Writings
& Reflections
Essays, poems, and cultural reflections by Dr. Priti Rekha Bora.
Words that touch.
Lessons that stay.
All Writings
My FEELING
No one should be trusted blindly. Never trust someone in such a way that you have to completely give up your own judgment, self-respect, or sense of understanding.Trust is undoubtedly a beautiful feeling. It binds hearts and strengthens relationships. But when trust becomes “blind,” that same trust can sometimes turn into the cause of deep…
অনুভৱ
বিশ্বাস কোনো মানুহকে অন্ধভাৱে বিশ্বাস কৰিব নালাগে মানুহক এনেদৰে বিশ্বাস নকৰিব যে নিজৰ বিবেচনা, আত্মসম্মান বা বিচাৰবুদ্ধি সম্পূৰ্ণকৈ এৰি দিব লগা হয়। বিশ্বাস নিশ্চয়েই এটি সুন্দৰ অনুভূতি। ই হৃদয়ক বান্ধি ৰাখে, সম্পৰ্কবোৰ দৃঢ় কৰে ৷ কিন্তু যেতিয়া বিশ্বাস ’অন্ধ’ হৈ যায়,তেতিয়া সেই একে বিশ্বাসেই কেতিয়াবা গভীৰ আঘাতৰ কাৰণ হৈ উঠিব পাৰে। সময়ৰ লগে লগে মানুহ…
FEELINGS
The “mind” is a subtle and profound part of a human being. It cannot be seen with the eyes, yet it can be deeply felt. The mind is the source of our thoughts, emotions, desires, dreams, and imagination. When we feel happy, we smile; when we feel sad, we cry. When we like or dislike…
অনুভৱ
‘মন’ হৈছে মানুহৰ অন্তৰৰ এটা সূক্ষ্ম আৰু গভীৰ অংশ, যাক চকুৰে দেখা নাযায় কিন্তু অনুভৱ কৰিব পৰা যায়। মনেই হৈছে আমাৰ চিন্তা, অনুভূতি, ইচ্ছা, সপোন আৰু কল্পনাৰ আধাৰ। আমি যেতিয়া সুখ অনুভৱ কৰোঁ তেতিয়া আমি হাঁহো, আমি যেতিয়া দুখ অনুভৱ কৰোঁ তেতিয়া আমি কান্দো, কিবাকিবি ভাল পাওঁ বা কিবাকিবি বেয়া পাওঁ, খং কৰোঁ,আবেগিক হওঁ, সিদ্ধান্ত…
FEELINGS
Many times in our lives, we love the people who come into our world, and slowly a deep closeness grows with them. Gradually, we begin to expect them to be the way we imagine. We hope they become the way we want them to be. We want them to think like us, feel like us,…
অনুভৱ:
আমি বহুসময়ত আমাৰ জীৱনলৈ অহা বহু মানুহক ভালপাওঁ আৰু তেওঁলোকৰ লগত আমাৰ অন্তৰংগতা গঢ়ি উঠে ৷লাহে লাহে আমি তেওঁলোকক নিজে ভবা ধৰণেৰে বিচাৰিব ধৰোঁ৷আমি আশা কৰোঁ তেওঁলোক আমি বিচাৰাৰ দৰে হওক ৷তেওঁলোকে আমাৰ দৰে ভাবক,আমাৰ দৰে অনুভৱ কৰক,আমি বিচাৰৰ দৰে সলনি হওক। কিন্তু সঁচা কথাটো হ’ল হ’ল— আমি নিজে থকাৰ দৰে প্ৰত্যেক মানুহেই নিজৰ এখন…
অনুভৱ
নাৰীৰ নীৰৱতা এগৰাকী নাৰী কেতিয়াবা নীৰৱ হৈ থাকে,কাৰণ পিছফালৰ কঠিন শব্দৰ কোলাহলত নিজৰ মৰ্যাদা হেৰুৱাব নিবিচাৰে। মানুহে পিছফালে যি কয়, সেইবোৰ শব্দই তাইৰ হৃদয়ক স্পৰ্শ নকৰে বুলি নহয় ,স্পৰ্শ কৰে , কেতিয়াবা বেদনাও দিয়ে। কিন্তু তাই সদায় হাঁহিমূখে আগবাঢ়ে। কাৰণ তাই জানে , নিজৰ সপোন, নিজৰ কাম, নিজৰ পৰিচয়, নিজৰ আত্মসম্মান আনৰ সৰু চিন্তাতকৈ বহু…
শিৱ কোন ? শিৱৰাত্ৰি কিয় পালন কৰা হয় ?
হিন্দুসকলে শিৱক পূজা কৰে কাৰণ শিৱ হ’ল জীৱনৰ ,বিনাশ, ৰূপান্তৰ আৰু আভ্যন্তৰীণ শান্তিৰ গভীৰ আধ্যাত্মিক সত্যৰ প্ৰতীক। হিন্দু ধৰ্মবিশ্বাস অনুসাৰে শিৱ কেৱল এজন দেবতা নহয়—তেওঁ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত শক্তিশালী ৰূপত সমতা স্হাপন কৰে আৰু চিৰন্তন সত্যৰ এক প্ৰতীক ৷ তেওঁ হ’ল – ১/বিনাশক আৰু ৰূপান্তৰকাৰী হিন্দু দৰ্শনত সৃষ্টিৰ তিনিটা মুখ্য শক্তি আছে— সৃষ্টি, পালন আৰু বিনাশ।…
সোৱৰণিৰ বালিচৰ ৮
সেই যে স্কুলত শিক্ষক দিৱসত এটকা এটা দি টিকট এখন লৈ আলপিনটোৰে ফ্ৰকটোত লগাই থোৱা দিনবোৰ মনত আছেনে ? একো বুজি নোপোৱা দিনবোৰ ৷আগদিনা ৰাতি দুখনমান আৰ্ট পেপাৰত দুপাহমান ফুল আঁকি ৰং পেঞ্চিলেৰে ৰং বুলাই ছাৰ বাইদেউলৈ লৈ যোৱা দিনবোৰ ৷ শ্ৰদ্ধা ,ভয়ৰ মাজত থকা ভালপোৱাবোৰ৷ অযত্নৰ মাজেৰে তেওঁলোকলৈ যত্নৰে কৰা সেই ড্ৰয়িংবোৰৰ মাজত আছিল…
অহংকাৰ
আপুনি কেতিয়াবা বিশেষ অহংকাৰী মানুহৰ সন্মুখীন হৈছেনে ? কিছুমান ব্যক্তিৰ ,তেওঁলোকৰ আচৰণে আনক কেনেদৰে প্ৰভাৱিত কৰে সেইটো চিনি পোৱাৰ ক্ষমতাৰ অভাৱ ৷লালন-পালন , পৰিৱেশ, হয়তু সফলতা আৰু ক্ষমতা, শ্ৰেষ্ঠত্ব প্ৰমানৰ ইচ্ছা শক্তিয়ে তেওঁলোকৰ মানসিক স্হিতি এনেদৰে কাবু কৰি ৰাখে যে সকলো পৰিবেশতে তেওঁলোকৰ মূখাবয়ৱ আৰু শাৰীৰিক স্হিতিয়ে যি বিচাৰ ভাৱনা ব্যক্ত কৰে তাত তেওঁলোকক অহংকাৰী হিচাপে দেখা…
