Writings
& Reflections
Essays, poems, and cultural reflections by Dr. Priti Rekha Bora.
Words that touch.
Lessons that stay.
All Writings
অনুভৱ
বিশ্বাস কোনো মানুহকে অন্ধভাৱে বিশ্বাস কৰিব নালাগে মানুহক এনেদৰে বিশ্বাস নকৰিব যে নিজৰ বিবেচনা, আত্মসম্মান বা বিচাৰবুদ্ধি সম্পূৰ্ণকৈ এৰি দিব লগা হয়। বিশ্বাস নিশ্চয়েই এটি সুন্দৰ অনুভূতি। ই হৃদয়ক বান্ধি ৰাখে, সম্পৰ্কবোৰ দৃঢ় কৰে ৷ কিন্তু যেতিয়া বিশ্বাস ’অন্ধ’ হৈ যায়,তেতিয়া সেই একে বিশ্বাসেই কেতিয়াবা গভীৰ আঘাতৰ কাৰণ হৈ উঠিব পাৰে। সময়ৰ লগে লগে মানুহ…
FEELINGS
The “mind” is a subtle and profound part of a human being. It cannot be seen with the eyes, yet it can be deeply felt. The mind is the source of our thoughts, emotions, desires, dreams, and imagination. When we feel happy, we smile; when we feel sad, we cry. When we like or dislike…
অনুভৱ
‘মন’ হৈছে মানুহৰ অন্তৰৰ এটা সূক্ষ্ম আৰু গভীৰ অংশ, যাক চকুৰে দেখা নাযায় কিন্তু অনুভৱ কৰিব পৰা যায়। মনেই হৈছে আমাৰ চিন্তা, অনুভূতি, ইচ্ছা, সপোন আৰু কল্পনাৰ আধাৰ। আমি যেতিয়া সুখ অনুভৱ কৰোঁ তেতিয়া আমি হাঁহো, আমি যেতিয়া দুখ অনুভৱ কৰোঁ তেতিয়া আমি কান্দো, কিবাকিবি ভাল পাওঁ বা কিবাকিবি বেয়া পাওঁ, খং কৰোঁ,আবেগিক হওঁ, সিদ্ধান্ত…
FEELINGS
Many times in our lives, we love the people who come into our world, and slowly a deep closeness grows with them. Gradually, we begin to expect them to be the way we imagine. We hope they become the way we want them to be. We want them to think like us, feel like us,…
অনুভৱ:
আমি বহুসময়ত আমাৰ জীৱনলৈ অহা বহু মানুহক ভালপাওঁ আৰু তেওঁলোকৰ লগত আমাৰ অন্তৰংগতা গঢ়ি উঠে ৷লাহে লাহে আমি তেওঁলোকক নিজে ভবা ধৰণেৰে বিচাৰিব ধৰোঁ৷আমি আশা কৰোঁ তেওঁলোক আমি বিচাৰাৰ দৰে হওক ৷তেওঁলোকে আমাৰ দৰে ভাবক,আমাৰ দৰে অনুভৱ কৰক,আমি বিচাৰৰ দৰে সলনি হওক। কিন্তু সঁচা কথাটো হ’ল হ’ল— আমি নিজে থকাৰ দৰে প্ৰত্যেক মানুহেই নিজৰ এখন…
অনুভৱ
নাৰীৰ নীৰৱতা এগৰাকী নাৰী কেতিয়াবা নীৰৱ হৈ থাকে,কাৰণ পিছফালৰ কঠিন শব্দৰ কোলাহলত নিজৰ মৰ্যাদা হেৰুৱাব নিবিচাৰে। মানুহে পিছফালে যি কয়, সেইবোৰ শব্দই তাইৰ হৃদয়ক স্পৰ্শ নকৰে বুলি নহয় ,স্পৰ্শ কৰে , কেতিয়াবা বেদনাও দিয়ে। কিন্তু তাই সদায় হাঁহিমূখে আগবাঢ়ে। কাৰণ তাই জানে , নিজৰ সপোন, নিজৰ কাম, নিজৰ পৰিচয়, নিজৰ আত্মসম্মান আনৰ সৰু চিন্তাতকৈ বহু…
শিৱ কোন ? শিৱৰাত্ৰি কিয় পালন কৰা হয় ?
