দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত এডলফ হিটলাৰৰ(Adolf Hitler) নেতৃত্বত নাজীবাহিনী,বেনিট’ মুচলিনিৰ (Benito Musslini)নেতৃত্বত ইটালীৰ সেনাবাহিনী,আৰু জাপানৰ ৰজা হিৰ’হিতুৰ (Emperor Hirohitu) নেতৃত্বত জাপানী সেনাবাহিনী এই তিনিওখন দেশ মিলি গঠন কৰিছিল ‘এক্ছিচ পাৱাৰ ‘( axis power) বা আধাৰ শক্তি ; লগতে আন কেইবাখনো সৰু বৰ দেশে তেওঁলোকক সহযোগ কৰিছিল। থিক সেইদৰে আমেৰিকাত ৰুছভেল্টৰ নেতৃত্বত ( Roosevelt) আমেৰিকাৰ সেনাবাহিনী,গ্ৰেট বৃটেনত উইনষ্টন ছাৰ্চিলৰ (Winston Churchill)ৰ নেতত্বতৃ ইংৰাজ সেনাবাহিনী ,চোভিয়েট ৰাছিয়াত জোচেফ ষ্টেলিনৰ নেতৃত্বত ( Joseph Stalin) ৰুছসেনা এই তিনিশক্তিয়ে মিলি গঠন কৰিছিল ‘এলাইড পাৱাৰ’ (Allied power)বা ‘মিত্ৰশক্তি’ লগতে চাইনা, অষ্ট্ৰেলিয়া আদিকে ধৰি আন কেইখন মান দেশেও ইয়াত সহযোগ কৰিছিল ।
অৰ্থাৎ মূল যুদ্ধখন যেন হৈছিল এই দুই শক্তি এক্ছিচ পাৱাৰ আৰু এলাইড পাৱাৰৰ মাজত।বিশ্বযুদ্ধত এই সকলোৱে জয়ী হৈ সমগ্ৰ বিশ্বত নিজৰ ৰাজত্ব স্থাপন কৰাৰ সপোন দেখিছিল।১৯৩৯ চনত হিটলাৰে হঠাতে প’লেণ্ডৰ ওপৰত আক্ৰমণ কৰি যেন দ্বিতীয় বিশ্ব যুদ্ধক নিমন্ত্ৰণ কৰিছিল।১৯৪১ চনত হিটলাৰে বিশ্বত নিজৰ ক্ষমতা প্ৰতিপন্ন কৰিবলৈ ৰুছ দেশত আক্ৰমণ চলাইছিল। তাকে দেখি জাপানো ৰখি নাথাকি সেই বছৰতেই ডিচেম্বৰত প্ৰসান্ত মহাসাগৰত অবস্থিত আমেৰিকাৰ নৌসেনাৰ কাৰ্যালয় পাৰ্ল হাৰ্বাৰত ( Pearl Herber) বোমাৰে অাক্ৰমণ কৰে । ফলত বহু আমেৰিকাৰ নৌসেনাৰ মৃত্যু হয়।এই আক্ৰমণ কৰি জাপানে দ্বিতীয় বিশ্বযুদ্ধ বিছাৰাতো নিশ্চিত হৈ পৰিছিল । ইফালে প্ৰসান্ত মহাসাগৰৰ অধিক ভূখণ্ড জাপানে অধিকৃত কৰিছিল।তাৰোপৰি অকিনাৱা যুদ্ধতো ১৯৪৫ ত প্ৰায় ১২,৫০০ আমেৰিকাৰ সেনাক হত্যা কৰিছিল ।জাৰ্মান সেনায়েও ইউৰোপীৰ বহুকিখন দেশ নিজৰ অধীন কৰি অধিনায়ক হ’ব বিছাৰিছিল।জাপানৰ এই আক্ৰমণে আমেৰিকাক আক্ৰোশৰ দাৱানলত জ্বলি দ্বিতীয় বিশ্বযুদ্ধলৈ অচকিতে আমন্ত্ৰণ জনাইছিল।১৯৪২ চনত হাৱাইৰ ওচৰত জাপানী সেনাৰ পৰাজয় আৰু ১৯৪৩ চনত নাজীবাহিনীৰ পৰাজয়ে এক্ছিচ পাৱাৰত তীব্ৰ আঘাত হানে ।ফলত এলাইড পাৱাৰ বিশ্বত শক্তিশালী হৈ উঠে ।
