← Back to journal
Mridu

ৰাষ্ট্ৰপতি ভৱনৰ বিষয়ে

ৰাষ্ট্ৰপতি ভৱনটোৰ বিষয়ে জানো আহক

১৯১০ চনলৈকে ইংৰাজৰ শাসনকালত কলিকতা আছিল তেওঁলোকৰ ৰাজধানী । ১৯১১ চনত ইংৰাজ ৰজা জৰ্জ পঞ্চমে কলিকতাৰ ঠাইত দিল্লীত ৰাজধানী কৰিবলৈ মন মেলিলে। সেই সময়ৰ ভাইচৰয়ে দিল্লীত থাকিবৰ বাবে এনেকুৱা এটা প্ৰসাদ বনাবলৈ মন কৰিছিল যিটোত ভাৰতীয় আৰু ইংৰাজ পৰম্পৰাগত স্থাপত্যকলা (Indian and British architectures ) আৰু ভাস্কৰ্য (Sculpture) নিদৰ্শন তাত সন্নিবিষ্ট হৈ থাকে।ভাইচৰয়ে বৃটিছ বাস্ত্তকলাবিদ এডৱিন লেন্ডচীৰ লুট্যিন্চক ( Edwin Landseer Lutyens) এই দায়িত্ব অৰ্পণ কৰে । লুট্যেন্চ প্ৰকৃততেই ভাৰতীয় সুন্দৰ কলাশৈলীৰ প্ৰেমিক আছিল যাৰ ফলত তেওঁ এই ভৱন নিৰ্মান কৰোঁতে ভাৰতীয় শিল্পশৈলীক অগ্ৰাধিকাৰ দিছিল আৰু সূক্ষ্ম সূক্ষ্ম কথাৰ প্ৰতিও ধ্যান ৰাখিছিল। তেওঁ ১৯১২ চনৰ ১৪জুনত হাৰ্বাট বেকাৰক ( Herbert Baker) চিমলাত এই ঐতিহ্যমণ্ডিত ভৱনৰ নক্সা প্ৰদান কৰে।আৰু এই ভৱনৰ মূখ্য কাৰিকৰী অভিযন্তা আছিল হগ কিলিং।মূখ্য অভিযন্তা আৰু লুট্যেন্চ, এই দুয়োজনৰ পৃষ্টপোষকতাতেই এই প্ৰসাদ বনোৱা হৈছিল।লগতে এই ভৱনৰ মূখ্য ঠিকাদাৰ আছিল হাৰুণ- অল- ৰছিদ।

ইয়াৰ বাবে দিল্লীৰ ‘ৰাইছীনা হিলচ’নিৰ্ধাৰণ হৈছিল যি সমতল ভূমিৰ পৰা প্ৰায় ১৫ মিটাৰ উচ্চতাত অৱস্থিত। দিল্লীৰ মাল্চা গাওঁৰ ৰাইছীনা বংশৰ ৩০০ জন মানুহৰ পৰিয়ালৰ প্ৰায় ৪০০০ হাজাৰ হেক্টৰ মাটি অধিগ্ৰহণ কৰি এই প্ৰসাদ বনাবলৈ মনস্থ কৰিছিল।এই ৰাইছীনা জয়পুৰৰ ৰজাৰ উত্তৰাধিকাৰী আছিল ।