নিসংগতা
কেতিয়াবা, মানুহে নিজৰ বাবে অকলে থাকিব বিচাৰে— হয়তো কিছু মানসিক শান্তি বিচাৰি ,বা নিজকে অলপ শান্তি দিবলৈ,বা নিজকে ভালকৈ বুজিবলৈ ৷কেতিয়াবা অকলশৰীয়াকৈ থাকিব বিচাৰে মানসিক চাপৰ পৰা অলপ দুৰৈত থাকিবলৈ ৷ নিজৰ মনৰ ভিতৰত দোদুল্যমান অবস্থাত থকা দুখবোৰক সংগ দিবলৈও কেতিয়াবা মানুহৰ নিসংগতা ভাল লাগে ৷ অবাস্তৱ আশাবোৰ সপোনৰ ৰূপত বাস্তৱ হোৱাৰ পৰিকল্পনা কৰিবলৈ ইচ্ছা…
জীৱনৰ ৰংবোৰ হেৰাব নিদিব
জীৱনৰ ৰংবোৰ হেৰাব নিদিব জীৱনটো স্ফুৰ্তি ,আনন্দ, দুখ,সংগ্ৰাম, প্ৰত্যাহ্বানৰ মুহূৰ্তৰে ভৰা এক অবিশ্বাস্য যাত্ৰা। জীৱন যেন এটা কেনভাছ🏖️ য’ত আমি আমাৰ সপোনবোৰ সদায় আঁকো🖌️,সচাকৈয়ে এখন কিতাপ 🏖️য’ত প্ৰতিদিনে 📖পৃষ্ঠা লুটিয়ালে এটি নতুন অধ্যায়✒️ দেখা যায়৷ আবেলিৰ বেলিটোৰ🌝 হেঙুলীয়াখিনিৰ পিছৰ আন্ধাৰতে⚫ প্ৰতিটো নিৰাশা যেন শেষ হয় প্ৰতিটো পুৱাৰ সূৰ্য্য উদয়ে 🌞🌻জীৱনলৈ আশাৰ এক নতুন আৰম্ভণি আনে…
জীৱনৰ উদ্দেশ্য
জীৱনৰ উদ্দেশ্য কেৱল বস্তুবাদী মনেৰে সুখী হোৱা নহয়, বৰঞ্চ আমাৰ ওচৰে পাজৰে থকা সকলোৰে বাবে সন্মানসহকাৰে আপোন হোৱা আৰু দয়ালু হোৱা লগতে পৃথিৱীখনক আপুনি পোৱাতকৈ আৰু বেছি ভালকৈ দি যোৱা। জীৱনত নিজক ভালকৈ বুজি পোৱা, তাৰ পিছতহে নিজৰ ভাললগাখিনি পাবলৈ চেষ্টা কৰাৰ লগতে ক্ষমা ,সততা ,প্ৰেম আৰু দয়াৰে কৰ্ম কৰা ৷সেই উদ্দেশ্যৰ মাজত নিজক যদি …
সোৱৰণিৰ বালিচৰ ৭
*কেতিয়াবা এৰি থৈ অহা স্কুলৰ সেই ভাল লগা দিনবোৰলৈ মনত পৰেনে? এল পি স্কুল , হাইস্কুলৰ সেই ভাল লগা দিনবোৰৰ কথা মনত পৰাৰ লগে লগে মনটো কিবা এটা বুজাব নোৱাৰা অনুভূতিৰে শিহৰিত হৈ পৰে৷ আছলতে সেয়াই হ’ল পঢ়ি অহা স্কুললখনৰ প্ৰতি থকা আমাৰ আবেগ৷স্কুল আমাৰ বাবে মন্দিৰৰ দৰে আছিল য’ত আমি জ্ঞান লাভ কৰিছিলো ৷স্কুলৰ…
অনুভৱ
অনুভৱ বৰ মনত পৰিছেব্যস্ত নেকি?তোলৈ ফোন কৰিম বুলিওৰৈ গৈছিলোজানোচা তই দেখিওফোনটো নুঠাৱজাননেপুৰণা কথাবোৰবৰ মনত পৰিছে৷এলবামটো খুলি চাইছিলোঁধৰিব পৰা নাইফটোবোৰ বেয়া হৈছেনে চকুযোৰচিঠিবোৰৰ চিঞাহীৰ ৰঙটোতসেই নীলা নাইকিন্তু স্মৃতিবোৰ একেইৰঙীন হৈয়ে আছেশুনচোনজীৱনত ইমান ব্যস্ত নহবিযে নিজৰ বাবেও সময় নাই৷কেতিয়াবা ভাবো !হঠাতে যদি তোৰমোলৈ মনত পৰি ফোনটোতমোৰ নামটো বিচাৰমই বা ফোনটো ৰিছিভ কৰিবলৈ থাকো নে নাই৷ ড° প্ৰীতি…
মোক্ষ
মোক্ষ * . তাই এম্বুলেন্সখনত উঠি ঘৰখনলৈ চালে৷ এই যে ঘৰখন তাই আৰু গিৰিয়েকে কম কষ্টৰে বনাইছিলে নে ৷সেই দিনবোৰ তাইৰ এতিয়াও মনত আছে৷ মা মোৰ পঢ়িবলৈ বৰ মন আছে৷ এতিয়াই বিয়াখন নিদিলে নহয় নে৷পঢ়িবি আকৌ কিন্তু ইমান ভাল চাকৰি কৰা লৰা এটা পাইছোঁ যেতিয়া হেৰুৱাব নোৱাৰি নহয় ৷কিন্তু মা যদি মোক তেওঁ পঢ়িবলৈ নিদিয়ে…
ৰামলল্লা মূৰ্ত্তিজনাৰ বিষয়ে
ৰামলল্লাৰ ধুনীয়া মূৰ্ত্তিজনা আজি সমগ্ৰ ভাৰতবৰ্ষ আনন্দত আত্মহাৰা কাৰণ আজি ৰাম তেওঁৰ নগৰত নিজৰ ঘৰত বিদ্যমান৷ কেইবাটাও যুগৰ অৱসানৰ পিছত আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰলো সকলো৷ ইমান সুন্দৰ ৰামলল্লাৰ মূৰ্ত্তি চালে চাই থাকিব মন যায়৷ কিন্তু কলা ৰঙৰ৷সাধাৰণতে আমি মন্দিৰত পিটল , সোণোৱালী ,বগা মাৰ্বলৰ মূ্ৰ্ত্তি দেখি দেখি আমাৰ মনত তেনেকুৱা এটি ধাৰণা গঢ়…
শিশুক সংস্কাৰমূখী হ’বলৈ শিকাঁও আহক
ঘৰখনেই হ’ল শিশুৰ শিক্ষাৰ কঠীয়াতলি। প্ৰায়বোৰ পৰিয়ালতেই মাতৃগৰাকীয়েই হয় শিশুটিৰ প্ৰথম শিক্ষয়িত্ৰী। কাৰন শিশুসকলে মাতৃগৰাকীৰ পৰাই আদিপাঠ গ্ৰহণ কৰে । শিশুসকল আমাৰ ভবিষ্যতৰ সম্পদ।শিশু অবস্থাতে আমি যি সংস্কাৰ দিওঁ সেই সংস্কাৰ সিহঁতে আজিবন ধৰি মনত ৰাখে।শিশুসকলৰ মাক – দেউতাকৰ এই ক্ষেত্ৰত অৰিহণা বহুত কাৰণ তেওঁলোকৰ পৰাই শিশুসকলে এই সংস্কাৰ গ্ৰহন কৰে ।আহাৰ গ্ৰহণ কৰাকে ধৰি…
নিৰ্বান
বুদ্ধদেৱৰ ধৰ্ম দৰ্শন প্ৰকৃততে নৈতিকভাৱে জীৱন – যাপন কৰিব পৰা এক ব্যৱহাৰিক দৰ্শন। য’ত তেওঁ তাত্বিক আলোচনাক সম্পূৰ্ণৰূপে পৰিহাৰ কৰি জীৱনোপযোগী এক ব্যৱহাৰিক দৰ্শনৰ সূত্ৰপাত কৰি জীৱনৰ প্ৰকৃত সত্যক জানিবলৈ দিছে।মানৱ জীৱনত থকা দুখ সুখৰ নিবৃত্তিৰ বাবে তেওঁ সুদীৰ্ঘকাল সাধনাত নিমগ্ন হৈ চাৰিটা মূল সত্যৰ সন্ধান কৰি পাইছিল যাক’ চত্বাৰি আৰ্যসত্যানি বা অৰ্যসত্য ‘বুলি কোৱা…
অসমৰ লোকশিল্পসমূহ