১৯৪২ চনতদ্বিতীয় বিশ্ব যুদ্বৰ সময়তেই আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰি ট্ৰুমেনে( Herry Truman) তেওঁৰ সহযোগী আৰু কেইজনমান বিশিষ্ট নিউক্লিয়াৰ বিশেষজ্ঞক লৈ ঘাটক পৰমানু বোমা বনাবলৈ মনস্ত কৰিলে। আচলতে আমেৰিকাই বিচাৰিছিল আমেৰিকা সদায় ‘চুপাৰ পাৱাৰ’হৈ থাকক।কাৰণ আন এখন প্ৰভাৱশালী দেশ ৰুচেও এই সম্পৰ্কে চিন্তা চৰ্চা কৰি আছিল। ফলত দুয়োখন দেশৰ মাজত শীতল যুদ্ধ চলিছিল।ইউ এছৰ আৰ্মিৰ মেজৰ জেনেৰেল কৰ্পচ ইঞ্জিনিয়াৰ অফিছাৰ লেছলি ৰিচাৰ্ড গ্ৰোভচ জুনিয়ৰৰ নেতৃত্বত, আমেৰিকাৰ কেলফোৰ্নিয়া বিশ্ববিদ্যালয় পদাৰ্থবিজ্ঞানৰ অধ্যাপক জুলিয়াচ ৰৱাৰ্ট অপেনহেইমাৰক( Julius Robert Oppenheimer) লছ আলমচ নেছনেল লেবৰেটৰীৰ(Los Alamos National laboratory) চিক্ৰেট গৱেষনাগাৰৰ মুৰব্বী হিচাপে নিযুক্তি দি,কোনেও নজনাকৈ পৰমানু বোমা নিৰ্মান আৰু ইয়াৰ পৰীক্ষনৰ কাম কৰিবলৈ ৰাষ্ট্ৰপতি ট্ৰুমেনে নিৰ্দেশ দিয়ে ।জুলিয়াছ ৰবাৰ্ট অপেনহেইমাৰকেই ‘ফাডাৰ অফ দা এটমিক ব্ম’ (Father of the Atomic bomb) বুলি কোৱা হয়। তেওঁৰ সম্মতিতেই মেনহেট্টন (Manhatton) নগৰত ‘মেনহেট্টন প্ৰজেক্ট ‘ আৰম্ভ হয়।নিউক্লিয়াৰ পৰমানু বম বনাবলৈ আমেৰিকাক সন্মতি দিছিল গ্ৰেট বৃটেইন আৰু কানাডাই ।কিয়নো আন দেশৰ সন্মতি অবিহনে নিউক্লিয়াৰ বম বনাব নোৱাৰে।গতিকে বিশ্ব যুদ্ধ সময়ৰ বৃটেনৰ চিক্ৰেট ক’ড ‘টিউৱ এলয়'(Tube Alloy) নাম ব্যৱহাৰ কৰি মেনহাট্টন প্ৰজেক্ট আৰম্ভ কৰিলে ।’টিউৱ এলয়’ বৃটেনৰ গৱেষনা প্ৰস্তুতিকৰণৰ ক’ড নাম য’ত কানাডাইও নিজৰ গৱেষণা চলাইছিল।প্ৰায় ১,৩০,০০০জন মানুহে এই মেনহাত্তন প্ৰজেক্টত কাম কৰিছিল।কিন্ত্ত ১৯৩৯ চনৰেপৰাই অৰ্থাৎ এলবাৰ্ট আইনস্টাইনো এই পৰমানু বোমাৰ প্ৰজেক্টৰ কামত ব্যস্ত আছিল।
১৯৪৫ চনৰ ১৬ জুলাইত আমেৰিকাৰ নিউ মেক্সিক’চহৰত পোন প্ৰথমবাৰৰ বাবে পৰমানু বোমাৰ পৰীক্ষন কৰে আৰু ইয়াৰ নাম ৰাখিছিল ‘ ট্ৰিনিটি টেস্ট’। আৰু আন দুটা বোমা দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহাৰ কৰিবলৈ প্ৰসান্ত মহাসাগৰৰ ট্ৰিনিয়ান দ্বীপলৈ লৈ গৈছিল ।দুয়োটা বোমাই জাপানলৈ নিক্ষেপ কৰিবলৈ মনস্থ কৰা হৈছিল।কিন্ত্ত দ্বিতীয় বোমাটো আছিল প্লোট’নিয়াম বোমা। যাৰ পৰীক্ষণ তেতিয়াও বাকী আছিল।