এই প্ৰসাদ চাৰি বছৰৰ ভিতৰত বনাব লাগিব বুলি কোৱা হৈছিল যদিও বিশ্ব যুদ্ধ হোৱাৰ বাবে এই ভৱনতো নৰ্মাণ কৰিবলৈ ১৭ বছৰ সময় লাগিছিল ।আৰু শেষত ১৯৩১ চনৰ ২৩ জানুৱাৰীত পোন প্ৰথমবাৰৰ বাবে ‘ভাইচৰইচ অৱ ইণ্ডিয়া লৰ্ড ইৰৱিন’(Lord Irwin) এই ভৱনত থাকিবলৈ লয়। তেতিয়া এই ভৱনক ‘ভাইচৰয় হাউচ’ বুলি জনা গৈছিল। লৰ্ড ইৰৱিন এই ভৱনত থকাৰ উপৰিও ইয়াতেই প্ৰশাসনিক কাৰ্য্যলয় বনাই ইংৰাজৰ শাসন চলায়। বাস্ত্ত কলা শিল্পী লুট্যিন্চে এই প্ৰসাদৰ নক্সা ইমান মনোযোগেৰে বনাইছিল যে তেওঁ ইচ্ছা আছিল যে এই প্ৰসাদতো পৃথিৱীৰ বিখ্যাত ইংৰাজৰ বাস্ত্ত কলাৰ এক সুন্দৰ নিদৰ্শন হওক।তেওঁ এই প্ৰসাদ আৰু বিশালকৈ বনাবলৈ মন কৰিছিল । তেওঁ যি নক্সা তৈয়াৰ কৰিছিল সেইটো আৰু বিশাল আছিল ।ভাইচৰয়ে বেকাৰক সচিবালয় দা্যিত্ব অৰ্পণ কৰিছিল । লুট্যেন্চে ভাবিছিল সেই ঠাইত অকল ভাইচৰয় ভৱনেই থাককআৰু ৰাস্তাটো সম্পৰ্কেও তেওঁ মত পোষণ কৰিছিল , যদি তেওঁৰ সেই নক্সা ফলপ্ৰসু হ’লহেতেন তেতিয়া হয়তু এই বিশাল প্ৰসাদ পৃথিবীৰ প্ৰথম শ্ৰেষ্ঠ প্ৰসাদ হ’ল হেতেন। এই বিষয় লৈ দুয়োজনৰ মাজত তৰ্ক বিতৰ্কও হৈ ছিল শেষত ১৯১৩ চনত এম্পৰিয়েল দিল্লী সমিতিয়ে লুট্যিন্চৰ এই আশা পূৰণ নকৰিলে। লুট্যিন্চে বুজিছিল যে বেকাৰে চৰকাৰক খুচ কৰিবৰ বাবেই সব কৰিছিল ।লৰ্ড হাৰ্ডিংছে (Lord Hardinge) প্ৰসাদৰ খৰচ কমাবলৈ কোৱাৰ বাবে এই বিশাল প্ৰসাদ লুট্যিন্চে ভবাতকৈ সৰু হ’ল। সেই সময়চোৱাত লুট্যিন্চে ইংলণ্ডতো কাম কৰি থকাৰ বাবে প্ৰায় ভাৰতলৈ অহা যোৱা কৰিব লগা হৈছিল ।

আমাৰ সকলোৰে বাবে গৌৰৱময় বিষয় যে এই ভৱন পৃথিৱী বিখ্যাত ইটালীৰ ৰোমত স্থিত কিউৰনেল পেলেচৰ পিছতেই, বিশ্বৰ সৰ্ব বৃহৎ প্ৰসাদ হয় লগতে পৃথিৱীৰ সকলো ৰাষ্ট্ৰপতি ভৱনতকৈ বিশাল ।

