~~ৰেজাঙ লাই চকুপানী উলিয়ালেও নাথোলাই ভৰসা দিয়ে~~
কাৰ্লমাক্স , ফেড্ৰিক এংগেলচৰ সাম্যবাদ অৰ্থাৎ সমতামূলক বৰ্গবিহীন সমাজৰ প্ৰতি আকৃষ্ট হৈ চীনত সাম্যবাদ প্ৰতিস্ঠা কৰিবলৈ ১৯১৯ চনতে পেকিঙৰ অধ্যাপক আৰু ছাত্ৰসকলে মাৰ্ক্সবাদ, সাম্যবাদ পঢ়িবলৈ এক সংস্থা স্থাপন কৰিছিল।এওঁলোকৰ ভিতৰত আছিল মাও সে তুংগ ( Mao Tse Tung ) বা মাও জেডঙ ( Mao Zedong )।পৰবৰ্তী কালত চীন সাম্যবাদী দলৰ নেতা হৈছিল।সুন য়াট সেন (Sun- Yat- Sen)আছিল চীনৰ ক্ৰান্তিকাৰী নেতা আৰু চীন গনতন্ৰৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল।চীনৰ ৰাষ্ট্ৰপিতা খ্যাত এই চুন য়াট সেনে চীনৰ ৰাজবংশ নিঃশেষ কৰিছিল।
১৯৪৫ ৰ পৰা ১৯৪৯ ৰ ভিতৰত চীনত গৃহযুদ্ধ আৰম্ভ হয়। আৰু এই গিহযুদ্ধত চীন গণৰাজ্যৰ নেতৃত্ব দিছিল গুৌমিদাঙ ৰাজনৈতিক দল আৰু চীনসাম্যবাদী দলৰ( Peoples Republic of China ) মাজত।ফলত চীন দুখন সাম্ৰাজ্যত পৰিণত হয়। চীনসাম্যবাদী দলে প্ৰধান ভূমিত ‘জনবাদী গণতন্ত্ৰ চীন’ (People Republic of Chaina )প্ৰতিস্থা কৰে আৰু গুৌমিদাঙ দলে টাইৱানত চীন গণৰাজ্য Republic of China স্থাপন কৰে।কিন্ত্ত টাইৱানক পিপ’ল ৰিপাব্লিক অৱ চাইনাই এতিয়াও নিজৰ বুলিয়েই কয় আৰু দুয়োখন দেশৰ মাজত এতিয়াও সংঘাত চলিয়েই আছে ।
চীন কমিউনিস্ট হোৱাৰ বাবে প্ৰায়বোৰ পাশ্চাত্য দেশে এই ঠাইখন এৰাই লিছিল। পোন প্ৰথমে সংযুক্ত ৰাষ্ট্ৰ সংঘত চমুকৈ UNOটো চীনক সোমাব দিয়া নাছিল।কিন্ত্ত ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৱে সেই সময়ত চীনক সমৰ্থন কৰি UNO ত সোমোৱা ৰাস্তা উলিয়াই দিছিল।
দ্বিতীয় বিশ্ব যুদ্ধৰ শেষত সংযুক্ত ৰাষ্ট্ৰ সংঘ ২৪ অক্টোবৰ ১৯৪৫ ত গঠন হৈছিল।
১৯৬০ চনত যেতিয়া সংযুক্ত ৰাষ্ট্ৰ ই ভাৰতক ভেট’শক্তি ‘( Veto power)প্ৰদান কৰিছিল তেতিয়া নেহেৰুৱে গ্ৰহণ নকৰি চীনক দিবলৈ কৈছিল বুলি শুনা পোৱাযায়।অাচলতে এচিয়াৰ যিকোনো এখন দেশৰ এই শক্তি থাকিব লাগে কিন্ত্ত কি কাৰণে পূৰ্বৰ প্ৰধান মন্ত্ৰীয়ে এই শক্তি লব নিবিচাৰি চীনক দিলে সেইটো সকলোৰে বাবে সাঁথৰ এতিয়া ।সেই সিদ্ধান্ত ভুল বুলি ৰাজনীতিজ্ঞ সকলে কয় ।পৰবৰ্তী কালত এই শক্তিৰ বাবে ভাৰতকে ধৰি বহু কেইখন দেশে বেলেগকৈ সংস্থা স্থাপন কৰিব লগা হৈছে।