জাপানৰ সুন্দৰ চহৰ হিৰোচিমাত বোমা বৰ্ষণ কৰাৰ বাহিৰেও কুক’ৰা ,ৰাজধানী কিয়ৌত'( সেই সময়ৰ ৰাজধানী) আৰু নিঈগাতাৰ নাম তেওঁলোকৰ তালিকাৰ সূচিত আছিল ।কিন্ত্ত আমেৰিকাৰ তৎকালীন যুদ্ধমন্ত্ৰী স্টিমচনৰ নিৰ্দেশ ক্ৰমে পুৰণি ৰাজধানী কিয়ৌত’ক সূচিৰ পৰা বাদ দিয়া হৈছিল কাৰণ সেই ধুনীয়া চহৰখনত তেওঁ তেওঁৰ পত্নীৰ সৈ মধুচন্দ্ৰিকা কৰিবলৈ আহি চহৰখনৰ সৌন্দৰ্য্যত আপ্লুত হৈছিল।ফলত তেওঁ কিয়ৌত’চহৰত বোমা নিক্ষেপ কৰাত অমান্তি হৈছিল। ইফালে আন এজন সেনা জেনেৰল ডুৱাইট আইজনহাবৰে পৰমানু বোমাৰ বিৰুদ্ধিতা কৰিছিল ।কিন্ত্ত ৰাষ্ট্ৰপতি ট্ৰুমেন নিজৰ কথাত অটল আছিল আৰু পাৰ্ল হাবাৰৰ পোতক তুলিব বিছাৰিছিল।তেওঁ বিছাৰিছিল যে জাপানৰ ৰজা হিৰ’হিতুয়ে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰক। ট্ৰুমেনে জানিছিল যে কেনেকৈ হিৰ’হিতুয়ে আত্মসমৰ্পণ কৰিব।পৰমানু বোমা আক্ৰমণৰ আগতে তেওঁ আত্মসমৰ্পণ কৰাতো বিছাৰা নাছিল।
১৯৪৫ চনৰ ৬ আগষ্ট – তেতিয়া পুৱা ২টা ৪৫ ;আমেৰিকাৰ ‘এনেলা গে বি -২৯’ নামৰ বায়ুসেনাৰ এয়াৰ ক্ৰাফট খনে কঢ়িয়াই আনিছিল ‘লিটল বয়’ক লক্ষ্য স্থান জাপানৰ হিৰোচিমা । লিটল বয় আছিল হিৰোচিমাত পেলাবলৈ লোৱা ইউৰেনিয়াম পৰমানু বোমা । পূৰ্বৰ ৰাষ্ট্ৰপতি ৰুছভেল্টৰ সন্দৰ্ভত নামটো ৰাখিছিল ।হিৰোচিমা জাপানৰ সেনাৰ মূখ্য বন্দৰ আছিল য’ত সেনাৰ ৰেচন- পানী ,গোলা -বাৰুদৰ যোগান কেন্দ্ৰ আছিল ।।এই লিটল বয় নামৰ পৰমানু বোমাটো ৪০০০ কিলোগ্ৰাম গধুৰ আছিল আৰু দীঘল আছিল ১১ ফুট।বোমাটোত ইউৰেনিয়ামৰ মাত্ৰা আছিল ৬৫ কি.গ্ৰা.।যেতিয়া বি -২৯য়ে বোমাটো লৈ আনিছিল তেতিয়া সেইটোত বাৰুদ নাছিল অৰ্থাৎ তেতিয়া সি সক্ৰিয় হোৱা নাছিল আৰু তাৰ চাৰ্কিটোও পুৰা হোৱা নাছিল। এনেলা গে বিমানত ১২ জন চালক আছিল। মাৰিছ জেপ্ছন আৰু তেওঁৰ সহযোগী ডিক পাৰ্চনে মিলি চাৰি বেগ বাৰুদ তাত ৰাখিছিল আৰু তাৰ পিছতেই লিটল বয়ৰ প্লাগ অন কৰি তাক সক্ৰিয় কৰা হৈছিল।