লোক-শিল্পত আমাৰ সমাজৰ প্ৰকৃত ছবি ফুটি উঠে । দৈনন্দিন প্ৰয়োজনৰ লগতে সামাজিক অনুষ্ঠানৰ লগতো লোক-শিল্পৰ সম্বন্ধ আছে ।অসমৰ গাঁৱৰ মানুহে নিত্য ব্যৱহাৰৰ কাৰণে লোক থলুৱা সম্পদৰ ওপৰত নিৰ্ভৰ কৰি আহিছে ।অসমৰ সমাজ ব্যৱস্থাত কুটিৰ শিল্পই আৰ্থিক উন্নয়নত বিশেষভাৱে প্ৰভাৱ পেলাইছে। ভাৰতীয় অৰ্থনীতিতো বিভিন্ন ৰাজ্যৰ কুটীৰ শিল্পই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ।আধুনিক যন্ত্ৰপাতিৰ সহায় নোলোৱাকৈ…
বুদ্ধ ভিক্ষুনী আম্ৰপালি
“ঔঁ মনি পদমে হুম” ॐ मणि पदमे हूम्’ এদিন এহাল দুখীয়া দম্পতীয়ে ঘৰলৈ উভতি অহাৰ পথত এজোপা আমগছৰ তলত দিপলিপ কন্যা কেছুৱাজনী দেখা পাই ঘৰলৈ লৈ আনে । আমগছ জোপাৰ তলত পোৱা বাবে তাইৰ নাম ৰাখিলে আম্ৰপালী।লাহে লাহে হিয়াৰ আমঠু আম্ৰপালীজনী ডাঙৰ হৈ আহিব ধৰিলে ।আম্ৰপালীৰ দেহৰ ভাঁজে ভাঁজে ফুটি উঠিছিল সৌন্দৰ্য্যৰ লালিমা। যিজনে আম্ৰপালীক…
সোঁৱৰণিৰ বালিচৰ ৬
ক’লা পৰা চিমনিটোৰ ওপৰত কাগজেৰে মেৰিয়াই লোৱা লেম্পটোলৈ কেতিয়াবা মনত পৰেনে বাৰু? সেই যে কাৰেণ্ট যোৱাৰ পিছত ঢিমিক-ঢামাক পোহৰত কিতাপ পঢ়িবলৈ লোৱাৰ মাদকতাবোৰ কেতিয়াবা বিছাৰি ফুৰিবলৈ মন নাযায়নে ?ল’ড শ্বেডিঙত আন্ধাৰে আবৰি ধৰাৰ লগে সকলোৰে ঘৰে ঘৰে জ্বলিছিল সেই লেম্পবোৰ।ঘৰৰ পৰা ওলাই আহি ইঘৰে সিঘৰৰ লগত মনৰ কথাবোৰ পাতিবলৈ যেন দিছিল এই ল’ড শ্বেডিঙে ।…
তেজেৰে ধূসৰিত কাশ্মীৰ
আপোনালোকক জনাবলৈ পাই অতন্ত্য সুখী যে ২০ ডিচেম্বৰ 2020 ত মোৰ দ্বিতীয়খন গ্ৰন্থ , “তেজেৰে ধূসৰিত কাশ্মীৰ” উন্মোচন কৰা হয়| আশাকৰো পঢ়ুৱৈ সকলে গ্ৰন্থখন আঁকোৱালি লব ।
ৰাজতৰংগিনী সাম্ৰাজ্যৰ প্ৰহেলিকা
~ৰেজাঙ লাই চকুপানী উলিয়ালেও নাথোলাই ভৰসা দিয়ে~~
~~ৰেজাঙ লাই চকুপানী উলিয়ালেও নাথোলাই ভৰসা দিয়ে~~ কাৰ্লমাক্স , ফেড্ৰিক এংগেলচৰ সাম্যবাদ অৰ্থাৎ সমতামূলক বৰ্গবিহীন সমাজৰ প্ৰতি আকৃষ্ট হৈ চীনত সাম্যবাদ প্ৰতিস্ঠা কৰিবলৈ ১৯১৯ চনতে পেকিঙৰ অধ্যাপক আৰু ছাত্ৰসকলে মাৰ্ক্সবাদ, সাম্যবাদ পঢ়িবলৈ এক সংস্থা স্থাপন কৰিছিল।এওঁলোকৰ ভিতৰত আছিল মাও সে তুংগ ( Mao Tse Tung ) বা মাও জেডঙ ( Mao Zedong )।পৰবৰ্তী কালত চীন…
সোঁৱৰণিৰ বালিচৰ#৫
~~সোঁৱৰণিৰ বালিচৰ ৫ ~~ স্কুলৰ বাৰাণ্ডাখনত বহি তাইলৈ চাই আছিলোঁ অবাক হৈ চাইকেল লৈ স্কুল আহিছে। দুইজনী বায়েক ভনীয়েকে চাইকেল চলাই স্কুল আহে । গোটেই স্কুলখনত দুখনেই চাইকেল।মই পঞ্চম শ্ৰেনীত নাম লগাইছো । স্কুল বহু দুৰৈত আমাৰ কোৱাৰ্টাৰৰ পৰা। খোজ কাঢ়ি অহা যোৱা কৰোঁ প্ৰায় ।টিফিনত সেইদিনা মায়ে ভাত, দাইল আৰু অমলেট দিছিল।তাইৰ চাইকেলখনলৈ চাই…
POK – (Pakistan Occupied Kashmir) Secret Unfolded
POK নামটোৰ অন্তৰালত কি আছে বাৰু জানিব মন নাযাই নে – ইয়াৰ বিষয়ে জানিবলৈ হলে আমি জম্মু কাশ্মীৰৰ ইতিহাস অলপ জানিলে বেছি ভাল হয় ।এই সম্পৰ্কে উল্লেখ আছে ‘ৰাজতৰঙ্গিনীত’। ‘ৰাজতৰঙ্গিনী’হ’ল এখন ঐতিহাসিক গ্ৰন্হ। বুৰঞ্জীবিদ কল্হণে ১২ শতাব্দীত এই ‘ৰাজতৰঙ্গিনী’ত কাশ্মীৰৰ কথা লিখিছিল। ৰাজতৰঙ্গিনী সংস্কৃত ভাষাত লিখিত এখন গ্ৰন্হ। ৰাজতৰঙ্গিনীৰ অৰ্থ হ’ল ‘ৰজাসকলৰ নদী বা ৰজাসকলৰ…
কিম জঙ উন
১৯১০ চনত কোৰিয়া জাপানৰ অধিন আছিল। ১৯৪৫ চনত দ্বিতীয় বিশ্ব যুদ্ধত অন্তত জাৰ্মানে আত্মসমৰ্পণ কৰাৰ পিছত আমেৰিকা আৰু ছোভিয়েত ৰাছিয়াৰ সহযোগত দুটা ভাগত বিভক্ত হয়। ইয়াৰে উত্তৰ ভাগক ছোভিয়েত ৰাছিয়াই আৰু দক্ষিণ ভাগক আমেৰিকাই অধীন কৰি লয়।দুয়োখন দেশ একত্ৰীকৰণৰ পক্ষপাতী নোহোৱা বাবে ১৯৪৮ চনত উত্তৰ কোৰিয়াত ছচিয়েলিষ্ট ডেম’ক্ৰেটিক পিপ’ল ৰিপাব্লিক অৱ কোৰিয়া গঠন হয় আৰু…
আজি পৃথিৱী দিৱস
আমাৰ স্পৰ্শত তেওঁ সুখ পায়আমাৰ উশাহত তেওঁ শান্তি পায়আমাৰ পিয়াহ পলালে তেওঁৰ অবসাদ দুৰ হয়আমাৰ ভোক নিবাৰনত তেওঁ তৃপ্ত হয়আমাক সুৰক্ষিত দেখিলেই তেওঁ মিছিকিয়াই হাঁহেতেওঁৰ কোলাতেই আছে নদ- নদী,পাহাৰ -পৰ্বত,জান-জুৰি নিজৰা ,জীৱ জন্ত্তৰ বসবাসকোন তেওঁ ?তেওঁ হ’ল আমাৰ পৃথিৱী…আজি ২২এপ্ৰিল ।আজি পৃথিৱী দিৱস । আমেৰিকাত ১৯৭০ চনত পোন প্ৰথমবাৰ এই দিৱস চিনেটৰ জেৰল্ড নেলছনে পালন…
ঔম ধ্বনিৰ ৰহস্য আৰু মহত্ব
