← Back to journal
Mridu

সাময়িক চিন্তা

সন্ত্রাসবাদ কাৰো কাম্য নহয়। সন্ত্রাসবাদীৰ কোনো মানবীয়তা নাই, কোনো ধৰ্ম নাই, কোনো জাতি নাই, কোনো ভাষা নাই আছে মাথো সন্তাস সৃষ্টি কৰিব পৰা এটা কীট লগা মগজু। জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত ৪০জনৰো অধিক সেনা নিহত হোৱাত, সমগ্ৰ দেশ আজি শোকত ম্ৰিয়মাণ। দেশৰ বাবে জীবন উৎসৰ্গা কৰা এই মহান সৈনিকসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।
সন্ত্রাসবাদ হল এনে এক পদ্ধতিগত কাৰ্যকলাপ যি কেৱল ধ্বংসাত্মক তথা বলপ্রয়োগৰ মাধ্যমত সংঘঠিত হয়। সন্ত্রাসবাদ হ’ল হিংসাত্মক কার্য-কলাপেৰে ৰাজনৈতিক উদ্দেশ্য সাধন কৰাত বিশ্বাসী এক স্বৈৰাচাৰী মানসিকতা থকা কাপুৰুষৰ অভিষাৰত জন্ম হোৱা সংগঠন। কিন্তু সন্ত্রাসবাদৰ আন্তঃৰাষ্ট্রীয় সর্বসন্মত গৃহিত সংজ্ঞা এতিয়ালৈকে নাই৷

তেওঁলোকৰ বিধ্বংসী কার্যকলাপে মানুহৰ মাজত উদ্বেগৰ সৃষ্টি কৰায়। ভীতি প্ৰদৰ্শন কৰি ধর্মীয়, ৰাজনৈতিক অথবা নীতিগত লক্ষ্যত উপনিত হোৱাৰ উদ্দেশ্য ইচ্ছাকৃতভাবে সাধাৰণ জনতাৰ নিৰাপত্তাৰ কথা উপেক্ষা কৰি আইন বহির্ভূত কার্যকলাপ কৰিবলৈ কুণ্ঠাবোধ নকৰে।

সহজলভ্য ভাবে এক আৰামদায়ক জীবনযাপন কৰিবলৈ সিহঁতক সপোন দেখুৱাই , তাৰ বাবে তেওঁলোকে বাচি লয় এনে কিছুমান যুৱক যুৱতী, যিবোৰৰ হৃদয়ত কোনো মায়া মমতা নাথাকে, যিবোৰৰ বিশৃংখল বা যিবোৰ দুৰ্ধৰ্ষ বা অভাবগ্ৰস্থ। যাৰ ফলত আত্মঘাতী আততায়ীৰ জন্ম হয়।

কিছুমানে আকৌ নানান ধৰনেৰে প্ৰলোভন দি সপোন দেখুৱাই আৰু মন মগজুত স্বৰ্গ তৃপ্তিৰ বাসনা দি আৰু সিহঁতক মানসিকভাবে প্ৰস্ত্তত কৰে। গতিকে সেই মানসিকতা কিমান তুচ্ছ হ’ব পাৰে এবাৰ ভাবকচোন। জেহাদী সংগঠনবোৰ এই ক্ষেত্ৰত একোপ চৰা। প্ৰকৃততে এই শব্দৰ অৰ্থ কি? নে এই শব্দৰ অৰ্থৰে নিজৰ বিবেক বুদ্ধিৰে এচাম সুবিধবাদীয়ে অশিক্ষিত আৰু কম শিক্ষিত মানুহ খিনিক দিশহাৰা কৰিছে। কোনো ধৰ্মতেই মানুহক পাপ কৰিবলৈ শিকোৱা নাই। মানুহ মাৰি ত্ৰাসৰ সৃষ্টি কৰি কোনেও পুন্য কৰিব নোৱাৰে।

পাকিস্তানকে ধৰি অন্যান্য শত্ৰু ৰাষ্ট্ৰৰ সাহায্যত এনে সন্ত্ৰাসবাদী সংগঠনবোৰ চলি আছে। মৰনাস্ত্ৰকে ধৰি টকাপইচাৰ যোগানো এই ৰাষ্ট্ৰবোৰেই কৰে। কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ ৰাজ্যৰ সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰি দেশৰো উন্নয়নক স্থবিৰ কৰা ৰখাটোৱেই এই সংগঠনবোৰৰ মূল লক্ষ্য।