হিৰোচিমাৰ আকাশৰ ৩১,০০০ ফুট ওপৰত এনেলা গে উৰি আছিল।তেতিয়া ৰাতিপুৱা ৪বাজি ১৬ মিনিট হৈছে। হিৰ’চিমাত সকলো তেতিয়া ৰাতিপুৱাৰ কামকাজত ব্যস্ত ।এনেলা গেৰ পাইলট আছিল কৰ্নেল পঁল ডব্লুউ তিব্বেতচ ।হিৰোচিমাৰ আইঅ’ ব্ৰীজৰ ওপৰত লিটল বয়ক নিক্ষেপ কৰাৰ কথা আছিল যদিও ওল্টা দিশৰ পৰা আহি থকা বতাহৰ বাবে সীমা চাৰ্জিকেল ক্লিনিকত এনেলা গেয়ে লিটল বয়ক তললৈ পেলাই দিয়ে ।৪৩ চেকেণ্ড তললৈ নমাৰ লগে লগে এক ভয়ংকৰ বিস্ফোটে সমগ্ৰ হিৰোচিমাক আৱৰি ধৰিলে। ডাৱৰৰ দৰে ধোৱাই সমগ্ৰ হিৰোচিমাক সাৱতি ললে । কেই মিনিট মানৰ ভিতৰতে হিৰোচিমা শ্মশানলৈ পৰিণত হৈ পৰিল।ই ১৩ বৰ্গ কিলোমিটাৰলৈকে বিয়পি পৰিছিল। লিটল বয় বায়ুমণ্ডলত বিস্ফোট হোৱাৰ লগে লগে ১৫ কিল’মিটাৰ আঁতৰত থকা ঘৰবোৰ মাজতো ইমান কম্পন তুলিছিল যে ঘৰৰ খিৰিকিৰ গ্লাছবোৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈছিল।বিস্ফোৰণৰ সময়ত বায়ুমণ্ডলৰ তাপমান হৈছিল ৩৯০০ ডিগ্ৰি চেলছিয়াচ।১০০৫ কিলোমিটাৰ বেগেৰে প্ৰতি ঘন্টাত ধুমুহা আহিছিল। সকলোতকৈ দুখ লগা কথা যে সমতলত ৪০০০ ডিগ্ৰি চেলছিয়াচ গৰমত মানুহবোৰ একো একোটা জলন্ত মাংসপিণ্ডত পৰিণত হৈছিল। চহৰখনত হঠাতে হোৱা এনে ভয়ংকৰ দুৰ্ঘটনাত ৯০ শতাংশ ডক্টৰৰ মৃত্যু হোৱাৰ বাবে মানুহবোৰক চাবলৈ কোনো নাছিল তাৰোপৰি হাস্পতালো পুৰি চাঁই হৈ গৈছিল। যি বাছি গৈছিল পৰমানু বোমাৰ বিকিৰণৰ ফলতো মৃত্যুবৰণ কৰিছিল।প্ৰায় ১,৫০,০০০ হাজাৰ মানুহৰ মৃত্যুৰ বিভিসিকাই সমগ্ৰ বিশ্ব ব্ৰক্ষ্মাণ্ড কপাঁই তুলিছিল।
বিস্ফোৰণ হৈ থকা সময়ত এনেলা গে আঁতৰি আহিছিল যদিও কেবিনৰ সন্মুখখিনি বিস্ফোৰণৰ পোহৰে উজ্জ্বলাই তুলিছিল।পাইলট পাঁল তিবেতচে এবাৰ পিছলে চাই দাঁত কামুৰি ধৰিছিল। পিছৰ কেবিনত বহি থকা তেওঁৰ আন এজন সহযোগী টেল গেনৰ বঁব কেমনে তেওঁৰ কডাক কেমেৰাতো লৈ সেই আলোকৰ ফটো তুলিছিল য’ত দেখা পোৱা গৈছিল মাছৰুম সদৃশ জুইৰ ফোঁৱৰা।উইলিয়াম পাৰচঞ্চে আমাৰিকালৈ বাৰ্তা পথাইছিল – “আমি সফল হৈছো। এনেলা গে বৰ্তমান থিকেই আছে।”ইফালে ট্ৰুমেনেও ৰেডিঅ’ত ঘোষনা কৰিছিল যে এইমাত্ৰ আমেৰিকাৰ সেনায়ে হিৰোচিমাত পৰমানু বোমাৰে আঘাত হানিচে…..