~~ ঔম ~~ ভাৰতীয় সংস্কৃতি পৃথিৱীৰ প্ৰাচীনতম সংস্কৃতি। বেদ, উপনিষদ, পুৰান মহাকাব্যৰ সম্ভাৰে সংস্কৃতিৰ গাম্ভীৰ্য্যতা আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ নিদৰ্শন এই হিন্দু সংস্কৃতি। বৈদিক যুগৰপৰাই ব্ৰহ্মা, ব্ৰহ্মাণ্ড, আত্মা পৰমাত্মা আদিৰ ৰহস্যৰ কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। ব্ৰহ্মৰ অৰ্থ হৈছে বিস্তাৰিত বা প্ৰসাৰিত হৈ থকা।’ঔম ‘ধ্বনি হ’ল সকলো মন্ত্ৰৰ মূল কেন্দ্ৰবিন্দু। এই ধ্বনিক অনাদি কালৰপৰাই ৰহস্যময়…
‘নমস্কাৰ’ – Published in Asomiya Khabar, 05-Apr-2020
‘নমস্কাৰ’ – পৰম্পৰাগত সংস্কৃতিৰ অন্তৰালত আধ্যাত্মিকতা URL: https://www.assamiyakhabor.com/publishfinal/asset/guwahati/05042020/4.html
‘নমস্কাৰ’ – published in Dainandin Barta ,01-Apr-2020
Date: 01-Apr-2020 Dainandin Barta, 01-Apr-2020, Page#4
‘নমস্কাৰ’ – পৰম্পৰাগত সংস্কৃতিৰ অন্তৰালত আধ্যাত্মিকতা
নমস্কাৰৰ অৰ্থ হাজাৰ বছৰৰ আগতেই প্ৰচলিত এই নমস্কাৰ শব্দটো প্ৰকৃততে সংস্কৃত শব্দ ‘নমস্’ শব্দৰ পৰা আহিছে । যাৰ অৰ্থ হ’ল এজন ব্যক্তিৰ আত্মাই আন এজন ব্যক্তিৰ আত্মাৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰা।
হিমন্ত বিশ্ব শৰ্মা
তেওঁ আন কোনো নহয় তেওঁ #হিমন্ত বিশ্ব শৰ্মা # আগবেলাতে তেজপুৰ তাৰ পিছত বৰপেটা , মিটিং ,সংবাদমেল , এন এইচ এম তাৰ পিছত আকৌ জি এইম চি এইচ ঘূৰি তৎপৰতাৰে সকলো সময়ত অসমবাসীৰ ওচৰত ঠিয় দিয়া মন্ত্ৰীগৰাকীয়েই হ’ল হিমন্ত বিশ্ব শৰ্মা । তেওঁক যিমানেই সমালোচনা নকৰক কিয় আজি বহুদিনৰ আগতেই উপলব্ধি কৰিছিলো তেওঁৰ ৰাজনৈতিক দক্ষতা।অসমৰ…
ফাগুন মানেই ৰঙবোৰ
~*~ ফাগুন মানেই ভাল লগা ৰঙবোৰ ~*~ শীতৰ ডাঠ কুৱলীৰ আৱৰণ আঁতৰাই পদূলিত ভুমুকি মাৰিছে ফাগুনে। ফাগুন মানেই পলাশ মদাৰ শিমলু… উৰুঙা ফাগুনে পলাশ,মদাৰ,শিমলুৰ মিশ্ৰিত ৰঙা আঁচলৰ দলিচা পাৰি, জগাই দি যায় উতলা ৰঙীন সপোনবোৰ। সৰাপাতবোৰ উৰি উৰি পলাশৰ ৰঙাবোৰৰ বুকুত দি যায় মৰমসনা মিঠা মিঠা ভালপোৱা।। বতাহত দুলি দুলি সৰি পৰা শিমলুৰ সেন্দুৰীয়াখিনিক উদং…
জ্ঞানমালিনী সভাৰ পৰা শংকৰ সংঘলৈ
জয় গুৰু শংকৰ কলংসুঁতিৰ পাৰত,১৮৯৩ চনত পণ্ডিত সনতৰাম বৰাৰ নগাওঁৰ পলাশনি গাওঁত জন্ম হৈছিল। পেচাত তেওঁ ৩২ নং কৰৈয়নি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান আচাৰ্য্য আছিল ।সেই সময়ত প্ৰধান আচাৰ্য্যক পণ্ডিত বুলি সম্বোধন কৰিছিল ।শ্ৰীমন্ত শংকৰদেৱৰ নামধৰ্মৰ প্ৰতি অগাধ ভক্তি আৰু মহাপুৰুষীয়া প্ৰথাৰ প্ৰতি তেখেতৰ আছিল অপৰিসীম বিশ্বাস ।এই ভক্তিতেই তেওঁ মহাপুৰুষজনাৰ ৰচিত সকলো শাস্ত্ৰই তন্ন-তন্ন কৈ…
জুয়ে পুৰা অসমৰ কিছু স্মৃতি …..
সময় পালে পঢ়িবছোন .. জুয়ে পুৰা অসমৰ কিছু স্মৃতি ….. কোনে কয় নতুন প্ৰজন্মই একো কৰিব নোৱাৰে বুলি?কোনে ক’ব সিহঁতৰ আবেগ কম বুলি? কোনে ক’ব সিহঁতে কেৱল মবাইল ইনটাৰনেটৰ পৃথিৱীখন হে ভাল পাই বুলি ????? আজি তেওঁলোকৰ আবেগত অভিভূত মই। মোৰ অনুজসকল তোমালোকলৈ সহস্ৰ প্ৰনাম 🙏🙏🙏🙏 “অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম” ৮৩ আন্দোলন…
“কিছুমান কথাই যেতিয়া মানুহৰ অন্তৰ চুই যায়” (Published in Axomia Purvanchal Sonbad, Nagaon, 24-Nov-2016)
শ্বহীদ অনিল বৰা (published in Dainik Asom)
Published in Dainik Asom, 23-Nov-2019 http://www.assamtribune.com/scripts/dainiknew.asp?id=nov2319/Page13 শ্বহীদ অনিল বৰা
ৰসপূৰ্ণ তাত্ত্বিক ৰসৰ সমাহাৰ ‘ৰাসোৎসৱ’
~*~ ৰসপূৰ্ণ তাত্ত্বিক ৰসৰ সমাহাৰ ৰাসোৎসৱ ~*~ৰাসোৎসৱ অসমত অতীজৰে পৰা আঘোণ মাহৰ পূৰ্ণিমাত পালন কৰা হয়। বাদৰায়ন বা ব্যাসদেৱে, ভক্তই শ্ৰীকৃষ্ণ ভকতিৰ ৰহস্যক জনাবৰ উদ্দেশ্যে শৃঙ্গাৰ ৰসৰদ্বাৰা শ্রীমদ্ভাগৱত মহাপুৰাণত ৰাস পঞ্চাধ্যায় সন্নিবিষ্ট কৰিছে। ভাগৱতৰ দশম স্কন্ধৰ ২৯অধ্যায়ৰ পৰা ৩৩ অধ্যায়লৈ এই পঞ্চাধ্যায় আছে। ‘ৰাস’ শব্দটো ‘ৰস’ শব্দৰ পৰা আহিছে। ৰস মানে হ’ল স্বাদ বা আনন্দৰ…
ৰাম জনমভূমিৰ ইতিহাস সোঁৱৰি…
১ ৫২৪ চনত শ্ৰীৰাম চন্দ্ৰৰ জন্মভূমি অযোধ্যাৰ ৰাম মন্দিৰত বাবৰি মজজিদ বনোৱা হৈছিল। মোগল সাম্ৰাজ্য প্ৰতিস্থা হোৱাৰ আগতে তাত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পূজা অৰ্চনা কৰা হৈছিল। বাবৰৰ নাম আছিল জহিৰ উদ্দিন মহম্মদ । তেওঁ ফাৰগানা ঘাটিৰ আন্দিজ্ঞান নামৰ ঠাই (বৰ্ত্তমান উজবেকিস্তান)ৰ পৰা ভাৰতলৈ আহিছিল। দেউতাক ওমৰ শেখ মিৰ্জা সেই ঠাইৰ শাসক আছিল।বাবৰে ভাৰতবৰ্ষক মুঠতে পাঁচ বাৰ…
কিছুমান কথাই যেতিয়া মন চুই যায় …..”