ৰাষ্ট্ৰপতি ভৱনৰ ওপৰত ভাৰতীয় স্থাপত্যশিল্পৰ গুৰুত্ব প্ৰদান কৰি বনোৱা হৈছিল কেইবাটাও সুন্দৰ ৰঙীন ছজ্জা (Chajja) আৰু তাত আছে আটক ধুনীয়া কাৰ্যকলাপ লগতে ভাৰতীয় স্থাপত্যকলাৰ নক্সা দি ভৰতীয় ৰজা মহাৰজাসকলে বনোৱা বিভিন্ন ধৰণৰ পানীৰ ফোঁৱৰাও বনোৱা হৈছিল। স্তম্ভসদৃশ খুটাবোৰৰ ওপৰত সুসজ্জিত হাতীৰ চিত্ৰ, সিংহৰ চিত্ৰ আৰু ভাস্কৰ্য বনাই সুন্দৰকৈ চিত্ৰাংকন কৰিছিল। এইকলাসমূহ বিখ্যাত ইংৰাজ শিল্পী ছাৰ্লছ সাৰ্জিয়েন্ট জেগাৰে ( Charles Sergeant Jeggar )ভাৰতীয় শিল্পশৈলীক একান্তভাৱে নিৰিক্ষণ কৰি অংকন কৰিছিল। বাহিৰৰ পকীবেৰসমূহতো হাতীৰ চিত্ৰ খোদিত কৰিছিল লগতে হিন্দু মন্দিৰত থকা ঘন্টাকো ইয়াত স্থান দিবলৈ লুট্যিন্চে পাহৰা নাছিল। উল্লেখযোগ্য যে ভৱনৰ সন্মূখত থকা জয়পুৰ স্তম্ভও তেওঁৰ দ্বাৰাই অংকিত আছিল এই স্তম্ভটোত সেইসময়ৰ জয়পুৰৰ ৰজাই ৰূপৰে বনোৱা এক শুভকামনাৰ প্ৰতীক পদুম ফুলত তৰা এটা উপহাৰ দিছিল সেইটো স্তম্ভটোত আজিও লগোৱা আছে। ৰাষ্ট্ৰপতি ভৱনত থকা মূখ্য দ্বাৰ আছে ৩৫ খন।

এই ভৱনতো নিৰ্মান হবলৈ ৭০ কৌটি ইটা আৰু ৩০ লাখ পাত্থৰ আছে আৰু

২৯০০ হাজাৰ লোকে এই প্ৰসাদ বনাইছিল।

এই পাথৰবোৰ আছিল মটীয়া ৰঙৰ বালিপাথৰ (Sand stone)।

সেই সময়ত প্ৰায় ১কৌটি ৪০ লাখ টকা খৰচ কৰি এই ভৱন নিৰ্মান কৰা হৈছিল।

এই ভৱন ২লাখ বৰ্গফুটত বনোৱা হৈছিল।

বাহিৰৰ সন্মূখৰ ৱাৰান্দাত ২০টা স্তম্ভ সদৃশ খুটা , তাৰ পিছতেই আকৌ সন্মূখত ১২ টা আৰু তাৰ পিছফালেই ৮টা খুটা আছে।

অতি সামান্যতম লো / লোহা ব্যৱহাৰ কৰি এই প্ৰসাদ বনাইছিল। ওপৰত এক প্ৰকাণ্ড তামৰ গম্বুজ বনোৱা আছে যি ইয়াৰ সুন্দৰতা আৰু বৃদ্ধি কৰিছে।

৪ মহলীয়া এই ভৱনত মুঠতে ৩৪০টা ৰুম আছে।প্ৰথমতো হ’ল মূখ্য ‘দৰৱাৰ হল’ য’ত দেশৰ প্ৰধান মন্ত্ৰীসকলে শপত গ্ৰহন কৰে। এই হলতো বিভিন্ন ৰঙীন পাথৰেৰে বনোৱা হৈছে। ওপৰত প্ৰায় দুই টনৰ ঝুমৰ লগোৱা আছে। উল্লেখ যোগ্য যে এই মূখ্য দৰৱাৰ হলত মহামহিম ৰাষ্ট্ৰপতিৰ বাবে যিখন আসন থাকে সেইখনৰ পোনে পোনেই ইণ্ডিয়া গেটখন বনোৱা হৈছিল আৰু তাত প্ৰথম বিশ্ব যুদ্ধ আৰু আফগান যুদ্ধত ভাৰতবৰ্ষৰ সেনা যিসকলে ইংৰাজৰ হৈ যুদ্ধ কৰিছিল আৰু প্ৰাণ আহুতি দিছিল তেওঁলোকৰ লগতে ইংৰাজৰ সেনা মিলাই মুঠতে ১৩০০ শ্বহীদসেনাৰ নাম খোদিত কৰা আছে