৯ আগষ্ট ১৯৪৫ । মাত্ৰ তিনদিন হৈছিল । কেনেকৈ কি হ’ল তাক মানুহে বুজিব পৰাৰ আগতেই আমেৰিকাৰ ‘বক্সকাৰ এয়াৰ ক্ৰাফ্টে’ পুৱা ৯ বজাত কঢ়িয়াই আনিছিল ‘ফেট মেন’ নামৰ দ্বিতীয়টো পৰমানু বোমা।এই বোমা আছিল আৰু ভয়ংকৰ । ইয়াক ৬.৪ কি.গ্ৰা. প্লুট’নিয়ামৰে বনোৱা হৈছিল।ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনস্টন ছাৰ্চিলৰ সন্দৰ্ভত এই বোমাৰ নাম ৰখা হৈছিল ‘ফেট মেন’।এই বম পেলাবলৈ বিছাৰিছিল কুক’ৰা চহৰত। উদ্যোগিক নগৰ কুক’ৰাত গোলা বাৰুদ বনোৱা উদ্যোগ আছিল ইফালে বক্সকাৰলৈ কুক’ৰাত বোমা পেলাবলৈ বাৰ্তা পথোৱা হৈছিল।কিন্ত্ত বতৰ বেয়া বাবে , আৰু বক্সকাৰ বিমানত ইন্ধনৰ তাৰতম্য দূত গতীত হ্ৰাস পাইছিল ;কেৱল ঘূৰি যাবৰ বাবেহে বিমানত ইন্ধন আছিল। সেই সময়ত বিমানৰ গ্ৰুপ কেপ্টেন আছিল লিওনাৰ্ড ছেচৰ। তেওঁ তৎক্ষণাত সেই চহৰ ত্যাগ কৰি নাগাচাকিৰ ওপৰত বোমা নিক্ষেপ কৰিবলৈ মনস্থ কৰে।এই বোমাটোৰ ওজন আছিল ৪০৫০ কিল’,।ফেট মেন নামৰ ভীম সদৃশ প্ৰকাণ্ড বোমাটো বক্সকাৰৰ পৰা সেনা দলে নাগাচাকিলৈ নিক্ষেপ কৰে প্ৰায় ৫২ চেকেণ্ড তললৈ নামি আহি প্ৰায় সমতল ভূমিৰ পৰা ৫০০ ফুট ওপৰত এক প্ৰচণ্ড শব্দ কৰি বিস্ফোত হয়।মাছৰুম সদৃশ জুইৰ গোলাকাৰ আৰু ধোৱাই নাগাচাকি আৱৰি ধৰে।নাগাচাকিৰ সমুদ্ৰ তীৰত ৰৈ থকা জাহাজ আৰু বিশাল নৌকাবোৰ নিজে নিজে জ্বলি উঠিছিল।মানুহবোৰৰ বাবে দুৰ্বোধ্য হৈ উঠিছিল যে কি ঘটি আছে।মানুহ জন্ত্ত সকলোবোৰ গলিবলৈ ধৰিছিল। নাগাচাকিৰ ওচৰে পাজৰে থকা পাহাৰবোৰৰ বাবে ৬.৭ বৰ্গ কিল’মিটাৰ ঠাইহে লোকচান হৈছিল। মানুহবোৰে পৰমানু বোমাৰ বিষয়ে শুনা নাছিল তাৰ আগতে।৬১৭বৰ্গ কিলোমিটাৰলৈকে এই জুইৰ গোলাকাৰ বলৰ লেলিহান শিখা দেখা পোৱা গৈছিল।হিৰোচিমাৰ দৰেই গোতেই নাগাচাকি জ্বলি ছাঁইত পৰিনত হৈছিল। প্ৰায় ৮০,০০০ মানুহৰ প্ৰাণ লৈছিল ফেট মেনে।
তিনিদিনৰ ভিতৰত মৰিশালিলৈ ৰূপান্তৰ হৈছিল জাপান।বিকিৰণৰ ফলত জাপানৰ জন জীৱন নৰকংকালত পৰিনত হৈছি। গছ গছনি নাম নিচান নাইকিয়া কৰি দিছিল।যি জীবিত আছিল তেওঁকো চিকিৎসাৰ অভাৱত বচাব পৰা নগৈছিল। বিকিৰণৰ ফলত বহু বছৰলৈ মৃত্যুৰ বিভিসিকা চলিছিল।কেন্চাৰ আৰু লিওক’মিয়া বেমাৰে জীবিত কোষত আশ্ৰয় লৈছিল ।