হিন্দুসকলে শিৱক পূজা কৰে কাৰণ শিৱ হ’ল জীৱনৰ ,বিনাশ, ৰূপান্তৰ আৰু আভ্যন্তৰীণ শান্তিৰ গভীৰ আধ্যাত্মিক সত্যৰ প্ৰতীক। হিন্দু ধৰ্মবিশ্বাস অনুসাৰে শিৱ কেৱল এজন দেবতা নহয়—তেওঁ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত শক্তিশালী ৰূপত সমতা স্হাপন কৰে আৰু চিৰন্তন সত্যৰ এক প্ৰতীক ৷ তেওঁ হ’ল – ১/বিনাশক আৰু ৰূপান্তৰকাৰী হিন্দু দৰ্শনত সৃষ্টিৰ তিনিটা মুখ্য শক্তি আছে— সৃষ্টি, পালন আৰু বিনাশ।…
সোৱৰণিৰ বালিচৰ ৮
সেই যে স্কুলত শিক্ষক দিৱসত এটকা এটা দি টিকট এখন লৈ আলপিনটোৰে ফ্ৰকটোত লগাই থোৱা দিনবোৰ মনত আছেনে ? একো বুজি নোপোৱা দিনবোৰ ৷আগদিনা ৰাতি দুখনমান আৰ্ট পেপাৰত দুপাহমান ফুল আঁকি ৰং পেঞ্চিলেৰে ৰং বুলাই ছাৰ বাইদেউলৈ লৈ যোৱা দিনবোৰ ৷ শ্ৰদ্ধা ,ভয়ৰ মাজত থকা ভালপোৱাবোৰ৷ অযত্নৰ মাজেৰে তেওঁলোকলৈ যত্নৰে কৰা সেই ড্ৰয়িংবোৰৰ মাজত আছিল…
অহংকাৰ
আপুনি কেতিয়াবা বিশেষ অহংকাৰী মানুহৰ সন্মুখীন হৈছেনে ? কিছুমান ব্যক্তিৰ ,তেওঁলোকৰ আচৰণে আনক কেনেদৰে প্ৰভাৱিত কৰে সেইটো চিনি পোৱাৰ ক্ষমতাৰ অভাৱ ৷লালন-পালন , পৰিৱেশ, হয়তু সফলতা আৰু ক্ষমতা, শ্ৰেষ্ঠত্ব প্ৰমানৰ ইচ্ছা শক্তিয়ে তেওঁলোকৰ মানসিক স্হিতি এনেদৰে কাবু কৰি ৰাখে যে সকলো পৰিবেশতে তেওঁলোকৰ মূখাবয়ৱ আৰু শাৰীৰিক স্হিতিয়ে যি বিচাৰ ভাৱনা ব্যক্ত কৰে তাত তেওঁলোকক অহংকাৰী হিচাপে দেখা…
নিসংগতা
কেতিয়াবা, মানুহে নিজৰ বাবে অকলে থাকিব বিচাৰে— হয়তো কিছু মানসিক শান্তি বিচাৰি ,বা নিজকে অলপ শান্তি দিবলৈ,বা নিজকে ভালকৈ বুজিবলৈ ৷কেতিয়াবা অকলশৰীয়াকৈ থাকিব বিচাৰে মানসিক চাপৰ পৰা অলপ দুৰৈত থাকিবলৈ ৷ নিজৰ মনৰ ভিতৰত দোদুল্যমান অবস্থাত থকা দুখবোৰক সংগ দিবলৈও কেতিয়াবা মানুহৰ নিসংগতা ভাল লাগে ৷ অবাস্তৱ আশাবোৰ সপোনৰ ৰূপত বাস্তৱ হোৱাৰ পৰিকল্পনা কৰিবলৈ ইচ্ছা…
জীৱনৰ ৰংবোৰ হেৰাব নিদিব
জীৱনৰ ৰংবোৰ হেৰাব নিদিব জীৱনটো স্ফুৰ্তি ,আনন্দ, দুখ,সংগ্ৰাম, প্ৰত্যাহ্বানৰ মুহূৰ্তৰে ভৰা এক অবিশ্বাস্য যাত্ৰা। জীৱন যেন এটা কেনভাছ🏖️ য’ত আমি আমাৰ সপোনবোৰ সদায় আঁকো🖌️,সচাকৈয়ে এখন কিতাপ 🏖️য’ত প্ৰতিদিনে 📖পৃষ্ঠা লুটিয়ালে এটি নতুন অধ্যায়✒️ দেখা যায়৷ আবেলিৰ বেলিটোৰ🌝 হেঙুলীয়াখিনিৰ পিছৰ আন্ধাৰতে⚫ প্ৰতিটো নিৰাশা যেন শেষ হয় প্ৰতিটো পুৱাৰ সূৰ্য্য উদয়ে 🌞🌻জীৱনলৈ আশাৰ এক নতুন আৰম্ভণি আনে…
জীৱনৰ উদ্দেশ্য
জীৱনৰ উদ্দেশ্য কেৱল বস্তুবাদী মনেৰে সুখী হোৱা নহয়, বৰঞ্চ আমাৰ ওচৰে পাজৰে থকা সকলোৰে বাবে সন্মানসহকাৰে আপোন হোৱা আৰু দয়ালু হোৱা লগতে পৃথিৱীখনক আপুনি পোৱাতকৈ আৰু বেছি ভালকৈ দি যোৱা। জীৱনত নিজক ভালকৈ বুজি পোৱা, তাৰ পিছতহে নিজৰ ভাললগাখিনি পাবলৈ চেষ্টা কৰাৰ লগতে ক্ষমা ,সততা ,প্ৰেম আৰু দয়াৰে কৰ্ম কৰা ৷সেই উদ্দেশ্যৰ মাজত নিজক যদি …
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Just quiet reflections.