ভেট’শক্তি হ’ল নিষেধাজ্ঞা অৰ্থাৎ অতি সৰল ভাষাত মানা কৰা শক্তি বৰ্তমান পাঁচখন দেশৰ ওচৰত এই শক্তি আছে।ৰুছ, আমেৰিকা, বৃটেইন, চীন আৰু ফ্ৰাঞ্চ।
মাও জেদাঙ (Mao Zodang) চীনৰ মাওবাদৰ পৃষ্টপোষক আৰু জু এনলাই ( Jhou Enlai) ক্ৰমে পিপ’লচ অৱ ৰিপাব্লিকৰ ক্ৰমে চেয়াৰমেন আৰু প্ৰিমিয়াৰ আছিল।পিপলছ অৱ ৰিপাব্লিক চীন হৈ পিছৰ বছৰতেই চীনে তিব্বতৰ ওপৰত আক্ৰমণ কৰিছিল কাৰণ তিব্বত আছিল অট’নমাচ দেশ আৰু এই দেশখন আছিল বৌদ্ধ ধৰ্মৰ পৰম্পৰাৰে আধ্যাত্মিক সংস্কৃতিৰ দেশ। যাৰ শাসক আছিল দালাই লামা ।তেওঁ তিব্বতৰ স্বাধীনতাৰ বাবে অহো-পুৰুষাৰ্থ কৰিছিল গতিকে আধ্যাত্মিক আৰু ৰাজনৈতিক নেতা হিচাপে দালাই লামা শান্তিপ্ৰিয় তিব্বতৰ বাসিন্দাৰ বাবে শ্ৰেষ্ঠ আছিল।
১৯৫৪ চনত চীন আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে পঞ্চশীল সন্ধি(Panchseel )কৰে য’ত পাছটি বিষয় সন্নিবিষ্ট আছিল তাৰ ভিতৰত আছিল দুয়োখন দেশৰ মাজত শান্তি স্থাপন আৰু সেইবাবেই তিব্বতৰ হৈ বাকী দেশসমূহে মাত মাতিলেও ভাৰতে সেই সময়ত নিশ্চুপ হৈ আছিল।
চীনাই তিব্বত নিজৰ হাতলৈ নিয়াৰ পিছত ভাৰত আৰু চীনৰ সীমা একে হৈ পৰে আৰু যাৰ ফলত এই সীমা বিবাদিত বিষয় পৰে।সেইদৰে অৰুনাচলকো চীনে দক্ষিন তিব্বত বুলি কয়।অৰুনাচলৰ সীমাত বৃটিছে বনোৱা মেকমোহন লাইন (Mc Mohan Line) ক ভাৰত আৰু তিব্বতৰ মাজৰ সীমাৰেখা বুলি মানি লোৱা হয়। চীনে সদায় এই ঠাইখিনি লৈ সংঘাত কৰে আৰু অৰুনাচলক দক্ষিণ তিব্বত বুলি কৈ অৰুনাচলত আক্ৰমন চলায়। অৰুনাচলৰ তাৱাঙ হল ভাৰত, ভুটান আৰু চীনাৰ সীমান্তত অবস্হিত এখন ঠাই। লাডাখ আৰু তিব্বতৰ মাজত আছে আকচাই চীন।এই ঠাইখিনি চীনক পাকিস্তানে দিছিল যিখিনি পাকিস্তানে ভাৰতৰপৰা ১৯৪৮ চনত বলপূৰ্বকভাৱে লৈছিল।