স্বাধীনতাত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ নাম খোদিত কৰা আছে। ইয়াতে আছে অহিংসাৰ প্ৰতীক গৌতম বুদ্ধৰ প্ৰতিমূৰ্ত্তি । এই প্ৰতিমূৰ্ত্তি পাঁচশ বছৰৰ পুৰনি অৰু ইয়াৰ কলাত্মিকতা স্বৰ্ণ যুগৰে বুলি কোৱা হয়। যি উচ্চতাত ৰখা হৈছে তাৰ উচ্চতা ইণ্ডিয়া গেটৰ লগত সমপৰ্য্যায়ৰ। আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহামহিম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ শপত গ্ৰহণ এই বুদ্ধদেৱৰ প্ৰতিমূৰ্ত্তিৰ সন্মূখতে হৈছিল।

এই ভৱনত হিন্দু আৰু বৌদ্ধ সংস্কৃতিৰ পৰম্পৰাগত শৈলী দেখা যায়। ইয়াতে আছে ১৩০০ বছৰৰ পুৰণি এক ষাঁড়ৰ মূৰ্ত্তি যিটো পিছত অনা হৈছিল ।

ৰাষ্ট্ৰপতি ভৱনত থকা অশোকা হলত মন্ত্ৰীপৰিষদৰ শপত গ্ৰহণ হয়। আগতে এই হ’লত নৃত্যনুস্ঠান হৈছিল।ইংৰাজৰসকলৰ বাবে এই হ’ল আছিল বিনোদনৰ আৰু মনোৰঞ্জনৰ বাবে।

১০৪ জন অতিথিয়ে খোৱা বোৱা কৰিব পৰাকৈ ৰাষ্ট্ৰপতি ভৱনৰ ৱেংকেট হলটো অতি সুন্দৰ পেইন্টিঙেৰে কাঠৰ চিলিঙেৰে বনোৱা হৈছে। এই হ’লৰ বাওঁফালে এটা লাইট আছে এই লাইট ইণ্ডিকেটৰে জনাই কেতিয়া প্লেট দিব,কেতিয়া খোৱা দিব, আৰু কেতিয়া খালি প্লেটবোৰ উঠাব লাগে। কোন কোন মাংসহাৰী আৰু কোন কোন নিৰামিষভোজী জানিবৰ বাবে নিৰামিষভোজী অতিথিৰ প্লেটৰ আগত এপাহ গোলাপ ফুল ৰখা হয়।

ভৱনত থকা মাৰ্বল হলত পুৰণি বৃটিছ ৰাজপৰিয়ালৰ দুৰ্লভ ফটো আৰু মূৰ্ত্তি আছে। ইয়াৰ ভিতৰত আছে শিশুসকলৰ বাবে ছিলড্ৰেন গেলেৰী- ‘এ টকিং ৱাল’ আৰু ‘এ প্লেনেট ৱাল’ আছে য’ত শিশুসকলৰ বাবে অডিঅ’-ভিডিঅ’ৰ প্ৰদৰ্শনীও হয়। লগতে আছে টেনিচ কৰ্ট, পল’ফিল্ড, ক্ৰিকেট ফিল্ড আৰু সংগ্ৰাহলয়। ইয়াৰ বিজ্ঞান ভৱনতো ও বৰ সুন্দৰ য’ত আছে এটা ৰৱট কুকুৰ। তাৰ নাম হ’ল ক্লাম্জি (Clumsy) যাক দেখিলে নিজ চকুযুৰিয়েও সঁচা বুলি ভূল কৰে।

প্ৰতি শনিবাৰে ৩০ মিনিটৰবাবে অনুস্থিত হয় ‘চেঞ্জ অৱ গাৰ্ড’ সমাৰোহ । উল্লেখ যোগ্য যে এই সমাৰোহ সকলোৰে বাবে মুকলি হৈ থাকে।