“কিছুমান কথাই যেতিয়া মন চুই যায় …..” “মা গ্ৰন্থ মেলা কেতিয়া বাৰু? মই কিতাপ কেইখনমান কিনিব লাগিছিল । ” গুৱাহাটিত ইমান সোনকালে হয় আমাৰ ইয়াত কিয় দেৰি হয়? পৰীক্ষাৰ মাজতে হ’ব চাগৈ এইবাৰ । কিন্ত্ত মোক কিন্ত্ত লৈ যাবাই দেই । মোৰ লৰাৰ কথাই মোক শৈশৱলৈ গ’ল ….. সৰুৰে পৰা কিতাপ পঢ়ি বৰ ভালপাওঁ ।…
শীতৰ অনুভূতিত
হেমন্তই যেন কঢ়িয়াই আনে শীত অহাৰ বাতৰি , শীতৰ আগমনত সৰি পৰা সৰাপাতেও দি যায় শুকাণ মনৰ এবুকু অনুভূতি । দুৱৰিডৰাত নিয়ৰৰ কণাই গাঁঠি যায় মুকুতাৰ মালা শেৱালিৰ কোমল দলিচাই বননিত শোভা কৰি দি যায় শান্তিৰ বতৰা। সোন বৰণীয়া ধাননিৰ পানীখিনিত বেলিটিৰ এলাহৰ লুকাভাকুয়ে , অন্তৰ আকাশত আশাবোৰ উপচাই হিয়াখন চুই যায় ৰক্তিম আভাৰে। কাতি…
When moonlight shines in the sky
It brings to my mind happiness and joy when moonlight shines in the sky The sunny and stormy wind blows through my hair It creates happy feelings in my soul with cold air My eyes illuminates like a diamond The millions of silver star sparkling on the pond The heart really shine when my dream…
सत्याग्रह और गांधीजी के सात संकल्प published in Purvanchal Prahari
http://pp.glpublications.in/index.php?mod=1&pgnum=6&edcode=1&pagedate=2019-10-02&type&fbclid=IwAR1luEAZwr9gVBkxPk13rMMVXaiQjn7fNScUZF4lGfvTfOvru-g79jE8vEg (c) Priti Rekha Bora
গুৰু দক্ষিণা
পুৰনি প্ৰয়াগত শৃংগৱেৰপুৰ নামেৰে, ভীল নামৰ আদিবাসীসকলৰ ৰাজ্য আছিল। তাৰে ৰজা আছিল মহাপৰাক্ৰমি ব্যাতৰাজ হিৰন্যধনু ।তেওঁৰ বীৰত্বৰ লগত হস্তিনাপুৰ ,মগধ আদিত বিয়পি পৰিছিল। হিৰন্যধনুৰ পত্নী আছিল সুলেখা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল অভিদ্ৰ্যুম আৰু সকলোৱে মাতিছিল অভয় বুলি।অভয় ডাঙৰ হৈ অহাৰ লগে লগে ৰজা হিৰণ্যধনুয়ে কুলগুৰুৰ ওচৰত শিক্ষা লাভৰ বাবে পঠিয়ালে । অতি কম দিনৰ ভিতৰত…
শ্ৰী মদভাগৱত গীতাৰ কথা
শ্ৰীমদভাগৱত গীতাৰ কথাৰে …🙏🙏🙏🙏🙏🙏🙏🙏 (অসমীয়ালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ সময় পালে পঢ়িবছোন।) ‘জয় শ্ৰীকৃষ্ণ’ য়দা য়দা হি ধৰ্মস্য, গ্লানিৰ্ভৱতি ভাৰত। অভ্যুত্থানমধৰ্মস্ব তদাত্মানম সৃজাম্যহম॥ পৰিত্ৰাণয় সাধুনম বিনাশায় ছ দুস্কৃতানম। ধৰ্মসংস্থাপনাৰ্থায় সম্ভাব্যনি যুগে যুগে…॥ “যেতিয়াই ধৰ্ম নাশ হৈ অধৰ্ম বৃদ্ধি হয় তেতিয়াই মই মোৰ স্বৰূপ লৈ মনুষ্যৰ ওচৰত প্ৰকট হওঁ ।সাধুসন্তক উদ্ধাৰ কৰি, পাপীক নাশ কৰি,ধৰ্মক পুনৰ…
শব্দত প্ৰকাশিত সেই স্বৰ্গীয় প্ৰেমৰ নাম “ৰাধা কৃষ্ণ”
ৰাধা ঘৰৰ পৰা ওলাই আহিছিল মনে মনে । বয়সৰ শিপাই ৰাধাৰ শৰীৰত পোখা মেলিছিল। মনৰ সেই কোণত তেতিয়াও কৃষ্ণৰ সেই মূখখনে আমনি কৰিছিল। ৰাধাৰ স্মৃতিৰ মন্দিৰত কেৱল কৃষ্ণ। প্ৰেম এক নিস্বাৰ্থ ভাবনা। কৃষ্ণৰ বাঁহীৰ মাত শুনিবলৈ ৰাধা ব্যাকুল হৈ পৰিছিল।জীৱনৰ প্ৰথম নিঃস্বাৰ্থ প্ৰেমে আকৌ এবাৰ কৃষ্ণক কাষৰপৰা চোৱাৰ হেপাহত উত্তাৱল কৰি তুলিলে। কৃষ্ণ কৃষ্ণ কৃষ্ণ…
*** স্বাধীন ভাৰতৰ কিছু অপ্ৰিয় সত্য কথা ***
মহাত্মা গান্ধীৰ বিছাৰধাৰাৰ প্ৰতি আগ্ৰহী হৈ চৰ্দাৰ বল্লভ ভাই পেটেলে ১৯১৭ চনত গুজৰাটত হোৱা খেড়া আন্দোলনত যোগদান কৰিছিল । বৰষুণৰ অভাৱত গুজৰাটৰ খেড়াত খৰাঙৰ প্ৰভাৱত খেতিপথাৰ চিৰাল ফাট দিছিল ।কিন্ত্ত ইংৰাজে সকলোকে কৰ দিবলৈ বাধ্য কৰোৱাৰ ফলত খেতিয়কসকলৰ দুৰ্দশাৰ লগৰীয়া হৈ পেটেলে ইংৰাজক কৰ দিব নোৱাৰে বুলি ‘ ন’টেক্স কেম্পেন’ বুলি আন্দোলন কৰিছিল। লণ্ডনত বেৰিস্টাৰি…
লিটল বয় এণ্ড ফেট মেন
দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত এডলফ হিটলাৰৰ(Adolf Hitler) নেতৃত্বত নাজীবাহিনী,বেনিট’ মুচলিনিৰ (Benito Musslini)নেতৃত্বত ইটালীৰ সেনাবাহিনী,আৰু জাপানৰ ৰজা হিৰ’হিতুৰ (Emperor Hirohitu) নেতৃত্বত জাপানী সেনাবাহিনী এই তিনিওখন দেশ মিলি গঠন কৰিছিল ‘এক্ছিচ পাৱাৰ ‘( axis power) বা আধাৰ শক্তি ; লগতে আন কেইবাখনো সৰু বৰ দেশে তেওঁলোকক সহযোগ কৰিছিল। থিক সেইদৰে আমেৰিকাত ৰুছভেল্টৰ নেতৃত্বত ( Roosevelt) আমেৰিকাৰ সেনাবাহিনী,গ্ৰেট…
অৰুনোদইৰ পৰা প্ৰান্তিকলৈ [ published in Dainandin Barta on 12-Jul-2019]
Dainandin Barta http://www.dainandinbartagroup.in/fullpage.php?photo=images1/../../../images1/12_July_2019_4.jpg&day1=17&month1=July&%20year1=2019 Priti Rekha Bora 12-Jul-2019
সোঁৱৰনিৰ বালিচৰ ৩
কেতিয়াবা যে শৈশৱৰ সৰু সৰু কথাবোৰে এতিয়া বৰ আমনি কৰে । ভগৱানক লগ পোৱা হ’লে কলোহেতেন মোক এদিনৰ বাবে হ’লেও মোৰ শৈশৱতো ওভতাই দিয়াচোন। এদিন অন্তত হেপাঁহ পলোৱাই চাই লওঁ মোৰ সোনোৱালী শৈশৱতো….***জোনাকী পৰুৱাবোৰৰ পিছে পিছে ঘূৰি সেইবোৰ বটলত ভৰাই আন্ধাৰ ৰূমত থৈ দিছিলো ভাবিছিলো ৰূমতো পোহৰাই তুলিব কিন্ত্ত বন্ধ বটলত অক্সিজেনৰ অভাৱত সিহঁতৰ জোনাকী…
অৰুনোদইৰ পৰা প্ৰান্তিকলৈ