এই বিভৎস বিভিষিকাৰ পিছতেই ১৪ আগস্টত জাপানৰ এক্চিচ পাৱাৰ শূন্য হৈ গৈছিল আৰু ৰজা হিৰ’হিতুয়ে আমেৰিকাৰ ওচৰত ৰেডিঅ’ৰদ্বাৰা আত্মসমৰ্পণ কৰিছিল। যদি নকৰিলে হেতেন তেনেহ’লে আমেৰিকাই ১৯ আগস্টত জাপানৰ আন এখন চহৰত আকৌ আক্ৰমণ চলালে হেতেন।তাৰ পিছতেই বিশ্ব যুদ্ধ সমাপ্ত হৈছিল আৰু এলাইড পাৱাৰ জয়ী হৈছিল।
সেই দুৰ্যোগৰ অলপ দিনৰ পিছতে অহা ঘূৰ্ণিবতাহ সদৃশ ধুমুহাই প্ৰায় ২০০০ মানুহৰ প্ৰাণ লৈছিল যিটো বোমা বিস্ফোৰণৰ আন এটা প্ৰভাৱ বুলিয়েই ভৱা হৈছিল।
আচলতে আমেৰিকাই দ্বিতীয় বিশ্ব যুদ্ধ বিচাৰা নাছিল ।প্ৰথমবাৰৰ বাবে আমেৰিকাই যুদ্ধত পৰমানু বোমা ব্যৱহাৰ কৰিছিল। উল্লেখযোগ্য যে এলবাৰ্ট আইনস্টাইনে ১৯৩৯ চনতে প্লোট’নিয়াম আৰু ইউৰেনিয়াম বোমাৰ বাবে যে যথেস্ট টকা লাগিব আৰু তাৰ ফাণ্ডিংৰ বাবে পূৰ্ব ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টক মান্তি কৰাইছিল। নোবেল বটা বিজয়ী বিজ্ঞানী জনে হয়তু সেইদিনা বুজি পোৱা নাছিল যে ইয়াৰ পৰিণাম ইমান ভয়ংকৰ হ’ৱ।১৯৩৯ তে পৰমানু বোমা আবিস্কাৰৰ আখৰা চলিছিল। প্ৰায় ২ আৰব ডলাৰৰ ফাণ্ড আইনস্টাইনৰ কথা মতেই ৰুজভেল্টে মুকলি কৰি দিছিল।
হিৰোচিমাত বহু বছৰলৈ একো গছ বন বোমাৰ প্ৰভাৱত গজা নাছিল ।অলেণ্ডাৰ Oleander নামৰ ফুলপাহ হিৰোচিমাখন মৰিশালি হোৱাৰ পিছত প্ৰথম ফুলিছিল।সেইবাবে এই ফুল হিৰোচিমাৰ অফিচিয়েল ফুল।আমেৰিকাৰ এই আক্ৰোশৰ বলি নিৰিহ জনতা বহু বছৰলৈ ভুক্ত ভূগি হৈও লাহে লাগে নিজকে চম্ভালি লৈছিল আৰু সেই দুয়োখন চহৰে আকৌ প্ৰাণ পাই উঠিছিল।জাপানৰ জনতাৰ কঠোৰ পৰিশ্ৰমত আজি হিৰোচিমা আৰু নাগাচাকি সৌন্দৰ্যৰে ভৰপুৰ দুখন ঠাই লগতে উন্নতিৰ শিখৰত জাপানে আজিও দপদপাই আছে। জাপানত মানুহে এতিয়াও ১৬ ঘন্টা কাম কৰে।