এই ভৱনত ৪৩৯ টা পদত ৰাজভৱনত কৰ্মৰত কৰ্মচাৰী আছে। লগতে সচিবালয়ত ৩৪৭ জন আৰু ২২৫জন মালীয়ে মোগল গাৰ্ডেনত কাম কৰে। এই গাৰ্ডেনত ৫০০বিভিন্ন ফুলৰ প্ৰজাতিৰ লগতে বিশেষকৈ ১৫৯ প্ৰজাতিৰ গোলাপ, সংগীত আৰু আধ্যাত্মিক গাৰ্ডেন লগতে বনৌষধি গাৰ্ডেনো আছে। ফ্ৰেব্ৰুৱাৰী মাহত সকলো মানুহে উপভোগ কৰিবৰ বাবে এই গাৰ্ডেন মুকলি কৰি দিয়া হয়। ভাৰতীয় আৰু ইংৰাজ কলাশৈলীৰ সংমিশ্ৰণ এই মোগল গাৰ্ডেন।

১৯১২ চনতে আৰম্ভ কৰা এই ভৱনতো ১৯২৯ চনত সমাপ্ত হৈছিল আৰু ১৯৩১ চনত প্ৰথমবাৰ ‘ভাইচৰয় অৱ ইণ্ডিয়া লৰ্ড ইৰৱিনে’প্ৰথম বাৰ থাকিবলৈ লৈছিল।তেতিয়া এই ভৱনটো ভাইচৰয় ভৱন বুলি জনা গৈছিল কিন্ত্ত ১৯৪৭ ভাৰত স্বাধীন হোৱাতএই ভৱনত ভাইচৰয়ৰ সলনি গবৰ্নৰ জেনেৰেল লৰ্ড মাউন্টবেটেন থাকিব লয় । তেতিয়া এই ভৱনৰ নাম গবৰ্নৰ ভৱন ৰখা হৈছিল ।উল্লেখযোগ্য যে সেই সময়তেই ১৯৪৭ চনৰ ১৫ আগষ্টত পিংগলে ৱেংকেয়াই আমাৰ সন্মানীয় স্বাভিমান জাতীয় পতাকাখনৰ নক্সা বনাইছিল । তেওঁ এজন স্বাধীনতা সেনানী আছিল ।আৰু তেতিয়াই ইংৰাজৰ পতাকা খহাই স্বাধীন ভাৰতৰ পতাকা উৰাইছিল। মাউন্টবেটেনে ‍১৯৫০ চনত ভাৰতবৰ্ষৰ প্ৰথম জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালচাৰীক দায়িত্ব দি ভাৰতবৰ্ষ ত্যাগ কৰে। সাধাৰণ জীৱনযাপনেৰে পৰিপুষ্ট গোপালচাৰীয়ে যেতিয়া এই ভৱনত ১৯৫০ থাকিবলৈ আহিছিল তেতিয়া তেওঁ বিশাল মূখ্য শয়ন কক্ষৰ আমোদ প্ৰমোদ দেখা পাই অশান্ত হৈ উঠিছিল আৰু বেলেগত থকাৰ মন মেলিছিল কিন্ত্ত সেইটো হৈ নুঠাত তেওঁ অতিথিগৃহ পচন্দ কৰি তাতে থাকিবলৈ লৈছিল। তাৰ পিচতেই ভাৰতৰ সকলো ৰাষ্ট্ৰপতিয়ে সেই পৰম্পৰা ৰাখি অতিথি গৃহতেই থাকিব ল’লে।ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে বিচাৰিছিল যে প্ৰতিজন ৰাষ্ট্ৰপতিৰ হাতেৰে বনোৱা একোখন পেইন্টিং এই ভৱনত থাকক আৰু তেতিয়াৰ পৰাই এই পৰম্পৰাও অব্যাহত আছে।এতিয়ালৈকে প্ৰায় ১৩জন ৰাষ্ট্ৰপতিৰ কাৰ্য্যকালত প্ৰায় প্ৰতিজন ৰাষ্ট্ৰপতিয়েই এই ভৱনত কিবা এটা কৰি থৈ যায়। সৰ্বপল্লী ৰাধাকৃষ্ণণে ইয়াতে এটা পুথিভড়াল বনাই বহ বহুমূলীয়া কিতাপ উপহাৰ দি গৈছিল। জাকিৰ হুছেইনে মোগল গাৰ্ডেনৰ বাবে প্ৰায় ১০০ ওপৰ প্ৰজাতিৰ গোলাপ দিছিল। ভেংকটৰমনে এক সংগ্ৰাহলায় বনাইছিল য’ত ৬৪০ ৰূপেৰে বনোৱা সিংহাসনো ৰখা হৈছে। উল্লেখযোগ্য যে বৃটেইনৰ ৰজা জৰ্জ পঞ্চমে এই সিংহাসনত বহিছিল। মহাত্মা গান্ধীৰ পাৰ্থিব শৰীৰত ৰখা এপাহ বেলি ফুলও ইয়াত ৰখা হৈছে। কে আৰ নাৰায়ননে ইয়াত বৰষুনৰ পানী সংৰক্ষণ কৰিব পৰা প্লান্ট বহুৱাইছিল। পূৰ্বৰ আন এক ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ৰাষ্ট্ৰপতি ভৱনৰ এটা কোন ‘চিলড্ৰেন গেলেৰী’ নামত উৎসৰ্গা কৰি যায়।