লাডাখৰ পেংগং চ’ ( Pangong Tso) আৰু চ’ মৰিন( Tso Morin)লেকো এক বিবাদিত অংশ । এই প্ৰায় এশ কিল’মিটাৰ পেংগঙ লেকৰ প্ৰায় ষাঠি শতাংশ আছে আকচাই চীনত আৰু চল্লিশ শতাংশ আছে ভাৰতৰ লডাখত। এই বিবাদিত ঠাইত চীনে হাইৱে বনাই জিঙজিয়াঙৰ পৰা ,আকচাই চীন হৈ তিব্বতলৈ।
এই কথা লৈ ভাৰত আৰু চীনৰ মাজত সংঘাতৰ সৃষ্টি হয়। সেই সময়তেই তিব্বততো চীনৰ বিৰুদ্ধে তিব্বতিসকল জাগৃত হৈ উঠে যদিও চীনে হিংস্ৰভাবে শান্তি প্ৰিয় তিব্বতিসকলক দমন কৰে ।আৰু দালাই লামা তেওঁৰ কিছু সহযোগীৰ লগত আহি ভাৰতৰ শৰণাপন্ন হয়। ভাৰতৰ মাটি এইদৰে কব্জা কৰি তাত হাইৱে বনাই চীনে ভাৰতক ক্ষুন্ন কৰিছিল। আকৌ তিব্বতত চলোৱা হিংস্ৰতাৰ বাবেও ভাৰতে চীনক মানা কৰিছিল।
ইফালে দালাই লামাক ভাৰতবৰ্ষত থাকিব দিয়া বাবে চীন ক্ষুন্ন হৈ পৰে ।১৯৬০ চনত জু এনলাই ভাৰত আহিছিল আৰু কৈছিল যে মেক মোহন লাইন আৰু আকচাই চীন যেনেদৰে আছে তেনেকৈয়ে থাকক আৰু কেৱল দুয়োখন দেশে সীমাৰপৰা অন্তত বিশ কিল’মিটাৰ দুৰলৈ সেন্যসকল আঁতৰাই ৰাখক।এইটো চীনৰ কূটনীতি আছিল কিন্ত্ত ভাৰত মান্তি হোৱা নাছিল কাৰণ এল এ চিত চীনা সৈন্য সদায় আগবাঢ়ি আহি পেট্ৰলিঙত থকা ভাৰতীয় সৈন্যক হত্যা কৰিছিল যি আজি পৰ্যন্ত একেই হৈ আছে। ভাৰতবৰ্ষই যি সন্ধি কৰিছিল সেই সন্ধিৰ সদাই সন্মান কৰিছিল। ভাৰতে ফৰৱাৰ্ড পলিচি জৰিয়তে ভাৰতীয় সেন্যক এইদৰে হত্যা কৰাৰ পিছত সেই এল এ চিত থকা ঠাইবোৰত সৈনাৰ চাউনী বহায়।
ইয়াকে দেখি মাও জেদাঙ আৰু জু এনলা খঙত একো নাই হৈ কয় যে ভাৰতে তিব্বত লব বিছাৰে ২০ অক্টোবৰ ১৯৬২ চনত তাৱাঙেদি ভাৰতীয় সেনাক প্ৰহাৰ কৰি চাৰি দিনৰ ভিতৰত চীনাসেন্যই অৰুনাচল দখল কৰিবলৈ বমদিলা দি অসমৰ তেজপুৰত প্ৰবেশ কৰিছিল।সিহঁতৰ মতে টাৱাঙখন তিব্বতৰ অংশ ।
কিন্ত্ত ইয়াতে যুদ্ধ বন্ধ কৰি জু এনলায়ে সন্ধি কৰিব বিছাৰে যদিও ভাৰতবৰ্ষই সেই আক্ৰমনত ক্ষুণ্ণ হৈ পৰিছিল আৰু সন্ধিৰ প্ৰস্তাৱ সম্পূৰ্ণৰূপে খাৰিজ কৰিছিল।