বোমা বিস্ফোৰণৰ পিছত হোৱা বিকিৰণৰ ফলত হিৰোচিমাৰ সদাক’ সচাকি নামৰ সৰু ছোৱালী এজনীৰ লিউক’মা নামৰ বেমাৰ হোৱাত তাই অসুখ ভাল হ’বলৈ হাজাৰ টা কাগজৰ সাৰস পখী ( Crane) বনাইছিল কিয়নো জাপানত এটা কথা বিশ্বাস কৰা হৈছিল যে যদি এনেকৈ সাৰস পখী বনোৱা হয় তেনেহ’লে মনৰ আশা পূৰণ হয়। কিন্ত্ত সদাক’ সচাকিৰ আশা পূৰণ নহ’ল।১৯১৭ চনত ৰাষ্ট্ৰপতি বৰাক ওবামা জাপানৰ হিৰোচিমা গৈ হিৰোচিমা পিচ মেম’ৰিয়েল পাৰ্কত সাৰস পখী বনাইছিল।
এইখিনিতে উল্লেখ কৰা উচিৎ যে জুলিয়াচ ৰবাৰ্ট অপেনহেইমাৰ যাৰ নেতৃত্বত পৰমানু বোমা বনোৱা হৈছিল তেওঁ ১৯৩৩ চনৰ পৰাই Indologist Arthur W. Ryder পৰা সংস্কৃত শিকিছিল আৰু ভাগৱত গীতা পঢ়িবলৈ লৈছিল।তেওঁ পৰবৰ্ত্তী কালত কৈছিল যে গীতাই আছিল তেওঁৰ জীৱনৰ একমাত্ৰ কিতাপ যিখনে তেওঁৰ জীৱন দৰ্শনত প্ৰভাৱ পেলাব পাৰিছিল।কিন্ত্ত তেওঁ আছিল প্ৰকৃততে এজন ইহুদি।তেওঁ যেতিয়া ট্ৰিনিটি টেস্ট কৰিছিল তেতিয়া তেওঁ কৈছিল আজি মোৰ হিন্দু ধৰ্মশাস্ত্ৰৰ ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা এই কথাখিনি মনত পৰিছে শ্ৰীকৃষ্ণই অৰ্জুনক নিজৰ বিৰাট ৰূপ দেখাই কৈছিল,মই পৃথিৱী লোকক নাশ কৰাৰ মহাকাল আৰু এই
পৃথিৱীত অধৰ্মক নাশ কৰিবলৈ মই প্ৰবৰ্ত হৈছো।
(We knew the world would not be the same. A few people laughed, a few people cried, most people were silent. I remembered the line from the Hindu scripture, the Bhagavad-Gita. Vishnu is trying to persuade the Prince that he should do his duty and to impress him takes on his multi-armed form and says, “Now, I am become Death, the destroyer of worlds.” I suppose we all thought that one way or another.
-J. Robert Oppenheimer)
তেওঁ তেওঁৰ বন্ধুবৰ্গৰ মাজতো গীতা চৰ্চা কৰিবলৈ কৈছিল।এবাৰ তেওঁক পৰমানু বোমাৰ বিষয়ে শুধা প্ৰশ্নৰ উত্তৰত তেওঁ পুৰণি হিন্দু মহাকাব্যত থকা ব্ৰক্ষ্মাস্ত্ৰৰ কথা অনুকিয়াই দিছিল।আৰু কৈছিল যে পৰমানু বোমা বহু যুগতে সৃষ্টি হৈছিল।
এডল্ফ হিটলাৰেও তেওঁৰ সেনাবাহিনীত ব্যৱহাৰ কৰিবলৈ হিন্দু ধৰ্মৰ স্বস্তিক চিহ্নটো লৈছিল কাৰণ তেওঁও হিন্দু ধৰ্মৰ এই স্বস্তিকৰ শক্তিক মনে প্ৰাণে গ্ৰহণ কৰিছিল ।
প্ৰীতি ৰেখা বৰা
সহকাৰী অধ্যাপিকা
Priti Rekha Bora