১৮৪৮ চনত ‘অৰুনোদয় ‘সংবাদ পত্ৰ ( যিখনক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক’ব পৰা যায়)শিবসাগৰৰ মিছন প্ৰেছৰপৰা প্ৰকাশ পাইছিল। ড০ নাথান ব্ৰাউন চাহাবৰ সম্পাদনাত আমেৰিকান বাপ্টিষ্ট মিছনাৰী সকলৰ দ্বাৰা প্ৰকাশ পাইছিল;য’ত আনন্দৰাম ঢেকি্য়াল ফুকন ,গুণাভিৰাম বৰুৱা,চন্দ্ৰ কুমাৰ আগৰৱালা আদি বিখ্যাত অসমীয়াই তেওঁলোকৰ সাহিত্যৰ পাতনি মেলিছিল।কিন্ত্ত মিছন প্ৰেছে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে এই পত্ৰ প্ৰকাশ কৰিছিল যদিও…
ৰাষ্ট্ৰপতি ভৱনৰ বিষয়ে
ৰাষ্ট্ৰপতি ভৱনটোৰ বিষয়ে জানো আহক ১৯১০ চনলৈকে ইংৰাজৰ শাসনকালত কলিকতা আছিল তেওঁলোকৰ ৰাজধানী । ১৯১১ চনত ইংৰাজ ৰজা জৰ্জ পঞ্চমে কলিকতাৰ ঠাইত দিল্লীত ৰাজধানী কৰিবলৈ মন মেলিলে। সেই সময়ৰ ভাইচৰয়ে দিল্লীত থাকিবৰ বাবে এনেকুৱা এটা প্ৰসাদ বনাবলৈ মন কৰিছিল যিটোত ভাৰতীয় আৰু ইংৰাজ পৰম্পৰাগত স্থাপত্যকলা (Indian and British architectures ) আৰু ভাস্কৰ্য (Sculpture) নিদৰ্শন তাত…
মোৰ একান্ত ব্যক্তিগত অনুভৱ
নগাঁও সংসদীয় ১০ নং সমষ্টিটোত কংগ্ৰেছ দলৰ পিছতেই ১৯৮৪, ১৯৯১, ১৯৯৬ চনত অসম গণ পৰিষদ দলৰ স্বৰ্গীয় মুহিৰাম শইকীয়া জয়ী হৈছিল আৰু তাৰ পিছতেই ১৯৯৮ চনত পুনৰ কংগ্ৰেছৰ নৃপেন গোস্বামী জয়ী হৈছিল৷তাৰ পিছতেই বিগত ২০ বছৰ ধৰি অৰ্থাৎ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত গেৰুৱা দলৰ পাৰ্থী ৰাজেন গোহাঁইয়ে সাংসদ হিছাপে জয়ী হৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্য…
বৌদ্ধ ধৰ্মৰ চত্বাৰি আৰ্যসত্য
Main page: http://www.dainandinbartagroup.in/ Page#4 http://www.dainandinbartagroup.in/fullpage.php?photo=images1/../../../images1/19_May_2019_4.jpg&day1=19&month1=May&%20year1=2019 বৌদ্ধ ধৰ্মৰ চত্বাৰি আৰ্যসত্য – এটি অৱলোকন বৌদ্ধ ধৰ্মৰ প্ৰতিস্ঠাতা গৌতম বু্দ্ধৰ উপদেশ আৰু বাণীসমূহৰ ওপৰত ভিত্তি কৰিয়েই বৌদ্ধ দৰ্শনৰ গঢ়ি উথিছিল।তেওঁ নৈতিকতাৰ শিক্ষা দিছিল ।তেওঁৰ দৰ্শনত ঈশ্বৰৰ কোনো স্থান নাই ।তেওঁ সাধনাৰ যোগেদি জ্ঞান লাভ কৰিছিল । তেওঁ জ্ঞান লাভ কৰাৰ মূলতেই আছিল জীৱনৰ চৰম সত্যতাক উপলব্ধি কৰা।সত্যোপলব্ধি কৰাৰ…
वुद्व धर्म के चार आर्य सत्य
epaper link:http://pp.glpublications.in/index.php?mod=1&pgnum=10&edcode=1&pagedate=2019-05-17&type= page10: http://pp.glpublications.in/imageview_12209_123554991_4_1_17-05-2019_i_1_sf.html वुद्व धर्म के चार आर्य सत्य गौतम बुद्ध, बौद्ध धर्म के संस्थापक थे।वो भारत के महान दार्शनिक, धर्मगुरु, महान समाज सुधारक थे।सत्य वचन वोलना और अहिंसा को परम धर्म मानना महान आत्मा गौतम बुद्व ने ईस्वर की अस्वीकार करते हुए धर्म प्रचार किया था। और लोगों को भी इसी मार्ग पर…
ধ্বজ্জাবাহক স্বৰূপ অংগবস্ত্ৰখন publised in Dainik Asom
Published in Dainik Asom on 24-Apr-2019 Priti Rekha Bora —————–
অসমীয়া জাতি জনগোষ্ঠীৰ ধ্বজ্জাবাহক স্বৰূপ অংগবস্ত্ৰখন
বিহুৰ উৎপত্তিৰ বিষয়ে এটি লোক বিশ্বাস আছে। বৰদৈচিলা ভূমি দেৱতাৰ জীয়ৰী আছিল আৰু ভূমি দেবতাই জীয়েকক দূৰ দেশলৈ বিয়া দিছিল। প্ৰত্যেক বছৰৰ বসন্ত ঋতুত অৰ্থাৎ চ’ত মাহৰ শেষত বৰদৈচিলা মাকৰ ঘৰলৈ আহে। আৰু তাৰ লগে লগে বিহুৰ আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। এই বৰদৈচিলা এজাক ধুমুহা। সেইদৰে বৰদৈচিলা ঘূৰি যোৱাৰ লগে লগেই বিহুৰ সামৰণি…
“অংগবস্ত্ৰখন” – published in Dainandin Barta
Published in Dainandin Barta
বহাগ
ক’লা হৈ অহা ডাৱৰে বৰদৈচিলাজনী অহাৰ বাতৰি দিলে শুকান পাতবোৰ যেনি তেনি উৰি ন কুঁহিপাতক আদৰণি জনালে । ধুলিয়ৰি মাটিত বৰষুনৰ টোপালে খেতিয়কক মিঠা সুবাস দিলে নাঙল , মৈত হাত বুলাই বলধযোৰলৈ চাই শুকান পথাৰখনত এটি সেৱা জনালে । কুলি কেতিকীৰ মাতত সিও ঢোলত চাপৰ দিলে খিটিক খিটিকৈ মাকো মাৰি তাই বিহুৱানখনত ফুল বাচিলে ।…
ভাৰতৰ স্বতন্ত্ৰতা আৰু ইতিহাস – এদিনৰ সংবাদ
https://www.adinorsombad.com/edition/178/adinor-sombad-epaper-ই-বাতৰিকাকত/page/4
বৰদোৱাৰ ফাকুৱা বা দৌল উৎসৱ
বৰদোৱা এখন পৱিত্ৰ তীৰ্থস্থান৷ নগাওঁ চহৰত এই পবিত্ৰ তীৰ্থস্থানখন অৱস্থিত ।এই বৰদোৱাৰ আলিপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ।১৪৬৮ খ্ৰীষ্টাব্দত মাত্ৰ ১৯ বছৰ বয়সতে শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত সৰ্বপ্ৰথম থান প্ৰতিস্থা কৰি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল ।এই থানকে বটদ্ৰৱা থান বা বৰদোৱা থান বুলি কোৱা হয় । এই থানতে শংকৰদেৱে প্ৰথম নামঘৰ সজাইছিল । দৈনন্দিন…
বৰদোৱাৰ দৌল উৎসৱ
https://www.assamiyakhabor.com/publishfinal/asset/jorhat/20032019/5.html http://dainandinbartagroup.in/fullpage.php?photo=images1/../../../images1/20_March_2019_6.jpg&day1=20&month1=March&%20year1=2019 Priti Rekha Bora
মই ললনাই কৈছো
ছোৱালী এজনী জন্ম হোৱা পিচৰে পৰা মাক দেউতাকৰ চত্ৰ ছায়াত শৈশব পাৰ হোৱাৰ পিছতে ভাই ককাই লগত একেলগে ডাঙৰ হৈও ঘৰৰ কামকাজত মাকক সহায় কৰি লগতে পঢ়া শুনাখিনিও একেলগে আগবঢ়াই নি নিজৰ সকলো দায়িত্ব সুকলমে পালন কৰে। মাক দেউতাকৰ মৰমৰ, ককাই ভাইৰ স্নেহৰ সেই ছোৱালীজনীয়ে সৰুৰে পৰাই ভায়েক ককায়েকৰ বাবে বিভিন্ন ক্ষেত্ৰত ত্যাগ স্বীকাৰ কৰিব…