ফলত চীনাই ১৪ নবেম্বৰত আকচাই চীনৰপৰা ভাৰতক আক্ৰমণ কৰে । লাডাখৰ এখন গাওঁ চুশুল চীনে নিজৰ হাতলৈ নিব বিছাৰিছিল আৰু সেইবাবে লাডাখৰ ৰেজাঙ- লা (Rejang la)পাৰ হব বিছাৰিছিল। ৰাতি প্ৰায় দুটামান বজাত শত্ৰুক দেখি বৰফেৰে আবৃত ৰেজাঙ লাত পুৱাৰ সুৰজ উঠা লৈ অপেক্ষা কৰি ভাৰতীয় সেনাৰ মেজৰ চেতান সিঙৰ( Saitan Sing) নেতৃত্বত প্ৰায় ১২০ জন চিপাহীয়ে ৰেজাঙ লাত প্ৰায় সোতৰ হাজাৰ ফিট ওপৰত -৩০ ডিগ্ৰি চেলচিয়াচত উশাহ লবলৈ কষ্টকৰ হলেও প্ৰায় তেৰশ চীনা সেনাক পৰাভূত কৰিছিল। চীনৰ সেনা দেখি চেতান সিঙক তেওঁৰ চাৰ্লি কম্পেনীক লৈ গুছি আহিব দিছিল যদিও তেওঁ মানা নাছিল।মেজৰ চেতান সিঙে সেই সৰু ট্ৰোপটো কেইবাটাও ভাগত ভাগ কৰি তেওঁলোকৰ মনোবল অটুট ৰাখিবলৈ আঘাতপ্ৰাপ্ত হৈও ইফালৰ পৰা সিফালে দৌৰি আছিল।
চীনা সেনাৰ কেৱল আধুনিক অস্ত্ৰই নাছিল আছিল বতৰৰ লগত মিলি যাব পৰাকৈ পোচাক সা সঁজুলি ও ।সেই সময়ত ভাৰতীয় সৈন্যৰ ওচৰত পৰ্যাপ্ত গুলি বাৰুদো নাছিল বাকীবোৰতো পিছৰ কথা ।
ভাৰতীয় সৈন্যৰ আক্ৰমণত চীনা সৈন্য পিছ হুঁহকিছিল যদিও আকৌ একজোট হৈ ভাৰতীয় সৈন্যৰ ওপৰত ধাৰাসাৰ বম পেলাইছিল।পেটত আঘাট প্ৰাপ্ত হোৱাৰ পিছত তেওঁ সেনাক ভৰিত ৰচিৰে আন এটা মেচিনগান বান্ধি দিব কৈছিল।যুদ্ধত বীৰতাৰ পৰিচয় দি মৃত্যু বৰণ কৰিছিল। লগতে ১১৪ জন সেনাই মৃত্যুক আকোঁৱালি লৈ ভাৰতবৰ্ষক চীনাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল ।চেতান সিঙে তেওঁৰ গাত শেষটোপাল তেজ থকা লৈকে যুদ্ধ কৰিছিল আৰু গম্ভীৰ ৰূপে আঘাতপ্ৰাপ্ত হৈ কেপ্টেন ৰাম চন্দ্ৰ যাদৱক হেড কোৱাৰ্টাৰলৈ বাৰুদৰ বাবে পঠাইছিল আৰু কৈছিল তুমি জীয়াই থাকিব লাগিব নহলে কোনেও গম নাপাব ইয়াত কি হৈছিল ।চেতান সিঙক আঘাত প্ৰাপ্ত হোৱা দেখি বৰফৰ শিলৰ মাজত ৰাখি সেনাধক্ষৰ আদেশ মানি চীনাৰ চকুত ধুলি দি ৰাম চন্দৰ তললৈ নামি আহিছিল।