বিভিন্ন কাৰণতে জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰো বহুখিনি ঠাইত বিছিন্নতাবাদী মানসিকতাই গা কৰি উঠিছে তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এই নিষিদ্ধ সংগঠনবোৰে। গতিকে সময় থাকোতেই ইয়াক ৰোধ কৰাৰ চেষ্টা কৰিব লাগে। ইপিনে, সহজলভ্যভাবে টকা ঘটাৰ বৰ্ত্তমান যুগৰ আন এক পেচা হ’ল সংগঠন কৰি সহজ সৰল মানুহবোৰক ব্যতিব্যস্ত কৰি তোলা।  সংগঠনৰ নেতাবোৰক ভালদৰে লক্ষ্য কৰিবছোন। আপোনাৰ মোতকৈ বহু সুখেৰে আৰু ভোগবিলাসেৰে জীৱন নিৰ্বাহ কৰি আছে। কিন্ত্ত মৰে কোন? অামি নিৰিহ বোৰ হ’লো অকৰাঁ। পুৰি ছাই হৈ পৰোঁ আমি। শৰীৰৰ অংগ পতংগ হেৰুৱাই এক অন্ধকাৰ জীবনলৈ গতি কৰোঁ। কিন্ত্ত তেওঁলোকৰ কিবা হয় নে? একো নহয় কিয় বাৰু?

আমি যদি লক্ষ্য কৰোঁ তেনেহ’লে দেখা পাম যে যিবোৰ মানুহে এনে আতংকৰ জন্ম দিয়ে সেইসকলৰ ইয়াৰ অন্তৰালত এটা ডাঙৰ লক্ষ্যত উপনিত হোৱাৰ আকাঙ্ক্ষা থাকে। ইয়াৰ অন্তৰালত হাতেৰে ঢুকি নোপোৱা ৰাজনীতিজ্ঞ, কূটনীতিজ্ঞ, তথাকথিত বুদ্ধিজীবীৰ পৰা আৰম্ভ কৰি ছাত্ৰ নেতালৈকে এক সুপৰিকল্পিত বুজাবুজি নিশ্চয় থাকে বুলি মনত ধাৰণা হয়। নহলে পুলিচ ছেকিংৰ নামত আমি সাধাৰণ মানুহবোৰে ইমান ভোক্তভূগী হওঁ, ইমান জ্বালা যন্ত্ৰণা পাওঁ এয়াৰপৰ্টৰ পৰা আদি কৰি ৰাস্তাত নিজৰ গাড়ীকিখনতো। তেনে ক্ষেত্ৰত ইমানখিনি আ ই ডি লৈ ইমান ডাঙৰ বিস্ফোৰণ ঘটাবলৈ সাহ কৰাটো আচৰিত লাগে। গতিকে ঘৰখনতে থকা সন্ত্ৰাসবাদী কেইটা লগতে সন্ত্ৰাসবাদী বোৰক ৰক্ষণাবেক্ষণ দিয়া আমাৰ তথাকথিত ৰাক্ষসকেইটা সকলোতকৈ মাৰাত্মক। সিহঁতক চিনাক্ত কৰাটো অতি প্ৰয়োজন। সেইকিতাক শেষ কৰিব পাৰিলে ঘৰখনত শান্তি ঘূৰি আহিব।

আজি ইছলামিক সংগঠনৰ বিৰুদ্ধে ব্ৰজনিনাদ কিয় হোৱা নাই ?? আৰু ট’ক শ্ব’বোৰত সদায় চিঞৰি থকা বুদ্ধিজীবী আৰু বিয়াগোম ‘এডিটৰ ইন চিফ ‘বোৰ ক’ত বা আছে?  দাদাই চাগৈ জোলোঙাটো সাবতি ধৰি ঘৰতে টিভি চাই আছে।

অশান্ত অঞ্চলবোৰত থকা সেনাবাহিনীয়ে ভোকে লঘোনে বহু উজাগৰি নিশা পাৰ কৰাৰ বাবেই আমি শান্তিৰে শুব পাৰিছো। নিজৰ পৰিয়ালবৰ্গৰ লগত সুখেৰে নাথাকি আমাৰ সুখৰ বাবেই নিজকে উৎসৰ্গিত কৰাৰ বাবেই আমি শান্তিৰে উশাহ নিশাহ লৈ ফুৰিছো। তেওঁলোকে উচিত সন্মান পাওক। সন্মান সহকাৰে জীয়াই থাকক । তেওঁলোকেও সুখেৰে জীয়াই থকাৰ অধিকাৰ আছে।

শেষত দেশৰ সামৰিক বাহিনীৰ উন্নয়ন আৰু আধুনিকীকৰণৰ নামত অধিক পৰিমানৰ ধন আবণ্টিত হ’ব লাগে আৰু সামৰিকবাহিনীৰ নিৰাপত্তাৰ বাবে যিমান লাগে তাৰ চাহিদা পূৰাবলৈ চৰকাৰে চেষ্টা কৰক । আৰু প্ৰয়োজন সাপেক্ষ ভাৰতবৰ্ষৰ সকলো বেতনভোগী চৰকাৰী চাকৰিয়ালৰ এদিনৰ দৰমহা বা বেচৰকাৰী প্ৰতিস্ঠান সমূহৰ চাকৰিয়ালসকলৰ পৰা এদিনৰ দৰমহা এই সেনাবাহিনীৰ নিৰাপত্তাৰ বাবদ স্বইচ্ছাৰে দিব পাৰি নেকি সকলোৱে ভাবি চাব পাৰে।

 

 


Priti Rekha Bora

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.