জেনেভা সন্ধিপত্ৰ (GENEVA Convention)
জেনেভা সন্ধিপত্ৰ ( GENEVA Convention ) কি ? ১৮৬৪ চনত পোন প্ৰথম বাৰ এই চুক্তি হৈছিল । তাৰ পিচত ১৯০৬ চনত আৰু ১৯২৯ চনত । ১৯৪৯ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ পিচতেই ১৯৪ খন দেশে যুদ্ধবন্দী সকলৰ সুৰক্ষা আৰু সন্মানৰ বাবে এই সন্ধিপত্ৰত সাক্ষৰ কৰিছিল । এই চুক্তিৰ কেইটামান মূল কথা ——- ১/ এই চুক্তি মতে…
সাময়িক চিন্তা
সন্ত্রাসবাদ কাৰো কাম্য নহয়। সন্ত্রাসবাদীৰ কোনো মানবীয়তা নাই, কোনো ধৰ্ম নাই, কোনো জাতি নাই, কোনো ভাষা নাই আছে মাথো সন্তাস সৃষ্টি কৰিব পৰা এটা কীট লগা মগজু। জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত ৪০জনৰো অধিক সেনা নিহত হোৱাত, সমগ্ৰ দেশ আজি শোকত ম্ৰিয়মাণ। দেশৰ বাবে জীবন উৎসৰ্গা কৰা এই মহান সৈনিকসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।…
অসম, আমি আৰু মনত পুহি ৰখা কিছুমান প্ৰশ্ন
অসমত বিভিন্ন বিষয়বস্ত্তৰ দাবী আৰু আন্দোলন কৰিবলগা পৰিস্থিতিৰ পিচতে আছে কিছুমান অসন্ত্তষ্টি যিবোৰ অপ্ৰিয় হলেও আজিৰ পৰিস্থিতিৰ লগত সামঞ্জস্য থকাকৈয়ে সত্য। অসম স্বাধীন ভাৰতৰ ভিতৰত আছে যদিও ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহে যি দৰে সুবিধা বোৰ লাভ কৰে থিক সেইদৰে অসমে কিন্ত্ত কেন্দ্রীয় চৰকাৰৰ পৰা বহু ক্ষেত্ৰত সুবিধা লাভ কৰাৰ পৰা বঞ্চিতহে হ’ব লগা হয় ।চীনা আক্রমণৰ…
ছেঙ-লুঙ-মুঙৰ লাচিত অসমৰ গৌৰৱ
১২২৮ খ্ৰীষ্টাব্দত টাই কোঁৱৰ চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰবেশ কৰিছিল তেওঁৰ লগত প্ৰবেশ কৰিছিল লুখুৰাখন সম্প্ৰদায়ৰ মানুহো। তেওঁ দক্ষিণপাৰে কম মানুহ-দুনুহ থকা ঠাই এটুকুৰাত বসবাস কৰিছিল যাৰ নাম দিছিল ‘ছেঙ-লুঙ-মুঙ’। যাৰ অৰ্থ হ’ল ছেঙ মানে -পৱিত্ৰ, লুঙ মানে মহান অথবা বৃহৎ, মুঙ মানে হ’ল ক্ষেত্ৰ বা ৰাজ্য। অৰ্থাৎ এখন পবিত্ৰ ,মহান আৰু বৃহৎ ৰাজ্য। এই ৰাজ্যই…
সোঁৱৰণিৰ বালিচৰত – ২
শ্লেলেটখন প্ৰথমবাৰ পাই খুউৱ ফুৰ্তি লাগিছিল । দেউতা বা মায়ে লিখি দিয়া ‘অ বা আ’টোৰ ওপৰত কেইবাবাৰো ঘঁহি ঘঁহি লিখিছিলো । অলপ কাপোৰ তিয়াই লৈ শ্লেটখন মচি মচি চাফা কৰিছিলো ।কামত নহা পেনবোৰৰ সাফৰত মাটিপেঞ্চিলবোৰ ভৰাই লিখি থকাৰ আমেজেই বেলেগ আছিল । ‘ৰজাই হুকুম দিছে এদিম চেদিম বাই’ কোনে কোনে খলিছিল ? মনত আছেনে ?…
একান্ত ব্যক্তিগত
একান্ত ব্যক্তিগত প্ৰৰোচনামূলক মন্তব্যই আজি অসম জ্বলাইছে । এই ক্ষেত্ৰত সংবাদ মাধ্যমে ( বিশেষকৈ ইলেক্ট্ৰনিক মাধ্যম) মানসিক ভাৰসাম্য হেৰুৱা মানুহবোৰৰ কথাবোৰ বাৰে বাৰে দেখুৱাই সেই উচতনিমূলক মন্তব্যবোৰক আৰু অধিক জনপ্ৰিয় কৰি প্ৰশ্ৰয় দিছিল । আছলতে সংবাদ মাধ্যমৰ দেশৰ বাবে, জাতিৰ বাবে কৰণীয় কাম বহুত । তেনে নেতাৰ কাৰ্যকলাপক আওকাণ কৰক, যি সকলো সময়তেই সংমাদ মাধ্যমৰ…
হস্পিতালৰ নিশাৰ গভীৰতা
জীৱন নামৰ ৰঙ্গমঞ্চ মই ভাল নাপাওঁ মৰিশালিসদৃশ সেই হস্পিতালৰ নিশাৰ গভীৰতা অশৰীৰী প্ৰেতাত্মাই যেন মোৰ পিছালৈ উন্মাদ নৃত্যৰে নুপুৰৰ ধ্বনি তুলিছে । পিচফালে ঘূৰিলেই দীঘল বেকাঁতেৰা ক’ৰিডৰটোৱে ভয় লগাকৈ মোলৈ চাই বুকু কপাঁই দিয়ে । দ্ৰুতিৰে সময় দৌৰিছে মাথো দোভাগ নিশাৰ গভীৰ নিৰ্জনতাক নেওচি কাণত কম্পন তুলিছে ঘড়ীটোৰ টিক টক টিক টক শব্দই । কাষৰ…
পলাশনীৰ সোবাস বিছাৰি
আজি প্ৰায় সকলোৱে পাহৰি যোৱা মহান ব্যক্তিজনক তেওঁৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিছো । পলাশনীৰ সোবাস বিছাৰি নগাওঁ সাহিত্য সভা ভৱনৰ আগত থকা শ্বহীদ অনিল বৰাৰ স্মৃতিসৌধটোয়ে মোৰ মনত আগতে বৰ জিজ্ঞাস জন্মাই । তেতিয়া আমাৰ জন্মই হোৱা নাছিল যদিও দেউতাৰপৰা তেওঁৰ বিষয়ে শুনি বহু কথাই জানিবলৈ মন গৈছিল ।সেই মহান আত্মাৰ আজি জন্মদিন বাবে এই লেখাতো…
অতীতৰ ৰোমন্থনত
অতীতৰ ৰোমন্থনত 😍 “বিশ্বকৰ্মা পূজা” বুলি ক’লেই দেউতাৰ অফিছবোৰলৈ মনত পৰে । দেউতাই বিভিন্ন সময়ত বিভিন্ন অফিচত চাকৰি কৰিছিল । প্ৰতি তিনি চাৰি বছৰৰ মূৰে মূৰে দেউতাৰ Transfer হৈছিল । সৰু থাকোঁতে দেউতাৰ অফিছত ইমান যে ডাঙৰকৈ পূজা পাতে দিনটো আমি তাতেই থাকোঁ আৰু গান চান গাইছিলোঁ । কোৱাৰ্টাৰটোৰ সন্মূখতেই ডাঙৰকৈ পেন্দল দি বিশ্বকৰ্মা পূজাৰ…
“মোৰ লৰাৰ কথাই মোক শৈশৱলৈ লৈ গল” (Published in Dainik Agradoot, an Assamese Daily on 18-Nov-2016)
“মোৰ লৰাৰ কথাই মোক শৈশৱলৈ লৈ গল”
শ্রদ্ধাৰে সোঁৱৰিছো
“মোৰ গানবোৰ বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত হওঁক । বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে মোৰ গান হওঁক তীব্ৰ গতিৰ গান “….. ডঃ ভুপেন হাজৰিকা …এটি সৰু প্ৰয়াস 🙏 মানৱতাবাদী মোৰ শ্ৰদ্ধাৰ শিল্পীজনৰ ওপজা দিন উপলক্ষ্য … –প্ৰীতি ৰেখা বৰা
মূখ্যমন্ত্রী ডাঙৰীয়ালৈ এখনি মুকলি চিঠি
মাননীয় মূখ্যমন্ত্ৰী মহোদয়লৈ এখনি মুকলি চিঠি ১২/০৬/২০১৮ মহোদয় নমস্কাৰ গ্ৰহন কৰিব। অসমত হৈ থকা ঘটনাৰাজিয়ে নিশ্চয় আপোনাকো ৰাতি শান্তিৰে শুৱ দিয়া নাই ।মনলৈ অহা কিছুমান কথাই যেতিয়া উত্তৰ বিচাৰি নাপাই তেতিয়া আপোনাক অবগত কৰোৱাটোৱেই উচিত বুলি ভাবি লিখিলো। ১/অসমৰ খাটি অসমীয়া নিলোৎপল আৰু অভিজিতৰ সেই আৰ্তনাদত যিদৰে আমাৰ হৃদয়ে হাঁহাকাৰ কৰিছে ঠিক সেইদৰে আপোনাৰ হৃদয়ো…