তললৈ আহি দেখিছিল ৰেজাঙ লাৰ হেড কোৱাৰ্টাৰ জ্বলি আছিল কাৰণ চীনৰ সৈন্যৰ হাতত যাতে একো নপৰে তাৰ বাবে ভাৰতীয় সেনাই সেইয়া জ্বলাই দিছিল।কি কৰিব নকৰিব ভাবি থাকোতেই তেওঁ এখন জীপ দেখিছিল আৰু ভাৰতীয় সেনাই তেওঁক চিনি পাই সম্পূৰ্ণ কাহিনী শুনি বিশ্বাস কৰিবলৈ টান পাইছিল আৰু তেওঁৰ ওপৰত কৰ্ট মাৰ্ছেল হব বুলি কৈছিল। ৰাম সিঙে কৈছিল আমি যুদ্ধ কৰিছো বীৰতাৰে আৰু সকলো সহযোগীয়ে বীৰে সাহসেৰে যুদ্ধ কৰিছিল ।ৰাম যাদৱে নিজেও নাজানিছিল যে তেতিয়ালৈকে যুদ্ধত কোনোবা জীয়াই আছে নে নাই।
কিন্ত্ত আন পাচজন সেনাক চীনা সেনাই যুদ্ধবন্দী বনাইছিল বুলি কোনেও নাজানিছিল। তেওলোকৰ ভিতৰত আছিল নিহাল সিঙ।তেওঁৰ হাতত তেতিয়াও দুটা গ্ৰেনেট আছিল গুলি আছিল কিন্ত্ত দুয়োখন হাতত গুলি লগা বাবে হাতদুখন লৰচৰ কৰিব নোৱাৰাত গ্ৰেনেতৰ পিন উলিয়াব পৰা নাছিল আৰু সেই সময়তেই চীনা সৈনিকে তেওঁক যুদ্ধবন্দী বনাইছিল।
প্ৰথমতে নিহাল সিঙক ভালকৈ আতিথ্য প্ৰদান কৰিছিল আৰু মেডিকেল সেৱাও দিছিল ।কিন্ত্ত নিহালে মনতে কিবা উমান পাই তাৰ পৰা পলাই আহিছিল।ইফালে চীনৰ চাউনীতো হাঁহাকাৰ লাগিছিল নিহাল সিঙ পলাই যোৱা দেখি ।
ৰাস্তাত আহি তেওঁ ভাবিব পৰা নাছিল তেওঁ ভাৰতত আছিল নে চীনত আছে ।তেনেতে টমী নামৰ কুকুৰটো দেখি নিহাল সিঙে তাক চিনি পাই আচৰিত হৈছিক ।সি তলত তেওঁলোকৰ চাউনীত আছিল। সি খাদ্যৰ বাবে ইমান ওপৰলৈ অহা দেখি মনতে অনুমান কৰিছিল যে তলত হয়তু সকলো শেষ হৈছিল।
তেনেকুৱাতে তলৰ পৰা ভাৰতীয় সেনাই বাইন’কুলাৰ দি নিহাল সিঙক দেখা পাই নিজৰ ভাষাত মাতিছিল আৰু তাকে শুনি নিহাল সিঙে উত্তৰ দিছিল।লগে লগে নিহাল সিঙক উদ্ধাৰ কৰিছিল ।নিহাল সিঙে চকুৰ আগত দেখা সকলো কথা আৰু চীনৰ চাউনিৰ পৰা পলাই অহা কথা জনোৱাৰ পিছত , ৰাম চন্দৰ এটা এটা কথা সত্য বুলি প্ৰমানিত হৈছিল।
ইফালে চীনাই তিনিদিন পিছত যুদ্ধ বিৰতি ঘোষনা কৰিছিল।তেওঁলোকেও স্বীকাৰ কৰিছিল যে ১৯৬২ৰ ভাৰত চীনৰ যুদ্ধতেই চীনৰ সেন্য আটাইটকৈ বেচি ক্ষতিগ্ৰস্থ হৈছিল।
ইয়াতে এটা কথা উল্লেখযোগ্য যে মেজৰ জেনেৰেল জি ডি বক্সিয়ে এটি সাক্ষাতকাৰত কয় যে চীনৰ সেনাই নিজৰ তেজেৰে এখন কাগজত লিখি বন্দুকৰ বেনেটত লগাই ৰাখিছিল যে–” These are very brave men”তেওঁ কয় যে শত্ৰুৱে যেতিয়া প্ৰশংসা কৰে তেতিয়া বুজিব লাগিব যে নিশ্চয় আমাৰ কম সেন্যই ভীতিগ্ৰস্ত নহৈ সাহসিকতাৰে কিদৰে যুদ্ধ কৰিছিল।
