনগোষ্ঠীৰ সংমিশ্ৰনতহে বৃহত্তৰ অসমীয়া জাতি । তেওঁলোকৰ অসমীয়া সমাজলৈ অৱদান আমি কেতিয়াও নাপাহৰোঁ । কেইজনমান দুস্কৃতিকাৰীৰবাবে এটা জাতিক সামৰি লোৱাটো উচিত বুলি আমিও নাভাবো । কিন্ত্ত সকলো জাতি জনগোষ্ঠীয়ে যাতে অসমৰ সকলো ঠাইতেই ভিতিহীনভাবে নিজৰ স্বাধীনতা খৰ্ব নোহোৱাকৈ জীয়াই থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি আপোনাৰ চৰকাৰ খনৰ পৰা আশা ৰাখিলোঁ ।
আপোনাৰ বিশ্বাসী
প্ৰীতি ৰেখা বৰা
( Share কৰিব বিচাৰিলে কৰিব পাৰিব )