এতিয়া ৬৪ বছৰৰ পাছত এই ভৱনৰ মূখ্য দ্বাৰৰ দুয়োফালে অশোল স্তম্ভ লগোৱা হৈছে। য’ত স্বাধীন ভাৰতৰ আগতে বৃটিছৰ ক্ৰাউন লগোৱা আছিল।

উল্লেখযোগ্য যে লুট্যান্চে এই ভৱন নিৰ্মান কৰোঁতে বহু বাৰ ভাৰতলৈ অহা যোৱা কৰিব লগা হৈছিল । কিন্ত্ত এই প্ৰসাদ বনোৱাৰ বাবে তেওঁ সেই সময়ত বহু কম টকাৰ মজুৰি লাভ কৰিছিল। ১৯৩‍১চনত যেতিয়া এই ভৱন মুকলি কৰা হৈছিল তেতিয়া ভাইচৰয়ে আন আনসকলৰ লগত এই সুন্দৰ প্ৰসাদ উপভোগ কৰি আছিল তেতিয়া লুট্যিন্চে তেওঁক লগ পাবৰ বহু চেষ্টা কৰিছিল । প্ৰসাদৰ বাহিৰত সেইসময়ৰ মিডিয়াই তেওঁলোকলৈ অপেক্ষা কৰি আছিল। লুট্যিন্চে বুজি পাইছিল যে তেওঁৰ গুৰুত্ব সেই সময়ৰলৈকে আছিল। তেওঁ অলপো সময় নষ্ট নকৰি লোক চক্ষুৰ পৰা আঁতৰি প্ৰসাদটোলৈ চাই ইংলণ্ডলৈ যাত্ৰা কৰিছিল আৰু পৰিবৰ্তি কালত ভাৰতলৈ অহা নাছিল। কিন্ত্ত তেওঁৰ সপোন দিঠকত পৰিনত হৈছিল কাৰণ আজিও এই প্ৰসাদৰ ঐতিহ্যই এক গৌৰৱ বহন কৰি আহিছে ।

A photo of the then newly-constructed Viceroy’s House (source Wikipedia )

End of entry
Mridu
Share this reflection

Responses

Loading responses...
+ Share Your Thoughts

Leave a Reflection

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Just quiet reflections.