ইফালে ৰিজাঙ লাত যুদ্ধ শেষ হোৱা তিনি মাহ পাৰ হৈছিল আৰু সকলো সামান্য অবস্থালৈ ঘূৰি আহিছিল ।লাহে লাহে ৰিজাঙলাত বৰফ গলিবলৈ আৰম্ভ কৰিছিল। এদিন এজন ভেড়া ৰখিয়াই ভেড়া চৰাবলৈ যাওঁতে বৰফৰ ওপৰত ভাৰতীয় সেনাৰ পোচাকত কাৰোবাক দেখা পাই ভয়তে সেনাক খবৰ দিলে লগে লগে সেনা সচকিত হৈ তালৈ ঢাপলি মাৰে। তালৈ গৈ ৰেজাঙলাৰ সেই দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিলে। তাত মৃত্যু হোৱা সকলো সেনাই যিনেকৈ মৃত্যু হৈছিল তেনেকৈ ৰৈ আছিল ।এজন এজন সৈনিকে হাতত বন্দুক বা গ্ৰেনাইট লৈ যেনেকৈ যুদ্ধত ব্যস্ত আছিল তেনেকৈয়ে ৰৈ আছিল। সকলোৱে শৰীৰ, মুৰত আঘাট লৈ মূৰ্তি ৰূপত ৰৈ আছিল ।যুদ্ধত হৈ থকা বৰফৰ তুষাৰপাতৰ ফলত সকলো বৰফত পোত গৈছিল আৰু বৰফ গলাৰ লগে লগে সকলো স্পষ্ট ৰূপত দেখা পোৱা গৈছিল।অৰ্থাৎ ১৮ অক্টোবৰৰ দৃশ্য সকলোৰে সন্মূখত জলজল পটপটকৈ ওলাই পৰিছিল।সাংবাদিককে ধৰি কেইবাজনো কৰ্ণেলেসহ সকলোৱে এই দৃশ্য দেখি কান্দি পেলাইছিল। চেতান সিঙে মেছিনগানত তেতিয়াও জোৰকৈ ধৰি আছিল আৰু ভৰিতো ৰচিৰে আন এটা মেচিনগান বান্ধি থোৱা অবস্থাতে আছিল ।ভাৰতীয় সেনাৰ ১১৪ জন সেনাক ৰেজাঙ লাতে সম্পূৰ্ণ ৰাজকীয় সন্মানেৰে অন্তিম সংস্কাৰ কৰা হৈছিল আৰু চেতান সিঙৰ পাৰ্থিৱ শৰীৰ সন্মানীয় মৰ্য্যাদাৰে যোধপুৰলৈ পঠাই দিয়া হৈছিল।তেওঁক পৰমবীৰ চক্ৰ আৰু বাকীসকলোকে বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল।
আজিও ‘ৰেজাঙ লা ওৱাৰিৱৰ্চ ‘ভাৰতীয় বীৰ সেনাৰ স্মাৰক ক্ষেত্ৰ তীৰ্থভূমিৰ দৰেই পবিত্ৰ।
১৯৬২ৰ যুদ্ধৰ পিছত বিবাদিত এলেকা তিনটা ভাগত বিভক্ত কৰা হৈছিল- অৰুনাচল আৰু চিকিমৰ পূৰ্ব ভাগ ,উত্তৰাখণ্ড আৰু হিমাচলৰ মধ্যভাগ আৰু লডাখৰ পশ্চিমী ভাগৰ ভাৰত আৰু চীনৰ সীমান্ত । এই সীমাকেই কোৱা হয় LAC( Line of actual control)।