নিলোৎপল আৰু অভিজিতক ঘূৰাই দিয়া আমাক
পাৰিবনে আমাৰ ল’ৰাকিটাক ঘূৰাই দিব?পাৰিবনে মাকৰ উদং বুকুখনক পূৰাব ? পাৰিবনে অভিজিৎ আৰু নিলোৎপলক সিহঁত ঘূৰি অহালৈ অপেক্ষা কৰি থকা বন্ধু কিজনৰ ওচৰলৈ লৈ যাবলৈ ? ধিক তই অসমীয়া ….. কিয় আমি নিজকে অসমীয়া বুলি চিনাকি দিব লাগে নিজৰ মানুহৰ ওচৰত ? কিয় নিজৰ অসমৰ সৌন্দৰ্য উপভোগৰ বাবে আমি সুধী যাব লাগে ? উত্তৰ আছেনে…
মা তোমালৈ বুলি
“মাতৃ দিৱস “উপলক্ষ্যে সকলো আইলৈ হিয়াভৰা শুভেচ্ছা জনালোঁ ১৩/০৫/২০১৮ “মা” তোমাৰ সমান হ’ব কোন “মা ” থুনুক-থানাক মাতেৰে যেতিয়া তোমাক মাতিছিলো , ফেকুৰি ফেকুৰি যেতিয়া তোমাৰ মূখখন বিছাৰি আছিলোঁ , তোমাৰ আঙুলিত খামুচি যেতিয়াই পৃথিবীৰ সকলো সুখ পাইছিলো , তোমাৰ হাতেৰে ফুচুলাই খুৱাই দিয়া সেই ভাতখিনিৰ মধুৰতা….. কাহানিও নাপাহৰোঁ 😇😇😇😇😇 নপঢ়িলে ভৰিত দিয়া সেই কোবকিটা….…
দেউতালৈ মৰমেৰে
” Happy Fathers’ Day ” to all Wonderful Father ১৭/০৬/২০১৮ দেউতালৈ দেউতা গধূলি আপুনি অনা বাদামৰ টোপোলা কিটালে বৰ মনত পৰিছে আজি হেৰাই যাব মন গৈছে শৈশৱৰ সেই দিনবোৰলৈ … চাইকেলত ঘূৰাই লৈ ফুৰা সেই দিনবোৰ … পথাৰ , মাটি , মেল , মিটিং , ভাওনা , নাট .. কিনকিনিয়া বৰষুনত নৈ পাৰত ৰৈ বৰশীত…
চাকৰিৰ পৰীক্ষা
মোৰ অভিজ্ঞতাৰপৰা একাষাৰ 🙂 PNRD ৰ পৰীক্ষাৰ কাৰবাৰবোৰ দেখি আচৰিত লাগিলেও আচলতে বহু পৰীক্ষাৰ ক্ষেত্ৰতে বহু খামখেয়ালী হোৱা দেখা যায়। এনে বহু অভিজ্ঞতা আমাৰো নোহোৱা নহয় । দুবাৰকৈ ACS clear কৰিও কেনে অভিজ্ঞতা হৈছিল সেইবোৰ এতিয়া নকওঁ । বিষয় শিক্ষকৰ মৌখিক পৰীক্ষা দিবলৈ গৈ interview হৈ থকা ৰূমত সোমাই যাওঁতে Sir জনে শুধিছিল গুৱাহাটী কেনেকৈ…
“অসম আমাৰ আমি অসমৰ “
*আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ* ভাৰত স্বাধীন হোৱা বহু বছৰ হ’ল কিন্ত্ত অসমখন স্বাধীন নহৈ এচাম শোষণকাৰীৰ ভোগবিলাসৰ ৰাজঘৰ হৈ থাকিল । কংগ্ৰেছ যেতিয়াই গাদীত আহিছে তেতিয়াই , লগতে বিগত ১৫ বছৰৰ ৰাজত্বত সীমান্তৰ কাটা তাঁৰ উন্মুক্ত ৰাখি ভোট বেংকৰ লাভালাভৰ খেলাত “অবৈধভাৱে কাক ” আমদানী কৰি কেতিয়াবাই অসমীয়াৰ…
অসমীয়া সমাজ ব্যবস্থাত গৰু বিহু আৰু হুচৰি
গৰু বিহু আৰু হুচৰি http://www.dainandinbartagroup.in/fullpage.php
বৌদ্ধ ধৰ্মত নিৰ্বান প্ৰাপ্তিৰ উপায় …এক পৰ্যালোচনা
বৌদ্ধ ধৰ্মত নিৰ্বান http://www.aajnews.in/wp-content/uploads/2018/04/page-4-copy-17.jpg .. বৌদ্ধ ধৰ্মত নিৰ্বান http://www.assamiyakhabor.com/publishfinal/asset/guwahati/current/4.html
“দেউতা জংঘলত থাকে “
একান্ত ব্যক্তিগত….. “দেউতা জংঘলত থাকে ” — কনমানি জনীৰ কথাষাৰে বুকুখনৰ কোনোবা এটি কোনত হেচাঁ মাৰি ধৰিলে । কান্দোনত ভাঙি পৰা অসহায় মানুহগৰাকীৰ সেই দৃশ্যই হয়তু মোৰ দৰে বহুতকে ৰাতি শুৱ দিয়া নাই । কিয় লাগে এনে স্বাধীনতা ? য’ত কেৱল অসমীয়া কিজনেহে প্ৰান আহুতি দিব লাগে? অাছে কেইজন এতিয়া অসমীয়া যি স্বাধীন অসমখনত ৰাজত্ব…
*’Women’*
*’Women’* You were born in the beautiful home of mother’s womb, She has the power to give birth to you with the strength of motherhood. Her heart is beating for you through all the pleasure and pain , When she heard the sound of the kick of the little feet, then she felt that happiness…
এটি ক্ষণৰ অন্তত
এটি ক্ষণৰ অন্তত বতাহ জাকৰ উচুপনিত মন সঞ্চাৰিত হৈ জিকাৰ খাই উঠিছে ভয়ত বিতত মোৰ আত্মাৰূপী শৰীৰ উদীপ্ত সূৰ্য্যটোৱেও যেন আজি ডাৱৰৰ আঁৰত মূখ ঢাকিছে সূৰ্য্যদয়ৰ সেই হেঙুলী কিৰণ লজ্জাত আজি ধূসৰিত । বিশ্ৱব্ৰহ্মান্ডৰ সৌন্দৰ্য্যৰে শুভাসিত বাবেই চাগৈ সেই নৰপিশাচৰ অতহাস্যৰ কিৰিলিত লঠঙা হ’ ল সেই নিস্পাপ প্ৰাণটি কেচাঁ শোনিতেৰে ৰাঙলি কৰা নৰপিশাচৰ দাৱানল নিঃশেষ…
‘ Valentine’ কোন হ’ব পাৰে বাৰু ……?
Hi will you be my Valentine ? ‘ Valentine’ কোন হ’ব পাৰে বাৰু ……? কান্দি থকা কেচুৱাটোৰ ওচৰলৈ দৌৰি অাহি মাকজনীয়ে যেতিয়াই দুহাতেৰে আলফুলেৰে বুকুত সাৱতি লয় তেতিয়া কেচুৱাই কান্দোন বন্ধ কৰি অফুৰন্ত সুখত হাত ভৰি লৰাই সুখ প্ৰকাশ কৰে । দেউতাক অফিচৰ পৰা অহাৰ লগে লগে যেতিয়া সন্তানকিতাই দেউতা বুলি সাৱতি ধৰে , আৰু…
শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত ভক্তিমাৰ্গৰ দ্বাৰা মোক্ষ লাভ – এটি অবলোকণ
পূজ্য দেৱী আৰু নিৰ্যাতিত নাৰী
কিছুমান কথাই যেতিয়া মন চুই যায় …..
“কিছুমান কথাই যেতিয়া মন চুই যায় …..” “মা গ্ৰন্থ মেলা কেতিয়া বাৰু? মই কিতাপ কেইখনমান কিনিব লাগিছিল । ” মোৰ লৰাৰ কথাই মোক শৈশৱলৈ গ’ল ….. সৰুৰে পৰা কিতাপ পঢ়ি বৰ ভালপাওঁ । সফুঁৰা, ছান্দমামা,ছাৰ্লচ হোমসৰ সিৰিজ,মৌচাক ,টিংকল,টিনটিনআৰু সেই সময়ত ওলোৱা বিভিন্ন আলোচনী বোৰে মোক যেন এখন বেলেগ ৰাজ্যলৈ লৈ গৈছিল । কিতাপ পঢাৰ ইমানেই…
জুয়ে পুৰা অসমৰ কিছু স্মৃতি …
This is the post excerpt.
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Just quiet reflections.