১৯৬৭ চনত ১১ ৰ পৰা ১৪ চেপ্টেম্বৰত ভিতৰত ভাৰতীয় সেনাই চীনৰ বিৰুদ্ধে ৰেজাঙ লাৰ তীব্ৰ প্ৰতিশোধ লয় চিকিমৰ নাথোলা বৰ্ডাৰত। চীনে চিকিমকো নিজৰ দেশৰ অন্তৰ্ভুক্ত কৰিব বিছাৰিছিল আৰু চিকিম নাথোলা খালি কৰিবলৈ হুংকাৰ দিছিল ।কৰ্ণেল ৰায় সিঙ,বিগ্ৰেডিয়াৰ এম এচ এচ বক্সি, কেপ্টেন হৰভজন সিঙৰ , নেতৃত্বত কৌশলপূৰ্ণ ৰণনীতিৰে চীন সৈন্যক থকাসৰকা কৰিছিল আৰু গোলা বাৰুদৰ বাঙ্কাৰবোৰ নষ্ট কৰি দিছিল।চীনা সৈন্য বিধস্ত হৈ ১ অক্টোবৰ ১৯৬৭ ত আকৌ চিকিমৰ চাও লাত আকৌ আক্ৰমণ চলায়।ইয়াতো ভাৰতীয় সেনাই বীৰত্ব দেখুৱাই নিজে শ্বহীদ হৈ ভাৰতবৰ্ষক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিছিল।ৰঙা চীনে ভাৰতীয় সৈন্যৰ পৰা পোৱা প্ৰত্যাহ্বানৰ উচিত শিক্ষা পাইছিল।সাম্যবাদৰ নীতি মানিলেও চীনৰ দুষ্কাৰ্য পাকিস্তানতকৈ কোনো গুণে কম নহয় ।চীনে ভাৰতক আক্ৰমণ কৰিলেও মনে প্ৰাণে কেতিয়াও দুৰ্বল বুলি নাভাবে কাৰণ ভাৰতীয় সৈন্যৰ ওচৰত দুবাৰকৈ বিধ্বস্ত চীন।
১৯৮৭ত অৰুনাচলৰ চুমদৰঙ চু ভেলিত চীনে আক্ৰমণ চলাইছিল কিন্ত্ত ইয়াত কোনো ধৰণৰ হতাহত হোৱা বাতৰি পোৱা নাযায় ।বৰ্তমানৰ কথা সকলোৱে দেখিছো । চীন আৰু পাকিস্তানে সদাই ভাৰতবৰ্ষক যেতিয়াই তেতিয়াই আক্ৰমণ কৰি অহা দেখিবলৈ পোৱা যায়।অাৰু দুয়োখন দেশেই প্ৰায়েই যুদ্ধবিৰামৰ নীতি ভংগ কৰে।এই মহামাৰিৰ ত্ৰাসতো দুয়োখন দেশে ভাৰতবৰ্ষক প্ৰায়েই এইদৰে আক্ৰমন কৰা পৰিলক্ষিত হৈছে ।
(চেতান সিঙৰ দৰে হাজাৰ বীৰ সেনাদক্ষ ভাৰতীয় সেনাত থকাৰ বাবে গৌৰৱ অনুভৱ কৰোঁ যাৰ জীৱনৰ বিনিময়ত আমি শান্তিৰে উশাহ লব পাৰোঁ ।চীনে প্ৰায় ভাৰতীয় সেনাৰ প্ৰাণ লয় ।আমাৰ পইচাতেই সিহঁত চলি থাকে কাৰণ আমি চীনৰকম দামৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ। লগতে বিভিন্ন ইলেক্ট্ৰনিক বস্ত্ত । কিন্ত্ত দেশৰ স্বাৰ্থত যিমান দুৰ সম্ভৱ হয় সিমানলৈকে আমি সেইবোৰ বৰ্জন কৰি সিহঁতৰ আৰ্থিক অবস্থাত অলপ হলেও আঘাত কৰিব পাৰো ।যিমান টনকিয়াল হব সিমানেই সিহঁতে আমাক আক্ৰমণ কৰিব। গতিকে সকলো দৃঢ় প্ৰতিজ্ঞা বদ্ধ হওক চীনৰ সামগ্ৰী ,মোবাইল এপবোৰ বন্ধ কৰোঁ আহক।)
**প্ৰীতি ৰেখা বৰা**
১৮/০৬/২০২০